ETV Bharat / sports

Wrestlers Protest : এছিয়ান গেমছৰ অনুশীলন; ছাই কেন্দ্ৰলৈ উভতিল বজৰং পুনিয়াসহ ৩ মল্লযোদ্ধা

author img

By

Published : Jun 21, 2023, 7:08 PM IST

এছিয়ান চেম্পিয়নশ্বিপ আৰু আগন্তুক ইভেণ্টৰ বাবে প্ৰস্তুতি চলাবলৈ প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে অনুশীলন কৰিবলৈ সোনিপটৰ ছাই কেন্দ্ৰত উপস্থিত হৈছে । ভাৰতীয় অলিম্পিক সংস্থাই ৩০ জুনৰ ভিতৰত সকলো ক্ৰীড়া সংস্থাৰ পৰা খেলুৱৈৰ তালিকা বিচাৰিছে ।

Wrestlers Protest
Wrestlers Protest

স্পৰ্টছ ডেস্ক, ২১ জুন : ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিদায়ী সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ জাৰি ৰাখিও এছিয়ান চেম্পিয়নশ্বিপ আৰু আগন্তুক বিভিন্ন প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছে । বজৰং পুনিয়া, বিনেশ ফোগাট আৰু সংগীতা ফোগাটকে ধৰি কেইবাজনো মল্লযোদ্ধাই সোনিপটৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ কেন্দ্ৰত প্ৰশিক্ষণ আৰম্ভ কৰিছে ।

উল্লেখ্য, কেইবাজনো মল্লযোদ্ধাই ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ তথা ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিদায়ী সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি জানুৱাৰী মাহত ধৰ্ণাত বহিছিল । পিছত মাৰ্চ মাহত মল্লযোদ্ধাসকলে যন্তৰ-মন্তৰত ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে । অৱশ্যে ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ নকৰিলেও দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে যৌন উৎপীড়ন আৰু অন্যান্য ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে ।

দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত অভিযোগনামাও আদালতত দাখিল কৰিছে । আন এক ঘটনাক্ৰমত, ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা নাবালিকা মল্লযোদ্ধাগৰাকীয়ে নিজৰ অভিযোগ প্ৰত্যাহাৰ কৰাৰ ফলত দিল্লী আৰক্ষীয়ে পস্কো আইনৰ অধীনৰ এজাহাৰখন বাতিল কৰে ।

এই ঘটনাক্ৰমৰ মাজতে বৰ্তমান প্ৰতিবাদকাৰী মল্লযোদ্ধাসকল পুনৰ আগন্তুক প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণলৈ উভতি আহিছে । মল্লযোদ্ধা বজৰং পুনিয়া, বিনেশ ফোগাট আৰু সাক্ষী মালিকৰ লগতে আন বহুতো মল্লযোদ্ধাই ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে নিৰন্তৰ অভিযোগ উত্থাপন কৰি আহিছে । কিন্তু যিহেতু এছিয়ান চেম্পিয়নশ্বিপ, বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক অহা বছৰত অনুষ্ঠিত হ'ব, এনে পৰিস্থিতিত এতিয়া সকলো মল্লযোদ্ধাই সোনিপটৰ বাহালগড়ত অৱস্থিত ছাই কেন্দ্ৰত পুৱা আৰু সন্ধিয়া অনুশীলনত ব্যস্ত হৈ পৰিছে । এটাই উদ্দেশ্য, যাতে তেওঁলোকে দেশৰ বাবে পুনৰবাৰ পদক জিকিব পাৰে ।

আনহাতে, ভাৰতীয় অলিম্পিক সংস্থাই ইয়াৰ অধীনস্থ সকলো ক্ৰীড়া সংস্থাকে ৩০ জুনৰ ভিতৰত খেলুৱৈৰ এখন তালিকা দাখিল কৰিবলৈ কৈছে । কিয়নো ভাৰতীয় অলিম্পিক সংস্থাই ১৫ জুলাইৰ ভিতৰত সকলো অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈৰ নাম অলিম্পিক পৰিষদলৈ প্ৰেৰণ কৰিব লাগিব । অৱশ্যে, ভাৰতীয় অলিম্পিক সংস্থাই কুস্তিৰ গোচৰ সন্দৰ্ভত অলিম্পিক পৰিষদৰ পৰা ১০ আগষ্টলৈকে সময় বিচাৰিছে । একে সময়তে মল্লযোদ্ধাসকলে ক্ৰীড়া মন্ত্ৰালয়ক আগষ্টত এছিয়ান গেমছৰ ট্ৰায়েল অনুষ্ঠিত কৰিবলৈও দাবী জনাইছে ।

লগতে পঢ়ক :Pakistani Refugee Given Indian Citizenship : ৰাজস্থানত ৩ পাকিস্তানী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.