ETV Bharat / sports

ইটালীত প্ৰশিক্ষণ আৰম্ভ ভাৰতীয় বক্সিং দলৰ

author img

By

Published : Oct 24, 2020, 8:29 AM IST

ইটালীত প্ৰশিক্ষণ আৰম্ভ ভাৰতীয় বক্সিং দলৰ ৷ 28 জনীয়া ভাৰতীয় বক্সিং দলটোত আছে 10 জন পুৰুষ বক্সাৰ আৰু 6 গৰাকী মহিলা বক্সাৰ ৷

Indian boxing team resumes training in Italy
ইটালীত প্ৰশিক্ষণ আৰম্ভ ভাৰতীয় বক্সিং দলৰ

স্পৰ্টছ ডেস্ক, 24 অক্টোবৰ : কৰ'ণা মহামাৰীৰ পাচত প্ৰথমবাৰৰ বাবে ভাৰতীয় বক্সিং দলে আৰম্ভ কৰিলে প্ৰশিক্ষণ ৷ 52 দিনীয়া এক টুৰ্ণামেন্টৰ বাবে ইটালী ভ্ৰমণ কৰা দলটোৱে আছিচিৰ অলিম্পিক চেন্টাৰত আৰম্ভ কৰিছে প্ৰশিক্ষণ ৷

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে কয়, "28 জনীয়া ভাৰতীয় বক্সিং দলে আৰম্ভ কৰিছে প্ৰশিক্ষণ ৷"

চলিত মাহৰ প্ৰথম ভাগত বিদেশত প্ৰশিক্ষণ আৰু ইটালী আৰু ফ্ৰান্সত টুৰ্ণামেন্টত অংশগ্ৰহণৰ বাবে 28 জনীয়া এটা দলক অনুমতি প্ৰদান কৰা হৈছিল ৷ এই দলটোত আছে 10 জন পুৰুষ বক্সাৰ, 6 গৰাকী মহিলা বক্সাৰ আৰু ষ্টাফ সদস্য ৷

ইটালীত প্ৰশিক্ষণ আৰম্ভ ভাৰতীয় বক্সিং দলৰ
পূজা ৰানী

এই বক্সাৰসকলৰ ভিতৰত আছে অমিত পাংঘাল, আশীষ কুমাৰ, সতীশ কুমাৰ, ছিমৰনজিত কৌৰ, লাভলীনা বৰগোঁহাই আৰু পূজা ৰানী ৷ আটাইকেইগৰাকী বক্সাৰে টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰে 13 গৰাকী বক্সাৰে 28 অক্টোবৰৰ পৰা 30 অক্টোবৰ পৰ্যন্ত ফ্ৰান্সত অনুষ্ঠিত হ'বলগা 'এলেক্সিছ ভেছটাইন' আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক : গুজৰাটত বহুকেইটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.