ETV Bharat / sports

অসম বাজেট 2020-21 : থোৰতে ক্ৰীড়াখণ্ড

author img

By

Published : Mar 6, 2020, 9:17 PM IST

সদনত আজি উত্থাপন কৰা হয় 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেলেং আৰু মৰাণ জনগোষ্ঠীৰ লোকে মূৰত পৰিধান কৰা পাগ পিন্ধা কৰি সদনত উত্থাপন কৰিলে বিত্তীয় বাজেট৷ চলিত বাজেটত ক্ৰীড়াখণ্ডক লৈও কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই বিত্তীয় বাজেটত ৷ অৱশ্যে যোৱা বিত্তীয় বাজেটতকৈ এই বৰ্ষত 3 কোটি টকা কমকৈ ধাৰ্য কৰা হ’ল ক্ৰীড়া ক্ষেত্ৰত ৷

Assam Budget 2020-21 : Sports at a glance ,অসম বাজেট 2020-21 : থোৰতে ক্ৰীড়াখণ্ড
অসম বাজেট 2020-21 : থোৰতে ক্ৰীড়াখণ্ড

স্পৰ্টছ ডেস্ক, 6 মাৰ্চ: শুকুৰবাৰে সদনত উত্থাপন হ’ল 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ চলিত বাজেটত ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 174 কোটি টকা ৷ মেগা মিছন ছ'চাইটী "মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" শীৰ্ষক আঁচনিৰ দ্বাৰা ৰাজ্যত 500 খন খেলপথাৰ উন্নয়নৰ কাম হাতত লোৱা হৈছে ৷ ডিব্ৰুগড়ৰ জিলাৰ চাবুৱাত অনিৰুদ্ধদেৱ ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ ইয়াত অন্তৰ্ভুক্ত বিষয় সমূহ হৈছে-

  • শাৰিৰীক শিক্ষা
  • ক্ৰীড়া বিজ্ঞান
  • ক্ৰীড়া প্ৰযুক্তি
  • ক্ৰীড়া ঔষধ
  • ক্ৰীড়া পৰিচালনা

ৰাজ্যৰ তৃণমূল পৰ্যায়ত ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰিবলৈ সকলো জিলা-মহকুমাত ছুইমিংপুল আৰু মিনি জীমনেছিয়াম নিৰ্মাণৰ পদক্ষেপ লৈছে চৰকাৰে ৷ অলিম্পিক ক্ৰীড়া শিতানত যুৱ খেলুৱৈ সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰে ৷ 1000 গৰাকী বিশিষ্ট ক্ৰীড়াবিদলৈ 50 হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব ৷ তাৰোপৰি চাহ বাগিছা অঞ্চলত 100 খন ফুটবল খেল পথাৰ পুনঃ নিৰ্মানৰ বাবে 5 লাখকৈ টকা ধাৰ্য কৰা হৈছে বাজেটত ৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈক চৰকাৰে স্থায়ী নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

যি সকল খেলুৱৈয়ে অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰিছে তেওঁলোকক ৰাজ্যচৰকাৰে প্ৰথম শ্ৰেণীৰ বিষয়াৰ নিযুক্তি দিয়া হ’ব ৷ সেই অনুসৰি ধিং এক্সপ্ৰেছ হিমা দাসক এই নীতিৰ অধীনতে উপ-আৰক্ষী অধীক্ষকৰ পদ দিয়া হয় ৷ গুৱাহাটীক ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰে ৷ অনাগত দিনত অধিক লোকে ক্ৰীড়াক জীৱিকা হিচাপে গ্ৰহণ কৰিব বুলি আশাবাদী বিত্তমন্ত্ৰীগৰাকী ৷

হিমা দাস, Hima Das, অসম বাজেট 2020-21 : থোৰতে ক্ৰীড়াখণ্ড, Assam Budget 2020-21 : Sports at a glance
হিমা দাস

ইয়াৰ লগতে সকলো বয়সৰ লোকক ক্ৰীড়াৰ সৈতে সাঙুৰি ল’বলৈ বুনিয়াদী অলিম্পিক শীৰ্ষক এটি আঁচনিৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই বাজেটত ৷ এই আঁচনিৰ অধীনত 10 ৰ পৰা 60 বছৰৰ বয়সৰ লোকে পঞ্চায়ত, খণ্ড, জিলা, আৰু ৰাজ্যিক পৰ্যায়ত অলিম্পিকৰ অন্তৰ্গত খেল সমূহত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ৷ প্ৰতিভামান খেলুৱৈক চিনাক্ত কৰা আৰু শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ-সবল কৰাৰ লক্ষ্যই হৈছে এই আঁচনিৰ মূল উদ্দেশ্যে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.