Tokyo Olympics : পুৰুষৰ হকীত ভাৰতৰ হাতত ৩-১ গ'লত পৰাস্ত আৰ্জেণ্টিনা

author img

By

Published : Jul 29, 2021, 9:29 AM IST

tokyo-olympics-day-7-india-beat-argentina-3-1-in-hockey

অলিম্পিকত ভাৰতীয় দলৰ বিজয় যাত্ৰা অব্যাহত ৷ বৃহস্পতিবাৰে ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ৩-১ গ'লত পৰাস্ত কৰে ।

স্পোৰ্টছ, 29 জুলাই : টকিঅ' অলিম্পিক(Tokyo Olympics)ৰ অ'আই হকী ষ্টেডিয়াম(OI hockey stadium)ৰ উত্তৰ পিটছ(north pitch)ত হকীত বৃহস্পতিবাৰে ভাৰতে আৰ্জেণ্টিনাক ৩-১ গ'লত পৰাস্ত কৰে । বিশেষকৈ, প্ৰথম দুটা কোৱাৰ্টাৰত (half time) এক দৰ্শনীয় প্ৰদৰ্শনৰ দ্বাৰা ভাৰতীয় দলটোৱে প্ৰভাৱশালী স্থিতিত অচল হৈ আছিল ৷ খেলখনৰ ২৩ মিনিটত অধিনায়ক হৰমনপ্ৰীত সিং(skipper Harmanpreet Singh) গ'ল দিয়াৰ পৰা বঞ্চিত হৈছিল ।

খেলখনৰ অৰ্ধসময় যোৱালৈকে দলটোৱে বেছিভাগ সময় তেওঁলোকৰ সুযোগ সফল কৰাত ব্যৰ্থ হৈছিল ৷ ৪৩ মিনিটত বৰুণৰ ড্ৰেগ ফ্লিকৰ পিছত ভাৰতীয় দলটো অলিম্পিকৰ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাত(Olympic defending champions Argentina)কৈ আগবাঢ়ি গৈছিল । ৪৮ মিনিটত আৰ্জেণ্টিনাৰ কেচেলা শ্বুথে কিছু পৰিমাণে তেওঁলোকৰ সপক্ষে খেলখন লৈ যোৱাত সফলতা লাভ কৰে । সেই সময়ত স্কোৰকাৰ্ডত দুয়ো দলৰ ফলাফল আছিল 1-1 ।

শৰণাৰ্থীৰ আক্ৰমণৰ বলি হোৱা কোন এইসকল খিলঞ্জীয়া ?

পিছলৈ বিবেক প্ৰসাদে আৰ্জেণ্টিনাৰ বিৰুদ্ধে এটা গ'ল প্ৰদান কৰে । তেওঁক অনুসৰণ কৰি অধিনায়ক হৰমনপ্ৰীত সিঙেও গ’ল দিবলৈ সক্ষম হয় । ১৯৮০ চনৰ ৰোম অলিম্পিক(Rome Olympics)ত স্বৰ্ণ লাভৰ পিছৰে পৰা ভাৰতীয় দলটোৱে এটা পদকৰ বাবে অপেক্ষা কৰি আছে । ভাৰতীয় দলটোৱে ২০১২ চনত লণ্ডন অলিম্পিকত দ্বাদশ স্থানত নিজৰ যাত্ৰা শেষ কৰাৰ পিছত এইবেলি আগবঢ়োৱা খেলে দলটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.