ETV Bharat / sports

Asian Games 2023 : মল্লযুঁজাৰুৰ দাবী সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰালয়ে ল'ব সিদ্ধান্ত- কল্যাণ চৌবে

author img

By

Published : Jun 23, 2023, 2:57 PM IST

ভাৰতীয় অলিম্পিক সন্থাৰ যুটীয়া সচিব কল্যাণ চৌবেয়ে জনোৱা মতে মল্লযুঁজাৰুসকলে আমেৰিকাত প্ৰশিক্ষণৰ বাবে দাবী জনাইছে । সেই দাবী সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰালয় আৰু অলিম্পক সন্থাই সিদ্ধান্ত ল'ব ।

Asian Games 2023
মল্লযুঁজাৰুৰ দাবী সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰালয়ে ল'ব সিদ্ধান্ত

স্পৰ্টছ ডেস্ক,২৩ জুন : অহা ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব এছিয়ান গেমছ ২০২৩ । তাৰ পূৰ্বে এতিয়া ভাৰতীয় আন খেলুৱৈৰ লগতে মল্লযুঁজাৰুসকলেও প্ৰস্তুতি আৰম্ভ কৰিছে । মল্লযুঁজাৰুসকলে এছিয়ান গেমছৰ পৰীক্ষণৰ প্ৰস্তুতিৰ বাবে আমেৰিকাত প্ৰশিক্ষণ ল'ব বিচাৰিছে । মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলেও এই সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে । অৱশ্যে ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় অলিম্পিক সন্থাই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ।

ইফালে শুকুৰবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষা আৰু প্ৰাক্তন মল্লযুঁজাৰু গীতা ফোগাটে দিল্লীত অনুষ্ঠিত অলিম্পিক দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

ভাৰতীয় অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক কল্যাণ চৌবেয়ে কয় যে এছিয়ান গেমছ ২০২৩ৰ পৰীক্ষণৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰশিক্ষণ লোৱাৰ মল্লযুঁজাৰুসকলৰ দাবী বিবেচনাৰ অধীনত আছে । ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় অলিম্পিক সন্থাই এই সন্দৰ্ভত সিদ্ধান্ত ল'ব ।

চৌবেই লগতে কয় যে যদিও ভাৰতীয় অলিম্পিক সন্থাই অলিম্পিক কাউন্সিল অফ এছিয়াক মল্লযুঁজাৰুসকলৰ অনুৰোধ পূৰণ কৰাৰ বাবে সময়সীমা বৃদ্ধি কৰিবলৈ কৈছে কিন্তু ভাৰতে সুবিধা পাব নে নাই সেয়া স্পষ্ট হোৱা নাই । এড-হক পেনেলে ১৫ জুলাইৰ পূৰ্বে পৰীক্ষণ কৰিব লাগিব কিয়নো ভাৰতীয় অলিম্পিক সন্থাই অলিম্পিক কাউন্সিল অফ এছিয়াক সেই দিনটোৰ ভিতৰত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰতিগৰাকী খেলুৱৈৰ নাম দিব লাগিব ।

চৌবেয়ে জনোৱা মতে দিন বৃদ্ধি কৰিবলৈ অনুৰোধ প্ৰেৰণ কৰিবলৈ ভাৰতীয় অলিম্পিক সন্থাই এক আবেদন পাইছে । সন্থাই সেয়া এছিয়ান অলিম্পিক পৰিষদলৈ প্ৰেৰণ কৰিছে । আয়োজক দেশ চীনৰ পৰা এখন পত্ৰ লাভ কৰিছে য'ত তেওঁলোকে ভাৰতীয় অলিম্পিক সন্থাৰ পৰা গেৰাণ্টি বিচাৰিছে । মল্লযুঁজাৰুসকলে এছিয়ান চেম্পিয়নশ্বিপৰ বাবে সম্প্ৰসাৰণ দিয়াৰ দাবী জনাইছে আৰু বিষয়টো বিবেচনাধীন হৈ আছে ।

চৌবেয়ে লগতে কয় যে ভাৰতীয় অলিম্পিক সন্থাই প্ৰতিগৰাকী খেলুৱৈক সৰ্বশ্ৰেষ্ঠ স্তৰৰ সুবিধা প্ৰদান কৰাৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা কৰিব বিচাৰে । ইফালে সভাপতি পিটি ঊষাই কয় যে পেৰিছ ২০২৩ অলিম্পিকৰো প্ৰস্তুতি তীব্ৰগতিত চলি আছে ।

পি টি ঊষাৰ মতে ভাৰতীয় অলিম্পিক সন্থাই দেশৰ খেলুৱৈ বিশেষকৈ মল্লযুঁজাৰুসকলক সমৰ্থন কৰিবলৈ সকলো সম্ভৱ কাম কৰিব । তেওঁ আশা কৰা মতে প্ৰস্তুতি খুব ভালদৰে চলি আছে ।

লগতে পঢ়ক :ICC Suspends Kyle Phillip : ভুল বলিং একচন; আইচিচিয়ে নিষিদ্ধ কৰিলে আমেৰিকান বলাৰ কাইল ফিলিপক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.