ETV Bharat / sports

বিবেক সাগৰলৈ ‘ৰাইজিং ষ্টাৰ’ৰ সন্মান হকী ইণ্ডিয়াৰ

author img

By

Published : Mar 10, 2020, 5:32 AM IST

Updated : Mar 10, 2020, 7:53 AM IST

বৰ্ষৰ উদীয়মান সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচত কৰা হ’ল 21 বছৰ অনুৰ্ধ্বৰ খেলুৱৈ বিবেক সাগৰক ৷ 10 লাখ টকা সহ জুগৰাজ সিং পুৰস্কাৰেৰে সন্মানিত কৰা হয় খেলুৱৈগৰাকীক ৷

vivek sagar wins rising star award from hockey india,বিবেক সাগৰলৈ ‘ৰাইজিং ষ্টাৰ’ৰ সন্মান হকী ইণ্ডিয়াৰ
বিবেক সাগৰলৈ ‘ৰাইজিং ষ্টাৰ’ৰ সন্মান হকী ইণ্ডিয়াৰ

স্পৰ্টছ ডেস্ক, 10 মাৰ্চ: হ’ছাংগাবাদৰ ইটাৰচীৰ এক সৰু গাঁৱৰ পৰা অহা ভাৰতীয় হকী খেলুৱৈক আন্তঃৰাষ্ট্ৰীয় হকী মহাসংঘই প্ৰদান কৰে বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ উদীয়মান হকী খেলুৱৈৰে সন্মান ৷ ইয়াৰ পাচতেই হকী ইণ্ডিয়াইয়ো 2019 চনৰ 8 মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হকী ইণ্ডিয়াৰ তৃতীয় বাৰ্ষিক কাৰ্যসূচীত 2019 বৰ্ষৰ শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ সন্মান প্ৰদান কৰে বিবেক সাগৰক ৷ এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু ৷

হকী ইণ্ডিয়াৰ তৃতীয় বাৰ্ষিক কাৰ্যসূচী
হকী ইণ্ডিয়াৰ তৃতীয় বাৰ্ষিক কাৰ্যসূচী

পোন প্ৰথমবাাৰৰ বাবে খেলুৱৈগৰাকীৰ ভাৰতীয় হকী দলত অভিষেক ঘটিছিল 2018 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত চাৰিখন দেশৰ এক প্ৰতিযোগিতাত ৷ কেৱল 17 বছৰ বয়সতেই ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল এই প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷

‘ৰাইজিং ষ্টাৰ’ৰ সন্মান বিবেক সাগৰক

ইপিনে অভিষেক মেচতেই জাপানৰ বিৰুদ্ধে 2 টা গ’ল কৰি ভাৰতক 6-0 গ’লৰ বৃহৎ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বিবেক সাগৰে ৷ সন্দীপ সিঙৰ পাচতেই ভাৰতক প্ৰতিনিধিত্ব কৰা দ্বিতীয়গৰাকী কনিষ্ঠ খেলুৱৈ হৈছে বিবেক ৷ সন্দীপে 17 বছৰ 341 দিনত ভাৰতৰ হৈ প্ৰথমখন মেচখেলাৰ বিপৰীতে বিবেকে 17 বছৰ 352 দিনত ভাৰতৰ বাবে প্ৰথমখন মেচত অৱতীৰ্ণ হৈছিল ৷ বৰ্তমানলৈকে বিবেকৰ নামত 58 খন মেচত আছে 15 টা গ’ল ৷

লগতে চাওকঃ

তিনিচুকীয়া জিলা বিজেপিৰ বাসগৃহত মুখ্যমন্ত্ৰী সোণোৱাল

Last Updated : Mar 10, 2020, 7:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.