ETV Bharat / sports

ফ্ৰেন্স অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ ৰাফেল নাডাল(Rafael Nadal)ৰ

author img

By

Published : Jun 10, 2021, 11:30 AM IST

Novak Djokovic will lock horns with defending Rafael Nadal in semi finals
ছেমি ফাইনেলত ৰাফেল নাডালৰ বিৰুদ্ধে খেলিব ন'ভাক ড'ক'ভিচে

বুধবাৰে ন'ভাক ড'ক'ভিচে(Novak Djokovic) ফ্ৰেঞ্চ অপেনৰ কোৱাৰ্টাৰ ফাইনেলত মেট্টেঅ' বেৰেট্টিনিক পৰাস্ত কৰে । ৬-৩, ৬-২, ৬-৭ আৰু ৭-৫ ৰ ব্যৱধানত মেট্টেঅ' বেৰেট্টিনিক পৰাজিত কৰি ড'ক'ভিচে ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

স্প’ৰ্টছ ডেস্ক,১০ জুন: ফ্ৰেন্স অপেন(French Open)ৰ ছেমি ফাইনেলত ৰাফেল নাডাল(Rafael Nadal)ৰে সমুখ সমৰত নামিবলৈ সাজু ন'ভাক ড'ক'ভিচ(Novak Djokovic) । শুকুৰবাৰে ছেমি ফাইনেল অনুষ্ঠিত হ'ব । বুধবাৰে কোৱাৰ্টাৰ ফাইনেলত ড'ক'ভিচে ৬-৩, ৬-২, ৬-৭ আৰু ৭-৫ৰ ব্যৱধানত মেট্টেঅ' বেৰেট্টিনিক পৰাজিত কৰে আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰে ।

চাৰ্বিয়ান টেনিছ খেলুৱৈজনৰ আৰম্ভণিৰ সময়ৰ প্ৰদৰ্শন ভাল আছিল আৰু তেওঁ প্ৰথম দুটা ছেট অতি সহজে জিকিছিল । কিন্তু তৃতীয় ছেটত বেৰেট্টিনি জয়ী হৈছিল । অৱশ্যে, ড'ক'ভিচ প্ৰতিটো সুযোগৰ সদ ব্যৱহাৰ কৰে । চতুৰ্থ ছেটত তিনিটা ব্ৰেক পইণ্ট সংৰক্ষণ কৰি ড'ক'ভিচ জয়ী হয় ।

প্ৰতিদ্বন্দ্বী মেট্টেঅ' বেৰেট্টিনি পৰাজিত কৰিবলৈ ড'ক'ভিচৰ তিনি ঘণ্টাৰো অধিক সময় লাগিছিল । ড'ক'ভিচ আৰু নাডালে শুকুৰবাৰে ৫৮ সংখ্যকবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব । পেৰিছত নৱমবাৰৰ বাবে দুয়োগৰাকী খেলুৱৈ মুখামুখি হ'ব । কোৱাৰ্টাৰ ফাইনেলত নাডালে আৰ্জেণ্টিনাৰ ডিয়েগো শ্ৱাৰ্টজমেনক ৬-৩, ৪-৬, ৬-৪, ৬-০ৰ ব্যৱধানত পৰাস্ত কৰিছিল ।

৩৫ বছৰীয়া খেলুৱৈজনে প্ৰথম ছেটত ভাল প্ৰদৰ্শন দেখুৱাইছিল । আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বীগৰাকীক কোনো সুযোগ দিয়া নাছিল নাডালে । প্ৰথম ছেটত ৬-৩ৰ ব্যৱধানত নাডাল জয়ী হৈছিল । দ্বিতীয় ছেটত শ্ৱাৰ্টজমেনে ৩-০ ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে । অৱশেষত নাডালে ছেমি ফাইনেলত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: সুস্থ হৈ উঠিছে ক্ৰীড়া তাৰকা মিলখা সিঙ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.