ETV Bharat / state

Cyber crime in Baska: বাক্সাত দুজন কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

author img

By

Published : Oct 19, 2022, 7:57 PM IST

cyber-criminal-arrest-by-baska-police
বাক্সাত দুজন কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

বুধবাৰে বাক্সা আৰক্ষীৰ জালত পৰিল ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ এটা চক্ৰ ৷ জামতাৰা আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে জালত পৰিল ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ এটা চক্ৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই দুটা কুখ্যাত চাইবাৰী অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Cyber criminal arrest by Baska police) ৷

বাক্সা, ১৯ অক্টোবৰ: চাইবাৰ অপৰাধীয়ে এতিয়া এক প্ৰকাৰ আতংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধী (Cyber crime in India) ৷ এখনৰ পাচত আন এখন ৰাজ্যত বাঢ়ি গৈ আছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ শেহতীয়াভাৱে অসমত অতি ভয়ানক ভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা (Cyber crime in Assam) ৷ বিভিন্ন চল-চাতুৰিৰে এই চক্ৰটোৱে বহুজনৰ পৰা সৰকাইছে হাজাৰ হাজাৰ ধন ৷ ৰাজ্যখনত দৈনিক সংঘটিত হৈছে চাইবাৰ অপৰাধৰ ন ন ঘটনা ৷

এইবাৰ বাক্সাতো পোহৰলৈ আহিছে ঝাৰখণ্ডৰ জামতাৰাৰ পৰা চলাই যোৱা চাইবাৰ অপৰাধীৰ অধিপত্যৰ ঘটনা (Cyber crime in Baska) ৷ বুধবাৰে বাক্সা আৰক্ষীৰ জালত পৰিল ঝাৰখণ্ডৰ এটা চাইবাৰ অপৰাধী চক্ৰ ৷ জামতাৰা আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিল ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ চক্ৰটোৰ সদস্য ৷ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলোৱা এই অভিযানত আৰক্ষীয়ে দুটা কুখ্যাত চাইবাৰী অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Cyber criminal arrest by Baska police) ৷

বাক্সাত দুজন কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধী চক্ৰটোৰ এজনে নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি ভুৱা ফোন কলেৰে বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত বনিয়াকুছিৰ এজন প্ৰাক্তন সেনা জোৱান অমৃত দাসৰ একাউণ্টৰ পৰা ধন লুট কৰিছিল ৷ পাছত ভুক্তভোগী প্ৰাক্তন সেনা জোৱানজনৰ অভিযোগৰ ভিত্তিত বাক্সা আৰক্ষীয়ে অনুসন্ধান চলাই জামতাৰা আৰক্ষীৰ সহযোগত কুখ্যাত অপৰাধী দুটাক গ্ৰেপ্তাৰ কৰি জিম্মাত লয় ৷

আৰক্ষীৰ জালত পৰা অভিযুক্ত দুজন হৈছে জামতাৰাৰ নাৰায়নপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওৱাং কুদীয়া গাঁৱৰ আফজাল আনছাৰী আৰু আকতাৰ আনছাৰী ৷ এই দুজন অভিযুক্তই অসমৰ বিভিন্ন জিলাৰ ভিন্ন ব্যক্তিৰ পৰা ইতিমধ্যে মোটা পৰিমানৰ ধন সৰকাইছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে শিমলা থানাত এই দুই চাইবাৰ অপৰাধীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে, বিগত আগষ্ট মাহতো বাক্সা জিলাৰ শালবাৰীৰ শিমলা আৰক্ষীৰ জালত পৰিছিল ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ এটা চক্ৰ (Cyber criminal arrest by baska police in Jharkhand)৷ নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি ভুৱা ফোনকলেৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিভিন্ন উপভোক্তাৰ একাউণ্টৰ পৰা ধন লুট কৰি আহিছিল এই চক্ৰটোৱে ৷

পাছত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত শিমলা থানাৰ আৰক্ষী বিষয়া অভিজিৎ গগৈৰ লগত আৰক্ষীৰ এটা দলে অভিযান চলাই ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল তিনি অভিযুক্তক । আৰক্ষীৰ জালত পৰা অভিযুক্ত কেইজন ঝাৰখণ্ডৰ ছিটাকাটা গাঁৱৰ অভিষেক দাস, অপু কুমাৰ দাস আৰু নন্দন দাস ৷

ঘটনা অনুসৰি, শিমলাৰ বিৰফুং বসুমতাৰী নামৰ ব্যক্তি এজনৰ পৰা কেইদিনমান পূৰ্বে এই চক্ৰটোৱে ভুৱা ফোনকলেৰে SBI YONO Software এক্টিভ কৰি দিয়াৰ কথা কৈ বিশেষ কায়দাৰে তথ্য সংগ্ৰহ কৰি সৰকাইছিল ২২,৫০০ হেজাৰ টকা ৷ ইয়াৰ পাছতে ভুক্তভোগী বসুমতাৰীয়ে শিমলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।

তেওঁৰ এজাহাৰৰ ভিত্তিতে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰি অৱশেষত ঝাৰখণ্ড আৰক্ষীৰ সহযোগত জামতাৰা জিলাৰ ছিটাকাটা গাঁৱৰ পৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: DTO office Jr Assistant arrested : পুনৰ গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.