ETV Bharat / state

Suspended Inspector Boro: সৰ্বকালৰ ৫০খন শ্ৰেষ্ঠ ভাৰতীয় একচন ছবিৰ ভিতৰত ১৪ নম্বৰত স্থান লাভ এখন অসমীয়া ছবিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 1:54 PM IST

Updated : Sep 5, 2023, 4:46 PM IST

কেনী বসুমতাৰীৰ "Suspended Inspector Boro" ছবিখনলৈ আহিছে এক সুখবৰ ৷ ৫০ খন একচন ছবিৰ তালিকাত নাম আহিল ছবিখনৰ ।

Kenny Basumatarys Suspended Inspector Boro ranked 14th among the 50 greatest Indian action films of all time
কেনী বসুমতাৰীৰ "Suspended Inspector Boro" ছবিখনলৈ আহিছে এক সুখবৰ

কেনী বসুমতাৰীৰ "Suspended Inspector Boro" ছবিখনলৈ আহিছে এক সুখবৰ

গুৱাহাটী, ৫ ছেপ্তেম্বৰ: সৰ্বকালৰ ৫০ খন ভাৰতীয় একচন ছবিৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে এখন অসমীয়া ছবিয়ে । Mint Lounge নামৰ Website টোয়ে শেহতীয়াকৈ চলোৱা এটা সমীক্ষাত নিৰ্বাচিত কৰা হৈছে সৰ্বকালৰ ৫০ খন ভাৰতীয় একচন ছবি ৷

মন কৰিবলগীয়া কথা যে এই ৫০ খন ভাৰতীয় একচন ছবিত স্থান লাভ কৰিছে কেনী বসুমতাৰীৰ Suspended Inspector Boro নামৰ অসমীয়া ছবিখনে ৷ ৫০ খন ছবিৰ ভিতৰত ১৪ নম্বৰ স্থান লাভ কৰিছে কেনী বসুমতাৰীৰ Suspended Inspector Boro ছবিখনে ।

আনহাতে এই সমীক্ষাত প্ৰথম স্থান লাভ কৰিছে দক্ষিণৰ তেলেগু ভাষাৰ ছবি RRR য়ে, দ্বিতীয় স্থান লাভ কৰিছে বলিউডৰ WAR আৰু তৃতীয় স্থান লাভ কৰিছে দক্ষিণৰ Baahubali: The Beginning (2015, Telugu) এ। ৭০ দশকৰ পৰা এতিয়ালৈ মুক্তি লাভ কৰা সকলো ছবিৰ ভিতৰত ১৪ নম্বৰত স্থান লাভ কৰিছে Suspended Inspector Boro ছবিখনে ৷ এতিয়া এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ পৰিচালক কেনী বসুমতাৰী‌।

Website টোৱে এই খবৰ প্ৰকাশ কৰাৰ লগে লগে সংবাদ মাধ্যমৰ আগত কেনী বসুমতাৰী‌য়ে মন্তব্য কৰি কয়- এই ছবিখন প্ৰস্তুত কৰোঁতে আমি যিখিনি কষ্ট কৰিছিলো, Suspended Inspector Boro ৰ প্ৰতিজন কলা-কুশলীয়ে যিখিনি কষ্ট কৰিছে সেই কষ্টৰ ফল আমি আজি পাইছোঁ । বিশেষকৈ এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ Website ৰ সমীক্ষা । লগতে তেওঁ উল্লেখ কৰি কয়- এই সমীক্ষাত শ্বৌলে, KGF, RRR, বাগী, পাঠান, এক থা টাইগাৰ, WAR, বাহুবলী আদি ছবিয়েও স্থান পাইছে। বলিউড তথা দক্ষিণৰ ছবিৰ ভিতৰত Suspended Inspector Boro ১৪ নম্বৰ স্থান লাভ কৰাত আমি আনন্দিত।

Suspended Inspector Boro ৰ বিষয়ে

কেনী বসুমতাৰীয়ে পৰিচালনা "Suspended Inspector Boro ছবিখনত তেওঁ নিজেই অভিনয় কৰিছে ৷ কেনীৰ বসুমতাৰীৰ উপৰিও এই ছবিখনত অভিনয় কৰিছে উৎকল হাজোৱাৰী, সুনীত বৰা, পুনম গুৰুং, অনুপম কৌশিক বৰা, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, মণ্টু দেউৰী আৰু ঈপ্সিতা হাজৰিকাই ।

লগতে পঢ়ক: Arjun Bhanjan Nat: নাৰায়ণপুৰৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ মুকলি মঞ্চত প্ৰদৰ্শিত হ’ল অৰ্জ্জুন ভঞ্জন নাট

Last Updated :Sep 5, 2023, 4:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.