ETV Bharat / state

বৰমাত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৰ সংবাদমেল

author img

By

Published : Feb 23, 2021, 7:36 AM IST

বৰমা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৰ সংবাদমেল
বৰমা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৰ সংবাদমেল

সমাগত বিধাসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে ৷ পিছপৰি ৰোৱা নাই কংগ্ৰেছ দল ৷ বৰমা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

বাক্সা,23 ফেব্ৰুৱাৰীঃ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে নিজ নিজ দলৰ হৈ টিকট বিচৰাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ৬২নং বৰমা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দল ৷

ইতিমধ্যে কংগ্ৰেছ দলৰ হৈ টিকট বিচাৰি আবেদন কৰিছে নিৰেণ ৰাভা আৰু এপিচিচিৰ সদস্য প্ৰফুল্ল বড়োৱে ৷ টিকট লাভ কৰাৰ পূৰ্বে প্ৰফুল্ল বড়োৱে সমষ্টিটোত নিৰ্বাচনী কুজ-কাৱাজ আৰম্ভ কৰা দেখা গৈছে ৷ সমষ্টিৰ একাংশ লোকে প্ৰফুল্ল বড়োক আদৰি লোৱা বুলি জানিব দিছে নেতা গৰাকীয়ে ৷

বৰমা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰফুল্ল বড়োৰ সংবাদমেল

উল্লেখ্য যে, এই সমষ্টিৰ পৰা পূৰ্বে কংগ্ৰেছ দলটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল পানীৰাম ৰাভা ৷ কিন্তু পৰৱৰ্তী সময়ছোৱাত বিগত 15 বছৰে বিপিএফে দখল কৰি আছে এই সমষ্টি ৷

লগতে পঢ়কঃ এজন জনপ্ৰতিনিধিৰ নূন্যতম যোগ্যতা কি হোৱা উচিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.