ETV Bharat / state

Viral phone call in Baska: বালি মহলৰ পৰা গুণ্ডাকৰ সংগ্ৰহৰ কথা অস্বীকাৰ বিজেপি নেতাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:50 PM IST

Allegation of collecting gunda tax against BJP
বাস্কা প্ৰেছ ক্লাৱ বৰমাত বিজেপিৰ সংবাদমেল

বাক্সাত বালি মহলৰ পৰা অবৈধভাৱে গুণ্ডাকৰ সংগ্ৰহ সন্দৰ্ভত চাফাই গালে দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কুমুদ দাসে । বহিস্কৃত সদস্যই ভাইৰেল কৰিছিল ফোন কল ।

বাস্কা প্ৰেছ ক্লাৱ বৰমাত বিজেপিৰ সংবাদমেল

বাক্সা, ৫ ছেপ্টেম্বৰ: বালি মহলৰ পৰা অবৈধভাৱে গুণ্ডাকৰ সংগ্ৰহ কৰিব বিচৰা এটা ফোন কল ভাইৰেল হোৱাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কুমুদ দাস আৰু দলৰ বাক্সা জিলাৰ সভাপতি শৰৎ শৰ্মাই । উল্লেখ্য় যে কেইদিনমান পূৰ্বে বাক্সা জিলা এছ টি মৰ্চাৰ সভাপতি মধুৰাম নাৰ্জাৰীৰ মোৱাইল ফোনৰ পৰা বাক্সা জিলা এছ টি মৰ্চাৰ বহিস্কৃত সদস্য বিকাশ বৈশ্যই বাক্সা জিলাৰ বালি মহলৰ পৰা অবৈধ কৰ সংগ্ৰহৰ কাৰণে অনুমতি বিচাৰি ফোন কৰিছিল ৰাজ্যিক কাৰ্যনিৰ্বাহক কুমুদ দাসক ।

বহু সময় ধৰি ফোন কৰি কুমুদ দাসক বিৰক্তি কৰাত বিজেপি নেতা কুমুদ দাসে এই বিষয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক সুধিব লাগিব বুলি মন্তব্য কৰিছিল । কিন্তু তেওঁলোকৰ মাজত হোৱা কথোপকথনৰ অডিঅটো এই বালি মহলৰ লগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা জড়িত থকা বুলি একাংশ সংবাদ মাধ্যমে অপপ্ৰচাৰ কৰাত মঙলবাৰে বাক্সা প্ৰেছ ক্লাৱ বৰমাত এক সংবাদমেল যোগে বিজেপি নেতা কুমুদ দাস আৰু জিলা সভাপতি শৰৎ শৰ্মাই সকলো কথা স্পষ্ট কৰি দিয়ে ।

বালি মহলৰ পৰা অবৈধ কৰ সংগ্ৰহৰ ক্ষেত্ৰত কোনো অনুমতি নিদিয়াত এছ টি মৰ্চাৰ জিলা সভাপতি মধুৰাম নাৰ্জাৰী আৰু বিজেপিৰ পৰা বহিস্কৃত সদস্য বিকাশ বৈশ্যই ফোন কলটো ভাইৰেল কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু বিজেপি এছটি মৰ্চাৰ সম্পাদক কুমুদ দাসক ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছিল । বালি মহলৰ লগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি মিছা অপপ্ৰচাৰ চলাই একাংশ সংবাদ মাধ্যমে বিজেপিক ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে বুলি মন্তব্য কৰে বিজেপিৰ কাৰ্যনিৰ্বাহক কুমুদ দাসে ।

লগতে পঢ়ক:Suspended Inspector Boro: সৰ্বকালৰ ৫০খন শ্ৰেষ্ঠ ভাৰতীয় একচন ছবিৰ ভিতৰত ১৪ নম্বৰত স্থান লাভ এখন অসমীয়া ছবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.