ETV Bharat / state

সিদ্ধ কণী নোপোৱাৰ বাবে অংগনৱাড়ী কৰ্মীক প্ৰহাৰ

author img

By

Published : Sep 1, 2022, 3:15 PM IST

বৰপেটাৰ হাউলীৰ অংগনৱাড়ী কেন্দ্ৰত আচৰিত ঘটনা । সিদ্ধ কণী নোপোৱাৰ বাবে অংগনৱাড়ী কৰ্মীক আক্ৰমণ কৰিলে এক দম্পতীয়ে (Anganwadi worker attacked in Barpeta)। কণী নিদিলে অংগনৱাড়ী কেন্দ্ৰত তলা লগোৱাৰ হুংকাৰ । ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা ।

bar
সিদ্ধ কণী নোপোৱাৰ বাবে অংগনবাড়ী কৰ্মীক প্ৰহাৰ

বৰপেটা,১ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ হাউলীৰ এটা অংগনৱাড়ী কেন্দ্ৰত তীব্ৰ উত্তেজনা । কালঝাৰ গাঁৱৰ ২নং অংগনৱাড়ী কেন্দ্ৰটোত প্ৰচণ্ড মাৰপিটৰ ঘটনা (Anganwadi worker beaten up)। অংগনৱাড়ী কৰ্মীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে অভিভাৱকে । শিশুৰ অভিভাৱকক মাত্ৰ এটা সিদ্ধ কণী নিদিয়াটোৱে অপৰাধ হ'ল অংগনৱাড়ী কৰ্মীগৰাকীৰ । ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

সিদ্ধ কণী নোপোৱাৰ বাবে অংগনবাড়ী কৰ্মীক প্ৰহাৰ

জানিব পৰা মতে হাউলীৰ অংগনৱাড়ী কেন্দ্ৰটোত আন দিনাৰ দৰে শিশুসকলৰ মাজত সিদ্ধ কণী বিতৰণ কৰা হৈছিল ৷ সেই সময়তে কেন্দ্ৰটোত উপস্থিত হৈছিল স্থানীয় হাফিজুৰ খান আৰু তেওঁৰ পত্নী চান ভানু খাতুন । অভিযোগ অনুসৰি তেওঁলোকে অংগনৱাড়ী কৰ্মীগৰাকীক সিদ্ধ কণী বিচাৰিছিল । কিন্তু অংগনৱাড়ী কেন্দ্ৰত উপস্থিত নথকা কোনো শিশুৰ নামত কণী দিয়া নহ'ব বুলি ক'লে অংগনৱাড়ী কৰ্মীগৰাকীয়ে ।

তেনেকৈ কোৱাৰ লগে লগে স্বামী-স্ত্ৰীয়ে প্ৰথমে অংগনৱাড়ী কৰ্মীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় । তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু অংগনৱাড়ী কৰ্মীগৰাকীক তেওঁলোকে প্ৰচণ্ড মাৰপিট কৰে (Tense situation at anganwadi centre in Howly)। দম্পতীটোৱে অংগনৱাড়ী কৰ্মী সাহাতন আহমেদক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে ।

ইফালে ঘটনাৰ পাছতে কান্দোনত ভাগি পৰে ভুক্তভোগী অংগনৱাড়ী কৰ্মীগৰাকী । অভিযোগ অনুসৰি কণী নোপোৱাৰ বাবে হাফিজুৰ খানে অংগনৱাড়ী কেন্দ্ৰটোত তলা লগোৱাৰো হুংকাৰ দিছে ৷ তিনিদিন পূৰ্বে সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Howly Anganwadi center incident)।

বহু লোকে প্ৰশ্ন কৰিছে আচলতে ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহত কি চলিছে ? শিশুৰ শাৰীৰিক, মানসিক আৰু শৈক্ষিক বিকাশৰ বাবে স্থাপন কৰা অংগনৱাড়ী কেন্দ্ৰবোৰ আচলতে সেই মহৎ উদ্দেশ্যৰেই চলি আছে নে ? চৰকাৰে কেৱল কেন্দ্ৰবোৰ স্থাপন কৰি বাঃ বাঃ লৈছে নেকি ? অংগনৱাড়ী কেন্দ্ৰত শিশুৰ সামগ্ৰিক বিকাশৰ বাবে চেষ্টা চলোৱা হৈছে নে নাই, সেয়া অনুসন্ধান কৰিছে নে চৰকাৰে ? নে এনেদৰেই ক’ৰবাত কণীৰ বাবে যুঁজ, ক’ৰবাত আকৌ জৰাজীৰ্ণ গৃহত পাঠদান আদিতে সীমাবদ্ধ হৈ ৰৈছে অসমৰ অংগনৱাড়ী কেন্দ্ৰ ? ৰাইজৰ মনত এই বিষয়ক লৈ এতিয়া বিভিন্ন প্ৰশ্ন ।

লগতে পঢ়ক :চিকিৎসকে প্ৰসূতিৰ অস্ত্ৰোপচাৰ কৰি পুনৰ গৰ্ভত ভৰাই থ’লে সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.