ETV Bharat / sports

এফআইএইছ অলিম্পক কোৱালিফায়াৰ্ছত ভাৰতৰ সন্মুখত আমেৰিকা

author img

By

Published : Sep 9, 2019, 9:04 PM IST

এফআইএইছ অলিম্পক কোৱালিফায়াৰ্ছত ভাৰতৰ সন্মুখত আমেৰিকা

এফআইএইছ(FIH) অলিম্পক কোৱালিফায়াৰ্ছত ভাৰতীয় মহিলা হকী দলে বিশ্ব ৰেংকিঙৰ 13 সংখ্যক স্থানৰ আমেৰিকাৰ বিৰুদ্ধে যুঁজত নামিব ৷ ইয়াৰ জৰিয়তে ভাৰতে ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ প্ৰচেষ্টা অব্যাহত ৰাখিব ৷

স্পৰ্টছ ডেস্ক, 9 ছেপ্তেম্বৰ : এফআইএইছ(FIH) অলিম্পক কোৱালিফায়াৰ্ছত ভাৰতীয় মহিলা হকী দলে বিশ্ব ৰেংকিঙৰ 13 সংখ্যক স্থানৰ আমেৰিকাৰ বিৰুদ্ধে যুঁজত নামিব ৷ ইয়াৰ জৰিয়তে ভাৰতে ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ প্ৰচেষ্টা অব্যাহত ৰাখিব ৷

ভাৰতীয় মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক মেৰিজনে মন্তব্য কৰে যে, এফআইএইছ মহিলা ছিৰিজ ফাইনেলছ হিৰোছিমা, 2019 আৰু অলিম্পিক টেষ্ট ইভেন্ট জয়েৰে দলৰ খেলুৱৈসকল আত্মবিশ্বাসী হৈ আছে ৷ দলটোৱে যোৱা কিছু মাহৰ পৰা সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে ৷ দলৰ সদস্যসকলে এই টুৰ্ণামেন্টত অংশগ্ৰহণৰ বাবে উৎসুকতাৰে বাট চাই আছে বুলি মন্তব্য কৰে প্ৰশিক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, ভাৰতে চলিত মাহত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাতো অংশগ্ৰহণ কৰিব ৷ এই শৃংখলাই দলক এফআইএইছ অলিম্পক কোৱালিফায়াৰ্ছৰ বাবে প্ৰস্তুত হ'বলৈ সহায় কৰিব ৷

এই সম্পৰ্কত ভাৰতৰ অধিনায়ক ৰানীয়ে মন্তব্য কৰে যে, দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই থকালৈকে তেওঁলোকৰ বিৰুদ্ধে কোন প্ৰতিপক্ষ আছে সেইটো চিন্তনীয় বিষয় নহয় ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.