ETV Bharat / state

বাক্সাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ

author img

By

Published : Aug 26, 2019, 4:13 PM IST

বাক্সাৰ দাৰাগাঁৱত  প্ৰকৃতিপ্ৰেমীৰ ভিৰ

বাক্সাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ ৷ প্ৰকৃতিৰ নিৰ্মল শীতল পানীয়ে হাত বাউল দি মাতিছে সকলোকে

বাক্সা,26 আগষ্টঃ বাক্সা জিলাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ ৷ হিমালয়ৰ পৰা নামি অহা পানীত এবাৰ গা ধুৱাবলৈ ঢাপলি মেলিছে বহু প্ৰকৃতিপ্ৰেমী ৷ মূলত বড়ো আৰু নেপালী লোকৰ এই গাঁওখন বৰমাত থকা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে মুছলপুৰ-নিকাচি হৈ প্ৰায় ২৫ কিলোমিটাৰ মান দূৰত্বত ভাৰত ভূটান সীমান্তত অৱস্থিত ৷ গাঁওখনলৈ এতিয়া সোঁত বৈছে অগণন লোকৰ ৷ কিন্তু কিয় ? চাওক এই প্ৰতিবেদন...

বাক্সাৰ দাৰাগাঁৱত প্ৰকৃতিপ্ৰেমীৰ ভিৰ
Intro:বাক্সা জিলাৰ দাৰাগাৱলৈ গা ধুৱাবলৈ ভীৰ প্ৰকৃতিপ্ৰেমীৰBody:শীতল পানীত গা ধুই আনন্দ লৈছে ৷
বাক্সা,
প্ৰকৃতিৰ নিৰ্মল, শীতল পানীয়ে হাত বাউল দি মাতিছে বাক্সা জিলাৰ নিকাচি হৈ দাৰাগাৱলৈ ৷ হিমালয়ৰ পৰা নামি আহা ভাৰত- ভূটান সীমান্তত এতিয়া শীতল পানীত এবাৰ গা ধুৱাবলৈ ঢাপলি মেলিছে বহু প্ৰকৃতিপ্ৰেমীয়ে ৷ যিমানেই গৰম পৰিছে সীমানেই প্ৰকৃতিপ্ৰেমী লোক সকলে ঢাপলি মেলিছে দাৰাগাৱলৈ ৷ কিয়নো হিমালয়ৰ পৰা বৈ অহা শীতল পানীত এবা হলেও গাধুৱলৈ হেপাহ সকলোৰে ৷ সেয়েহে এতিয়া ভিৰ কৰিছে ৷
বাক্সা জিলাৰ বৰমাত থকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে মুছলপুৰ - নিকাচি হৈ প্ৰায় ২৫ কিলোমিটাৰ মান দুৰত্বত অৱস্থিত ভাৰত ভূটান সীমান্তৰ এই দাৰাগাৱলৈ ৷ ইয়াত থকা গাওঁ সমুহ বড়ো আৰু নেপালী ৷
বাক্সাৰ পৰা দিলীপ বড়ো ৷ Conclusion:Picnic place
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.