Tokyo Olympics : মিয়া ব্লিচফেল্ডৰ বিৰুদ্ধে পিভি সিন্ধুৰ সহজ জয়

author img

By

Published : Jul 29, 2021, 10:09 AM IST

tokyo-olympics-day-7-pv-sindhu-beats-mia-in-straight-sets-sails-into-quarterfinals

টকিঅ' অলিম্পিক ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ড(Mia Blichfeldt )ক বিশ্ব চেম্পিয়ন পি ভি সিন্ধু( PV Sindhu)ৱে বৃহস্পতিবাৰে এক পোনপটীয়া ছেটত পৰাস্ত কৰে ৷ চিৰাগ চেট্টী আৰু সতৱিক চাইৰাজ ৰংগিৰেড্ডী দ্বৈত প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত বেডমিণ্টনত ভাৰতৰ একমাত্ৰ আশা ৰিঅ' অলিম্পিকত দেশৰ বাবে ৰূপৰ পদক কঢ়িয়াই অনা পিভি সিন্ধু ।

স্পেৰ্টছ ডেস্ক, 29 জুলাই : বিশ্ব চেম্পিয়ন পি ভি সিন্ধু( PV Sindhu)ৱে বৃহস্পতিবাৰে বিশ্বৰ ১২ নম্বৰ খেলুৱৈ ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ড(Mia Blichfeldt )ক পোনপটীয়া ছেটত পৰাস্ত কৰে ৷ সিন্ধুৱে টকিঅ' অলিম্পিকৰ মুছাশিনো ফৰেষ্ট প্লাজা ক'ৰ্ট ৩ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷ এই খেলখন এইবাৰৰ অলিম্পিকত সিন্ধুৰ প্ৰথম নকআউট মেচ আছিল ৷ সম্প্ৰতি বিশ্বৰ ৭ নম্বৰ স্থানত থকা খেলুৱৈ সিন্ধুৱে এই বিজয় খুব সহজেই সাব্যস্ত কৰিছিল ৷

প্ৰথম ছেটত তেওঁ সহজেই ২১-১৫ ৰ ব্যৱাধানত জয় লাভ কৰে আৰু এই ছেটটো ২১ মিনিট ধৰি চলিছিল । দ্বিতীয় ছেটতো, মিয়াৰ বাবে জীৱন মৰণৰ খেল সদৃশ আছিল ৷ কিন্তু, এই ছেটতো সিন্ধুৱে অলপ সময়ৰ ভিতৰতে 5-0 ৰ ব্যৱধান আগবঢ়াইছিল । খেলখনৰ আধা সময়লৈকে সিন্ধুৱে এই ব্যৱধান প্ৰায় দুগুণলৈ বৃদ্ধি কৰা দেখা গৈছিল ৷

লগতে পঢ়ক : Tokyo Olympics : পুৰুষৰ হকীত ভাৰতৰ হাতত ৩-১ গ'লত পৰাস্ত আৰ্জেণ্টিনা

সেই সময়ত স্কোৰকাৰ্ডত দুয়োৰে মাজত 13-7 ৰ ব্যৱধান আছিল । দ্বিতীয় ছেটত ফাইনেল স্কোৰ আছিল 21-13 ।

মন কৰিব লগীয়া যে, চিৰাগ চেট্টী আৰু সতৱিক চাইৰাজ ৰংকিৰেড্ডী দ্বৈত প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত সিন্ধু এতিয়া বেডমিণ্টনত ভাৰতৰ একমাত্ৰ আশা । পিভি সিন্ধুৱে ৰিঅ' অলিম্পিকত দেশৰ বাবে ৰূপৰ পদক কঢ়িয়াই আনিছিল ৷ খেলুৱৈ গৰাকী ডাঙৰ টুৰ্ণামেণ্টত নিজৰ আক্ৰমণাত্মক প্ৰদৰ্শনৰ বাবে সমগ্ৰ বিশ্বত জনাজাত ।

লগতে পঢ়ক : Tokyo Olympics: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ বক্সাৰ পূজা ৰাণীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.