ETV Bharat / state

বাক্সাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Oct 30, 2020, 7:45 PM IST

baksa  protest aginest at French prseident Emmanuel Macron
বাক্সাৰ কালপানী বজাৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ইছলাম ধৰ্মৰ প্ৰীয় নবী হজৰত মহম্মদক লৈ কৰা মন্তব্যৰ বিৰোধিতাৰে শুকুৰবাৰে বাক্সাৰ শালবাৰীৰ কালপানী বজাৰত ইণ্ডিয়া ইমামচ কাউন্সিলৰ বাক্সা জিলা সমিতিয়ে ফ্ৰান্সৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বৰমা,৩০ অক্টোবৰঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মন্তব্যক লৈ সমগ্ৰ বিশ্বতে অব্যাহত আছে প্ৰতিবাদ। বিশেষকৈ মুছলমান প্ৰধান ৰাষ্ট্ৰসমূহত ফ্ৰান্সৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত আছে ।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ইছলাম ধৰ্মৰ প্ৰীয় নবী হজৰত মহম্মদক লৈ কৰা মন্তব্যৰ বিৰোধিতাৰে শুকুৰবাৰে বাক্সাৰ শালবাৰীৰ কালপানী বজাৰত ইণ্ডিয়া ইমামচ কাউন্সিলৰ বাক্সা জিলা সমিতিয়ে ফ্ৰান্সৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত কাৰ্যসূচীত ফ্ৰান্সক বয়কট কৰক,ফ্ৰান্স মুৰ্দাবাদ আদি শ্ল’গান দি উত্তাল কৰি তোলে কালপানীৰ পৰিৱেশ।

সংগঠনটোৱে তেওঁলোকৰ প্ৰীয় নবী হজৰত মহম্মদক লৈ ফান্সৰ ৰাষ্ট্ৰপতিয়ে কৰা মন্তব্যক গৰিহণা প্ৰদান কৰাৰ লগতে মুছলমান ৰাষ্ট্ৰসমূহক ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক।

লগতে পঢ়কঃ দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযুক্তক অন্তৱৰ্তীকালীন জামিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.