ETV Bharat / state

সংখ্যালঘুৰ ভোটেৰে বিটিচিত জয়ী হ’ব বিজেপি

author img

By

Published : Nov 9, 2020, 7:32 AM IST

bjp minority cell meeting
bjp minority cell meeting

তামুলপুৰত বাক্সা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা ৷ বিটিচি নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰাবলৈ সংখ্যালঘু ভোটাৰক আহ্বান বিধায়ক ইমামুৱেল মুছাহাৰী, বিজেপিৰ ৰাজ্যিক সংখ্যা লঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানকে ধৰি বিভিন্নজনৰ ৷

বাক্সা, 9 নবেম্বৰ : ‘‘বিজেপি এটা সংস্কৃতিবান ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৷ বিজেপিয়ে কেতিয়াও হিন্দু-মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰা নাই’’ ৷ বাক্সা জিলাৰ তামুলপুৰত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য কৰে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷ বিধায়কগৰাকীয়ে লগতে কয় যে,নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ সংখ্যালঘু লোক সকলৰ উন্নয়নৰ কাৰণে শৈক্ষিক,আৰ্থিক আদি ভিন্ন দিশৰ উন্নয়নৰ বাবে বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰিছে ৷ বিজেপি চৰকাৰে সংখ্যালঘু লোক সকলৰ বাবে কংগ্ৰেছৰ চৰকাৰৰ দিনতকৈ তিনিগুণ বেছি কাম কৰিছে বুলি দাবী কৰে বিধায়ক গৰাকীয়ে ৷

বাক্সা জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি ইমামউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশ গ্ৰহণ কৰি বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সংখ্যালঘু ৰাইজৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ সম্পৰ্কত সংখ্যালঘু ৰাইজৰ মাজলৈ গৈ বুজাই দিয়াৰ বাবে দলৰ কাৰ্যকৰ্তা সকলক আহ্বান জনায় ৷ সভাত অংশ গ্ৰহণ কৰি ২৬ নম্বৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী দেবেন বড়োৱে কয় যে, বিগত সময়ছোৱাত বিপিএফ দলে বিটিচিৰ সংখ্যালঘু ৰাইজৰ বাবে একোৱেই নকৰিলে ৷ সেয়ে সংখ্যালঘু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ বিটিআৰৰ সংখ্যালঘু ৰাইজে বিজেপি দলক ভোট দি বিপিএফ উৎখাত কৰিব লাগে ৷

bjp minority cell meeting
বাক্সা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

সভাত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সংখ্যা লঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে বৃহত্তৰ অসমীয়া জাতি গঠনত সংখ্যা লঘু ৰাইজৰ ভুমিকা অসীম বুলি মন্তব্য কৰে ৷ ইয়াৰ লগতে সম্পাদকগৰাকীয়ে কয় যে, দেশে স্বাধীনতা লাভ কৰা পাচত বহু চৰকাৰ আহিল-গ’ল কিন্তু ৰাজ্যত বসবাস কৰা সংখ্যা লঘু ৰাইজৰ কোনো ধৰণৰ উন্নয়ন নহল ৷ কিন্ত নৰেন্দ্ৰ মোদী নেতৃত্বত দেশত বিজেপি চৰকাৰ গঠন হোৱাৰ পাচতে বিজেপি চৰকাৰে সংখ্যা লঘু লোকৰ সকলৰ বাবে বিভিন্ন উন্নয়ন মূলক আঁচনি গ্ৰহণ কৰে ৷ সংখ্যালঘু ৰাইজে এতিয়া বিজেপি চৰকাৰৰ আঁচনি সমুহৰ সুবিধা গ্ৰহণ কৰিব লাগে ৷ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিত আকৃষ্ট হৈ সংখ্যালঘু ৰাইজ বিজেপি দলৰ সমৰ্থনত মাৰ বান্ধি ওলাই আহিছে বুলি সভাত ব্যক্ত কৰে মুক্তাৰ হুছেইন খানে ৷ সংখ্যালঘু ৰাইজৰ বিপুল সমৰ্থনতে এইবাৰ বিজেপি দলে বিটিআৰৰ মছনদ দখল কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ সম্পাদক খানৰ ৷

bjp minority cell meeting
সংখ্যালঘুৰ ভোটেৰে বিটিচিত জয়ী হ’ব বিজেপি

বাক্সা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মহিবুদ্দিন আহমেদে আঁত ধৰা এই সভাত ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মোস্তাক উদ্দিন আহমেদ, বাক্সা জিলা সংখ্যালঘু মৰ্চাৰ উপসভাপতি ফায়েজউদ্দিন আহমেদ, তামুলপুৰ মহকুমা সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি ইক্ৰাম হুছেইন, ২৮ নম্বৰ গয়বাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমন্ত ৰাভা, ৰাজ্যিক বিজেপিৰ আমন্ত্ৰিত সদস্য হৰেন্দ্ৰ নাথ ৰাভা, বাক্সা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো, কৰণ ছেত্ৰীৰ লগতে বাক্সা জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত চিকিৎসালয়, বিশ্ববিদ্যালয় স্থাপন কৰিব আজমলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.