ETV Bharat / sports

13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেললৈ নাডাল

author img

By

Published : Oct 10, 2020, 8:03 AM IST

ৰজাৰ ফেডেৰাৰৰ কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামৰ অভিলেখ ভংগ কৰিবলৈ নাডালক প্ৰয়োজন মাত্ৰ 1টা বিজয়ৰ ৷

13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেললৈ নাডাল
13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেললৈ নাডাল

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ : পেৰিচত হৈ থকা 13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰাফেল নাডালে ৷ 34 বৰ্ষীয় খেলুৱৈগৰাকীয়ে 6-3, 6-3, 7-6 (7/0)ৰে পোনপটীয়া ছেটত আৰ্জেন্টিনাৰ ডিয়াগ' ছ্ৱাৰ্টজমানক পৰাস্ত্ৰ কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ ফাইনেলত নভাক জ'কভিছৰ সৈতে মুখামুখি হ'ব নাডাল ৷

নভাক জ'কভিছ
নভাক জ'কভিছ

ৰোলান্ড গাৰোচত অনুষ্ঠিত হোৱা খেলখনত নাডালৰ এয়া হৈছে কেৰিয়াৰৰ 99 সংখ্যক জয় ৷ 2005ত টেনিচৰ কেৰিয়াৰ আৰম্ভ কৰা নাডালে ৰজাৰ ফেডেৰাৰৰ অভিলেখ সংখ্যক 20টা গ্ৰেণ্ড শ্লাম খিতাপৰ শাৰী চুবলৈ এটা বিজয়েৰে পিচপৰি আছে ৷

13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেললৈ নাডাল

2016ৰ ফ্ৰান্স অপেনৰ চেম্পিয়ন নভাক জ'কভিছে তেওঁৰ কেৰিয়াৰৰ 18সংখ্যক গ্ৰেণ্ড শ্লামত নাডালৰ সৈতে অৱতীৰ্ণ হ'ব ৷ দ্বিতীয়খন ছেমি-ফাইলেনত জ'কভিছে গ্ৰীচৰ ষ্টেফানোচ চিটছিপাছক পৰাস্ত্ৰ কৰে ৷

ৰাফেল নাডাল
ৰাফেল নাডাল

লগতে পঢ়ক : ইউ এছ অ’পেনৰ চেম্পিয়ন নাওমী অ’ছাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.