ETV Bharat / sports

Tokyo Paralympics: ভাৰতৰ মাৰিয়াপ্পান থাংগেভেলু-শাৰদ কুমাৰৰ পদক লাভ

author img

By

Published : Aug 31, 2021, 10:47 PM IST

Updated : Sep 1, 2021, 7:00 AM IST

tokyo-paralympics-thangavelu-wins-silver-sharad-clinches-bronze-in-high-jump
টকিঅ' পেৰা অলিম্পিকত ভাৰতীয় দলৰ পদকৰ সংখ্যা 10 টালৈ বৃদ্ধি

টকিঅ' পেৰা অলিম্পিকত চমকপদ প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতীয় খেলুৱৈ সকলে ৷ এই সময়লৈকে ভাৰতীয় দলটোৱে 2টা সোন,5টা ৰূপ আৰু 3 টা ব্ৰঞ্জৰ পদক জিকিবলৈ সক্ষম হৈছে ৷

নিউজ ডেস্ক,31 আগষ্ট: পেৰা অলিম্পিকত অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ সফলতাৰ ধাৰা ৷ মঙলবাৰে দিনটোত পুৰুষৰ হাই জাঁপ টি-42 প্ৰতিযোগিতাত ডিফেণ্ডিং চেম্পিয়ন মাৰিয়াপ্পান থাংগেভেলু আৰু শাৰদ কুমাৰে ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ ইয়াৰ লগে লগে ভাৰতীয় দলটোৰ পদকৰ সংখ্যা 10 টালৈ বৃদ্ধি পালে ৷ উক্ত প্ৰতিযোগিতাত মাৰিয়াপ্পানে 1.86 মিটাৰ উচ্চতাৰ জাঁপ মৰাৰ বিপৰীতে আমেৰিকাৰ সোণৰ পদক বিজয়ী ছেম গ্ৰুৱে 1.88 মিটাৰ উচ্চতাৰ জাঁপ মাৰিবলৈ সক্ষম হৈছিল ৷

আনহাতে শাৰদ কুমাৰে 1.83 মিটাৰ উচ্চতাৰ জাঁপেৰে ব্ৰঞ্জৰ পদক দখল কৰে ৷ ইফালে খেলপথাৰত নমা তৃতীয় গৰাকী ভাৰতীয় খেলুৱৈ তথা 2016 বৰ্ষৰ ৰিঅ' পেৰালিম্পিকৰ ব্ৰঞ্জ বিজয়ী বৰুণ সিং ভাটি সৰ্বমুঠ 9 জন প্ৰতিযোগীৰ ভিতৰত সপ্তম স্থানতে সন্তুষ্ট থাকে ৷ কিয়নো খেলুৱৈ গৰাকীয়ে 1.77 মিটাৰ উচ্চতাৰ জাঁপ সম্পূৰ্ণ কৰাত ব্যৰ্থ হয় ৷

উল্লেখ্য যে, এই টি-42 শ্ৰেণীবিভাজন হৈছে ভৰি নথকা, ভৰিৰ দৈৰ্ঘৰ পাৰ্থক্য থকা, পেশীৰ শক্তি হ্ৰাস হোৱা বা ভৰিৰ স্বাভাৱিক সঞ্চালন নোহোৱা খেলুৱৈসকলৰ মাজত অনুষ্ঠিত হোৱা এক প্ৰতিযোগিতা ৷ ইয়াৰ লগতে মঙলবাৰৰ দিনটোৰ আৰম্ভণিতে শ্বুটাৰ সিংৰাজ আদানাই পুৰুষৰ 10 মাইৰ পিষ্টলৰ SH-1 ইভেণ্টত ব্ৰঞ্জ লাভ কৰিছিল ৷

লগতে পঢ়কঃ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে বেগী বলাৰ Dale Steyn এ

Last Updated :Sep 1, 2021, 7:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.