ETV Bharat / sports

Tokyo Paralympics : ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ জয় অৱনীৰ

author img

By

Published : Aug 30, 2021, 9:08 AM IST

Tokyo Paralympics: India's Avani wins gold for 10m Air Rifle standin
Tokyo Paralympics: India's Avani wins gold for 10m Air Rifle standin

ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাই সোমবাৰে চলিত টকিঅ' পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ১ ত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ৷ শ্বুটাৰগৰাকীয়ে ৬২১.৭ পইণ্ট লাভেৰে যোগ্যতা অৰ্জনৰ ৰাউণ্ডত সপ্তম স্থান লাভ কৰিছিল ৷

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট : দেশবাসীৰ বাবে এক সুখবৰ ৷ চলিত পেৰালিম্পিকত (Paralympics) ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয় ৷ ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাই সোমবাৰে চলিত টকিঅ' পেৰালিম্পিকত (Tokyo Paralympics) মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ১ ত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ৷ শ্বুটাৰগৰাকীয়ে মুঠ ৬২১.৭ নম্বৰৰ সৈতে যোগ্যতা অৰ্জনৰ ৰাউণ্ডত সপ্তম স্থান লাভ কৰিছিল ৷

অৱনীয়ে ইভেণ্টটোৰ ফাইনেললৈ অগ্ৰসৰ হ'বলৈ আৰম্ভণি কিছু ধীৰে ধীৰে কৰে, যদিও পিছলৈকে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় ৷ খেলৰ অন্তিম ৰাউণ্ডত 104.1 পইণ্ট অৰ্জন কৰাৰ পূৰ্বে খেলুৱৈগৰাকীয়ে তৃতীয় আৰু চতুৰ্থ ৰাউণ্ডত 104.9 আৰু 104.8 পইণ্ট অৰ্জন কৰিছিল ৷

  • Phenomenal performance @AvaniLekhara! Congratulations on winning a hard-earned and well-deserved Gold, made possible due to your industrious nature and passion towards shooting. This is truly a special moment for Indian sports. Best wishes for your future endeavours.

    — Narendra Modi (@narendramodi) August 30, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৱনীক এই বিজয়ৰ বাবে টুইটযোগে উচ্চ প্ৰশংসা কৰে ৷

দেওবাৰে ভাৰতৰ পেৰা টেবুল টেনিছ খেলুৱৈ ভাৱিনাই মহিলাৰ ছিংগলছ - ক্লাছ ৪ ত চীনৰ ঝৌ য়িঙৰ হাতত ৩-০ গ'লত পৰাজিত হোৱাৰ লগে লগে স্বৰ্ণ পদক জয়ৰ আশা নিৰ্বাপিত হৈছিল ৷

ৰূপৰ পদক লাভ কৰি ভাৱিনাই ভাৰতৰ হৈ পেৰালিম্পিকত পদক অৰ্জন কৰা প্ৰথম গৰাকী টেবুল টেনিছ খেলুৱৈলৈ পৰিগণিত হয় ৷ তদুপৰি পিচিআইৰ মুৰব্বী দীপা মালিকৰ পিছত দ্বিতীয় গৰাকী মহিলা খেলুৱৈ হিচাপে এই কৃতিত্ব অৰ্জন কৰে ভাৱিনাই ৷ উল্লেখ্য যে, দীপা মালিকে মহিলাৰ শ্বটপুটত ৰিঅ' ২০১৬ ত ৰূপৰ পদক অৰ্জন কৰিছিল ৷

লগতে চাওক: Tokyo Paralympics: পুৰুষৰ হাই জাম্পত নিশাদ কুমাৰৰ ৰূপৰ পদক দখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.