ETV Bharat / state

শিশু-মহিলাৰ পোষণক জন-আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 1, 2022, 5:02 PM IST

5th poshan maah observed at sankardev kalaxetra auditorium
শিশু আৰু মহিলাৰ পোষণক জনআন্দোলনলৈ ৰূপান্তৰিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিশু আৰু মহিলাৰ পোষণক অসমত জন-আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান(Himanta Biswa Sarma) । বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত ৰাইজলৈ এই আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷

গুৱাহাটী,1 চেপ্তেম্বৰ: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সভাকক্ষত বৃহস্পতিবাৰে আয়োজন কৰা হয় পঞ্চম সংখ্যক ৰাষ্ট্ৰীয় পোষণ মাহ( Sankardev Kalaxetra auditorium)৷ অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শিশু আৰু মহিলাৰ পোষণক অসমত জন-আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

5th poshan maah observed at sankardev kalaxetra auditorium
শিশু আৰু মহিলাৰ পোষণক জনআন্দোলনলৈ ৰূপান্তৰিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মানুহৰ সুস্বাস্থ্যৰ বাবে পৰিপুষ্টি অতি গুৰুত্বপূৰ্ণ । বিশেষকৈ শিশু আৰু মাতৃৰ পৰিপুষ্টি অতি জৰুৰী । কিন্তু আমাৰ দেশত শিশু আৰু মাতৃৰ পৰিপুষ্টিহীনতা ডাঙৰ সমস্যা ৰূপে দেখা দি আহিছে । শিশু আৰু মাতৃৰ পৰিপুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Narendra Modi) দেশত 2018 চনৰ মাৰ্চ মাহৰ পৰা ৰাষ্ট্ৰীয় পোষণ অভিযান আৰম্ভ কৰিছিল ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৰাষ্ট্ৰীয় পোষণ অভিযানৰ ছটা লক্ষ্য নিদ্ধাৰণ কৰা হৈছে (5th Poshan maah) । জম্মৰ পৰা ছয় বছৰৰ তলৰ বয়সৰ শিশুৰ পৰিপুষ্টিৰ যতন লোৱা , গৰ্ভৱতী আৰু প্ৰসূতিৰ পৰিপুষ্টিৰ যতন লোৱা, গৰ্ভৱতী আৰু প্ৰসূতিৰ ৰক্তহীনতাৰ যতন লোৱা আদি ৰাষ্ট্ৰীয় পোষণ অভিযানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে । অসমত এই অভিযান এশ শতাংশ সফল কৰাৰ বাবে চেষ্টা কৰা হৈছে ।

5th poshan maah observed at sankardev kalaxetra auditorium
শিশু আৰু মহিলাৰ পোষণক জনআন্দোলনলৈ ৰূপান্তৰিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

2019 চনত অসমত এই অভিযান এশ শতাংশ সফল কৰাৰ বাবে চৰকাৰী উদ্যোগত এক বিশেষ গোট গঠন কৰা হৈছে । অংগনৱাড়ী কৰ্মীসকলৰ জৰিয়তে পোষণ অভিযান সফল কৰাৰ বাবে অংগনৱাড়ী কৰ্মীসকলক পোষণ ট্টেকাৰ ম'বাইল এপ পৰিচালনা কৰাৰ বাবে 61,690 টা ম'বাইল ফোন বিতৰণ কৰা হৈছে । পোষণ ট্টেকাৰ ম'বাইল এপৰ জৰিয়তে অসমত 42 লাখ 89 হাজাৰ 529 গৰাকী শিশু পঞ্জীয়ন কৰা হৈছে ।

5th poshan maah observed at sankardev kalaxetra auditorium
শিশু আৰু মহিলাৰ পোষণক জনআন্দোলনলৈ ৰূপান্তৰিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত 65 হাজাৰটা অংগনৱাড়ী কেন্দ্ৰ আছে । ইয়াৰে 20 হাজাৰটা অংগনৱাড়ী কেন্দ্ৰ একেখন গাৱঁত একেবাৰে ওচৰে-পাজৰে আছে আৰু এই অংগনৱাড়ী কেন্দ্ৰবোৰ একেলগ কৰি এটা অংগনৱাড়ী কেন্দ্ৰ গঠন কৰা হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে । অৱশ্যে অংগনৱাড়ী কেন্দ্ৰবোৰৰ কৰ্মীসকলৰ চাকৰিৰ কোনো সালসলনি নঘটে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জম্ম নিয়ন্ত্ৰণৰ ওপৰতো মতামত আগবঢ়ায় । সভাত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ(Minister Ajanta Neog), মহিলা আৰু শিশু বিকাশ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক বিভাষ মোডী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: সিদ্ধ কণী নোপোৱাৰ বাবে অংগনৱাড়ী কৰ্মীক প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.