ETV Bharat / state

এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ভাৰত-ভূটান সীমান্তবাসী

author img

By

Published : Jul 26, 2019, 12:59 PM IST

এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ভাৰত-ভূটান সীমান্তবাসী

বানপানী,বন্যহস্তীয়ে জুৰুলা কৰা ভাৰত-ভূটান সীমান্তবাসীয়ে দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে খোৱাপানী, চিকিৎসা ব্যৱস্থা আদিৰ পৰা ৷ নিমাত বিভাগীয় কৰ্তৃপক্ষ ৷ গাঁওবাসীৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি অহা নাই বন বিভাগ, জল-সম্পদ বিভাগ অথবা জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷

বাক্সা,26জুলাইঃ সমস্যাই যেন লগ নেৰে ভাৰত-ভূটান সীমান্তৱৰ্তী ২ নং দোঙাৰগাঁৱৰ জনসাধাৰণক ৷ কেতিয়াবা যদি বানপানীয়ে জুৰুলা কৰিছে গাঁৱৰ সাধাৰণ ৰাইজক ,আন কেতিয়াবা আকৌ বন্যহস্তীয়ে আক্ৰমণ চলাইছে নিৰীহ গাঁওবাসীৰ মাজত ৷ দীৰ্ঘদিন ধৰি খোৱাপানী আৰু উন্নত চিকিৎসা ব্যৱস্থাৰ পৰাও বঞ্চিত হৈ আহিছে গাঁও খনৰ ৰাইজ ৷

বাৰিষাৰ উপৰিও খৰালিও ভূটানৰ পাহাৰত যদি বৰষুণ হয় তেন্তে গাঁওখনেৰে বৈ যোৱা বৰনদীয়ে নৈপৰীয়া জনসাধাৰণ ৰাইজৰ ঘৰদুৱাৰ বুৰাই পেলাই । বাৰিষা আহিলে আতংকিত হৈ পৰে নৈ পৰিয়া ৰাইজ । শেহতীয়াকৈ হৈ যোৱা বানপানীয়ে বেয়াকৈ জুৰুলা কৰি গ'ল নৈপৰীয়া সাধাৰণ ৰাইজক ৷ প্ৰায় 100 বিঘা মাটিৰ পথাৰৰ পকা ধান পানীয়ে নষ্ট কৰাৰ ফলত এতিয়া মূৰে-কপালে হাত দিছে সাধাৰণ কৃষক ৰাইজে ৷ আনহাতে, নৈৰ বুকুত জাহ গৈছে গাঁও খনৰ 150 বিঘা মাটি ৷ খহনীয়াৰ ফলত এতিয়া অন্য ঠাইলৈ ঢাপলি মেলিছে কেইবাটাও পৰিয়ালে ৷

ইয়াৰোপৰি,নিশা হ'লেই বনৰীয়া হাতীয়ে গাঁও খনত সোমাই ঘৰ দুৱাৰ ভাঙি,ভৰালৰ ধান চাউল খাই তহিলং কৰে । প্ৰায়েই বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হয় সাধাৰণ ৰাইজ । আনহাতে,গাঁও খনত নাই কোনো উন্নত খোৱা পানী আৰু চিকিৎসা ব্যৱস্থা । নৈৰ বালিচৰত গাঁত খান্দি সেই গাঁতৰ পৰাই পানী সংগ্ৰহ কৰে গাঁওবাসীয়ে ৷ কিন্তু,এই ক্ষেত্ৰত নিমাত বিভাগীয় কৰ্তৃপক্ষ ৷ গাঁওবাসীৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি অহা নাই বন বিভাগ, জল-সম্পদ বিভাগ অথবা জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷ চৰকাৰৰ কোনো আচঁনিয়ে ঢুকি পোৱা নাই গাঁও খনক ৷ শীঘ্ৰেই এই সমস্যা সমূহ পূৰণৰ বাবে চৰকাৰক দাবী জনাইছে সাধাৰণ ৰাইজে ৷

Intro:তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ ২ নং দোঙাৰগাৱৰ জনসাধৰণ এতিয়া এশ এবুৰি সমস্যা ৰে ভাৰাক্ৰান্ত।
কেতিয়াবা যদি বানপানী আহিছে কেতিয়াবা আহিছে বনৰীয়া হাতী।খোৱাপানী, চিকিৎসা সেৱাৰ নাই কোনো উন্নত সুবিধা।Body:তামুলপুৰ,
২৬/৭/১৯
তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ ২নং দোঙাৰগাৱ ৰ জনসাধাৰণে এশ এবুৰি সমস্যা ৰে জীৱন নিৰ্বাহ কৰি আছে।গাওঁখন কেতিয়াবা যদি বানপানী য়ে আক্ৰমন কৰে কেতিয়াবা আকৌ বনৰীয়া হাতীয়ে ঘৰবাৰী ভাঙি তহিলং কৰে।খোৱাপানী, চিকিৎসা সেৱাৰ নাই কোনো উন্নত সুবিধা।
বাৰিষাৰ উপৰিও শৰালিও ভূটান পাহাৰত যদি বৰষুণ হয় তেতিয়া গাওখনেৰে বৈ যোৱা বৰনদীয়ে নৈপৰীয়া জনসাধাৰণৰ ঘৰদুৱাৰ বুৰাই পেলাই।বাৰিষা আহিলে আতংকিত হৈ পৰে নৈ পৰিয়া ৰাইজ।শেহতীয়া কৈ হৈ যোৱা বানপানী য়ে গাও খন থানবান কৰি লৈ গৈছে।প্ৰায় ১০০বিঘা মাটিৰ পথাৰৰ পকা ধান পানীয়ে মহতীয়াই নিয়াৰ ফলত কৃষক ৰাইজে ধান চপাব নোৱাৰি মুৰে কপালে হাত দিয়াৰ পৰিবেশ এতিয়া দোঙাৰগাৱত।নৈ খনৰ তিব্ৰ সোতৰ ফলত গড়াখহনীয়াও চকুৰ সমুখতে চপৰা চপৰে খহায় প্ৰায় ১৫০ বিঘা মাটি নৈৰ বুকুত নিশেষ কৰিছে। খহনীয়া ৰ ফলত বহুকেইটা পৰিয়াল অন্য ঠাইলৈ ঢাপলি মেলিছে। বানপানী আৰু খহনীয়া ৰ উপৰিও ভূতৰ ওপৰত দানৱ পৰা দি নিশা হলে বনৰীয়া হাতীয়ে গাওখনত সোমাই ঘৰ দুৱাৰ ভাঙি ,ভৰালৰ ধান চাউল খাই তহিলং কৰে।সময়ে সময়ে হাতীয়ে মুনুহকো আক্ৰমণ কৰি হত্যা কৰে।
ইয়াৰ উপৰিও গাওখনত নাই কোনো উন্নত খোৱা পানী আৰু চিকিৎসা ব্যৱস্থা। নৈৰ বালিচৰত গাত খান্দি সেই গাতত নিগৰিত হোৱা পানী সংগ্ৰহ কৰি নিবাৰণ কৰি আহিছে তৃষ্ণা।এনে পানী সেৱন কৰাৰ ফলত বিভিন্ন ৰোগ সংক্ৰমণিত হয় গাও বাসিৰ।
গাওখনলৈ চৰকাৰৰ নাই কোনো সহযোগিতা। অসম চৰকাৰৰ জলসম্পথ বিভাগৰ খহনীয়া ৰ প্ৰতি নাই কোনো গুৰুত্ব।জনস্বাস্থ কাৰিকৰী বিভাগ আৰু বন বিভাগৰো নাই কোনো উন্নত আচনি।

সেয়েহে গাঁৱৰ ৰাইজে কোনোৱে যদি চৰকাৰক সমস্যা সমাধানৰ বাবে অনুৰোধ কৰিছে কোনোৱে আকৌ গালি পৰিছে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিব আহি এতিয়া গাওবাসিক খৱৰ নোলোৱা বাবে।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.