বেডমিন্টনত মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ পি ভি সিন্ধুৰ

author img

By

Published : Jul 30, 2021, 3:44 PM IST

Tokyo Olympics, Day 8: PV Sindhu thrashes Akane Yamaguchi, storms into semi-finals

শুকুৰবাৰে আয়োজক দেশ টকিঅ’ৰ আকানে য়ামাগুছিক (Akane Yamaguchi) পৰাস্ত কৰি বেডমিন্টত মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় তাৰকা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুৱে (P V Sindhu) ৷

স্পৰ্টছ ডেস্ক, 30 জুলাই : টকিঅ’ অলিম্পিকৰ (Tokyo Olympics 2020) বেডমিন্টনত মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধুৰ (P V Sindhu) ৷ মুছাহিন’ৰ ফৰেষ্ট প্লাজাৰ কোৰ্ট 1ত শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত আয়োজক দেশ টকিঅ’ৰ জনপ্ৰিয় খেলুৱৈ আকানে য়ামাগুছিক (Akane Yamaguchi) পৰাস্ত কৰে সিন্ধুৱে ৷ সিন্ধুৱে 21-13 22-20ত খেলখনত জয়লাভ কৰে ৷

প্ৰথম ছেটত য়ামাগুছিয়ে সুন্দৰভাৱে আৰম্ভ কৰি 5-3ত আগুৱাবলৈ সক্ষম হয় ৷ কিন্তু সিন্ধুৱে নিজৰ ক্ৰছ স্মেছ (cross smashes) আৰু পিন পইন্ট ড্ৰপ (pin point drop) শ্বটৰ দ্বাৰা 8-6ত নেতৃত্ব ল’বলৈ সক্ষম হয় ৷ প্ৰথম ৰাউণ্ডটো সিন্ধুৰ আধিপত্যত 21-13 ত সমাপ্ত হয় ৷

এই মেছখনৰ পূৰ্বে জাপানৰ বিৰুদ্ধে তেওঁৰ 11-3ৰ ৰেকৰ্ড আছিল ৷ সিন্ধুৱে চলিত বৰ্ষৰে মাৰ্চত অনুষ্ঠিত All England Championshipত জাপানৰ খেলুৱৈগৰাকীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক- Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.