ETV Bharat / sports

৩৬ সংখ্যক ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগীতাৰ বাবে অসমৰ দল ঘোষণা

author img

By

Published : Oct 26, 2019, 3:49 AM IST

ইণ্ডোৰত হবলগীয়া ৩৬সংখ্যক ৰাষ্ট্ৰীয় হেণ্ডবলৰ বাবে অসমৰ দল ঘোষণা

মধ্যপ্ৰদেশৰ ইণ্ডোৰত অহা এক নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ অনুষ্ঠিত হব ৩৬সংখ্যক ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগীতা ৷

শদিয়া, 25 অক্টোবৰ: ঘোষণা হ'ল 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ মধ্যপ্ৰদেশৰ ইণ্ডোৰ চহৰত অনুষ্ঠিত হব লগা ৩৬সংখ্যক ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগীতাৰ বাবে অসমৰ দল ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰূপাইৰ লাৰ্নাছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিগত কিছুদিন ধৰি এই প্ৰতিযোগীতাৰ বাবে খেলুৱৈ বাছনি শিবিৰ চলি আছিল ৷ এই শিবিৰত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা সৰ্বমুঠ ৩৫গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ ৯ দিনীয়া প্ৰশিক্ষণ আৰু বাছনি শিবিৰৰ পিছত শুকুৰবাৰে আনুষ্ঠানিকভাবে ঘোষণা কৰা হয় অসমৰ দলটো ৷

ইণ্ডোৰত অহা এক নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ অনুষ্ঠিত হব ৩৬সংখ্যক ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীতা খনৰ বাবে অসম দলটোত অন্তৰ্ভুক্ত হোৱা খেলুৱৈ সকল হ'ল ক্ৰমে বিবেক জ্যোতি মৰাণ, জয়ন্ত দাস, মজিন মৰাণ, সাগৰ হাজৰিকা, মাৰকোশ ৰাভা, ৰিশি চাহু, নিহাল চাহু, হিমাঙ্গ মৰাণ, অৰমন থাকোৰ, লীলাম্বৰ মৰাণ, পৰাগজ্যোতি মৰাণ, নবাৰুণ শৰ্মা, হেমাঙ্গ বৰুৱা, অবিনাশ বেজবৰুৱা, প্ৰকাশ তাঁতি, মাহাৰ্ণব জে নাথ ৷ দলটোৰ মুখ্য পৰিচালক হিচাপে দায়িত্ব দিয়া হৈছে মনোজ কুমাৰ শৰ্মাক লগতে প্ৰশিক্ষক হিচাপে থাকিব শ্বাহমিৰুজ ৷ ইফালে শনিবাৰে পুৱাই ইণ্ডোৰ অভিমুখে অসমৰ দলটো ৰাওনা হব বুলি অসম হেণ্ডবল সংস্থাৰ কৰ্মকতাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷

Intro:২৫/১০/২০১৯

Slug : মধ্যপ্ৰদেশৰ ইণ্ডোত হবলগীয়া ৩৬সংখ্যক ৰাষ্ট্ৰীয় হেণ্ডবলৰ অসম দল ঘোষণা

V.O. Sadiya : অহা ১নবেম্বৰৰ পৰা ৫নবেম্বৰলৈ মধ্যপ্ৰদেশৰ ইণ্ডোত হবলগীয়া ৩৬সংখ্যক ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে অসম দল ঘোষণা কৰা হৈছে ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰূপাইৰ লাৰ্নাছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা খেলুৱৈ বাছনি শিবিৰত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা সৰ্বমুঠ ৩৫গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ ৯দিনীয়া প্ৰশিক্ষণ আৰু বাছনি শিবিৰৰ পিছত আজি আনুষ্ঠানিকভাবে অসম দলটো ঘোষণা কৰা হয় ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনত হেণ্ডবলৰ অসম দলটোত অন্তভুক্ত হোৱা খেলুৱৈ সকল ক্ৰমে বিবেক জ্যোতি মৰাণ, জয়ন্ত দাস, মজিন মৰাণ, সাগৰ হাজৰিকা, মাৰকোশ ৰাভা, ৰিশি চাহু, নিহাল চাহু, হিমাঙ্গ মৰাণ, অৰমন থাকোৰ, লীলাম্বৰ মৰাণ, পৰাগজ্যোতি মৰাণ, নবাৰুণ শৰ্মা, হেমাঙ্গ বৰুৱা, অবিনাশ বেজবৰুৱা, প্ৰকাশ তাঁতি, মাহাৰ্ণব জে নাথ ৷ উক্ত দলটোত মুখ্য পৰিচালক হিচাপে মনোজ কুমাৰ শৰ্মা থকাৰ বিপৰীতে প্ৰশিক্ষক হিচাপে থাকিব শ্বাহমিৰুজ ৷ কাইলৈ পুৱাই মধ্যপ্ৰদেশৰ ইণ্ডোৰ অভিমুখে অসম দলটো ৰাওনা হব বুলি অসম হেণ্ডবল সংস্থাৰ কৰ্মকতাই জানিবলৈ দিয়ে ৷Body:Byte : প্ৰশিক্ষক ৷ Conclusion:Mintu Talukdar
Sadiya

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.