ETV Bharat / state

বাক্সা জিলাৰ বৰমাত ৰাষ্ট্ৰীয় পোষণ মাহ পালন

author img

By

Published : Sep 27, 2022, 8:18 PM IST

National Nutrition Month at Bashka
বাক্সা জিলাৰ বৰমাত ৰাষ্ট্ৰীয় পোষন মাহ পালন

পোষণ অভিযান বা ৰাষ্ট্ৰীয় পুষ্টি অভিযান হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্যসূচী । এই অভিযান ৬ বছৰ বয়সলৈকে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু স্তন্যপান কৰাই থকা মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ বাবে আৰম্ভ কৰা হৈছে । ইয়াৰ সৈতে সংগতি ৰাখি বাক্সা জিলাৰ বৰমাৰ দলবাৰী একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ (National Nutrition Month at Bashka) ।

বাক্সা, 27 ছেপ্টেম্বৰ: গ্ৰামাঞ্চলকে ধৰি প্ৰতিটো প্ৰান্তৰ প্ৰতিটো ঘৰে ঘৰে শিশু সকলে যাতে পুষ্টিকৰ খাদ্য লাভ কৰি সু-স্বাস্থ্যৱান হৈ উঠে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । চৰকাৰৰ নিৰ্দেশনা অনুসৰি বাক্সা জিলাতো হাতত লৈছে পোষণ মাহৰ মাহযোৰা কাৰ্যসূচী । বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰ অন্তৰ্গত দলবাৰী একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত পালন কৰা (National Nutrition Month at Barama) হয় ৰাষ্ট্ৰীয় পোষণ মাহ ।

সেই উপলক্ষে বিদ্যালয়খনত ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ উপায়ুক্ত মাচন্দা পাৰ্টিন, অতিৰিক্ত উপায়ুক্ত বন্তী তালুকদাৰ, বাক্সা জিলা বিদ্যালয়ৰ পৰিদৰ্শক, একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী আদি ।

বাক্সা জিলাৰ বৰমাত ৰাষ্ট্ৰীয় পোষন মাহ পালন

উল্লেখ্য যে, ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ চলি থকা ৰাষ্ট্ৰীয় পোষণ মাহত বিশেষকৈ গৰ্ভাৱতী মহিলাসকলক পুষ্টিকৰ খাদ্য খুওৱা, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত পুষ্টিকৰ খাদ্য সম্পৰ্কে জাগৰণ সৃষ্টিৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Pusan month in Baksa) ৷ ছাত্ৰ-ছাত্ৰী সকলে খাদ্যৰ ওপৰত এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । উল্লেখ্য যে, আজি একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সন্মুখত এশ জোপা গছ পুলি ৰোপন কৰা হয় ।

ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্যসূচী । ভাৰতত পোষণ অভিযানক গতি প্ৰদান কৰিবলৈ ২০১৮ চনৰ ২৪ জুলাইত ভাৰতৰ পুষ্টি প্ৰত্যাহ্বানৰ ওপৰত ৰাষ্ট্ৰীয় পৰিষদে ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই মাহত সকলো ভাৰতৰ সমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা তৃণমূল স্তৰলৈকে পুষ্টি সজাগতা সম্পৰ্কীয় কাৰ্যকলাপ সম্পন্ন কৰা হয় ।

লগতে পঢ়ক: পূজাৰ পিচতেই অসমলৈ আহিব অমিত শ্বাহ-জেপি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.