ETV Bharat / sports

Olympics 2020: মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ধনুৰ্বিদ দিপীকা কুমাৰী

author img

By

Published : Jul 30, 2021, 3:16 PM IST

শুকুৰাবাৰে অনুষ্ঠিত টকিঅ’ অলিম্পিকৰ (Tokyo Olympics 2020) আৰ্চাৰীৰ মহিলাৰ একক শাখাত পৰাজয়বৰণ কৰে ধনুৰ্বিদ দিপীকা কুমাৰী ৷ কোৰিয়ান ধনুৰ্বিদ আন ছানৰ হাতত পৰাস্ত হয় ভাৰতীয় আৰ্চাৰগৰাকী ৷

Deepika kumari lost her women's individual quarter finals to Korea
Olympics 2020: মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ধনুৰ্বিদ দিপীকা কুমাৰী

স্পৰ্টছ ডেস্ক, 30 জুলাই : টকিঅ’ অলিম্পিকৰ (Tokyo Olympics 2020) কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াৰ আন ছানৰ (An San) হাতত 0-6ৰ ব্যৱধানত পৰাজিত হয় ভাৰতীয় মহিলা ধনুৰ্বিদ (Archer) দিপীকা কুমাৰী (Deepika Kumari) ৷ ইতিমধ্যেই টকিঅ’ অলিম্পিকৰ Women’s team আৰু Mixed Team Eventত জয়লাভ কৰিছে 20 বছৰীয়া ধনুৰ্বিদ আন ছান (An San) ৷ শুকুৰবাৰৰ খেলখনত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগনবঢ়োৱা সত্বেও অতি সহজে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ল কোৰিয়ান ধনুৰ্বিদগৰাকীয়ে ৷

এই পৰাজয় দিপীকাৰ বাবে আবেগিক আছিল ৷ ফলাফল ঘোষণাৰ অন্তত দিপীকাক যথেষ্ট আবেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছিল ৷ দিপীকাই 7ৰে আৰম্ভ কৰে যদিও ইয়াৰ পৰা তেওঁৰ উভতি অহাৰ কোনো ৰাস্তা নাথাকে কাৰণ আন ছানে ছেট 30ৰ সৈতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়ায় ৷ দ্বিতীয় ছেটে দিপীকাক আৰু অধিক হতাশ কৰে ৷ কাৰণ 10ৰে আৰম্ভ কৰাৰ পিছত ইয়াক ছীল (seal) কৰিবলৈ তেওঁৰ হাতত সুবিধা আছিল যদিও তেওঁ 7 টাৰ 2টা ধনুকাৰ মাৰি পঠিয়ায় কিন্তু প্ৰত্যকটোতে 24-26ত পৰাজয়বৰণ কৰে ৷

আন ছানে তৃতীয় তথা অন্তিমটো খেল 8, 9, 9 কাৰেৰে আৰম্ভ কৰে ৷ যুৱ কোৰিয়ান খেলুৱৈগৰাকীয়ে দ্বিতীয় গিয়াৰৰ (2nd gear) পৰা বাহিৰ নহৈ তেওঁ ভাৰতীয় ধনুৰ্বিদগৰাকীৰ বিপৰীতে জয়লাভ কৰে ৷

ইয়াৰ পূৰ্বে দিপীকাই ৰিঅ’ অলিম্পিকৰ (Rio Olympics 2016) ৰাউণ্ড 16ত ৰূপৰ পদকপ্ৰাপ্ত জেনিয়া পেৰোভাক পৰাজিত কৰিবলৈ সক্ষম হৈছিল ৷ দিপীকাৰ স্বামী অতনু দাসে (Atanu Das) কোৰিয়ান ধনুৰ্বিদ ওহ জিন হায়েকক (Oh Jin-hyek)পৰাস্ত কৰি পৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান দখল কৰাৰ পিছত আজিৰ খেলখন দিপীকাৰ বাবে পৰীক্ষা স্বৰূপ আছিল ৷ 2010 চনৰ কমনৱেল্থ গেমছত মহিলাৰ একক শাখাত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল দিপীকাই ৷

ইয়াৰ উপৰিও 2010 চনৰ কমনৱেল্থ গেমছতে (Commonwealth Games 2010) মহিলাৰ দলীয় শাখাত দোলা বেনাৰ্জী আৰু বোম্বায়ালা দেৱীৰ সৈতে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও তেওঁ ৱৰ্ল্ড কাপৰ তিনিটা স্তৰৰ দুটা স্তৰ ক্ৰমে গুটেমালা আৰু পেৰিছত স্বাৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ 9 বছৰৰ পাচত পেৰিছ ৱৰ্ল্ড কাপত স্বৰ্ণ জয়েৰে তেওঁ বিশ্বৰ মহিলা আৰ্চাৰৰ তালিকাৰ শীৰ্ষস্থান পুনৰ দখল কৰিবলৈ সক্ষম হয় ৷

আৰ্চাৰী ৱৰ্ল্ড কাপৰ ষ্টেজ 1ত মেক্সিক’ক 5-1ত পৰাজিত কৰি দিপীকা কুমাৰীয়ে স্বাৰ্ণ দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও 2012 চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্ম অলিম্পিকৰ মহিলা একক আৰু দলীয় শাখাত প্ৰতিদ্বন্দীতা আগবঢ়াইছিল দিপীকা কুমাৰীয়ে ৷ এই প্ৰতিযোগিতাত 8ম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ধনুৰ্বিদগৰাকী ৷

2012 চনত তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক দেশৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সন্মান ‘অৰ্জুন বঁটা’ (Arjuna Award) ৰে সন্মানিত কৰে ৷ 2014 চনত ফেব্ৰুৱাৰীত তেওঁক FICCI Sportsperson of the Year সন্মানেৰে সন্মানিত কৰা হয় ৷ ইয়াৰ উপৰিও 2016 চনত ভাৰত চৰকাৰে তেওঁক অসামৰিক সন্মান ‘পদ্মশ্ৰী’ৰে সন্মানিত কৰে ৷

লগতে পঢ়ক- Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.