ETV Bharat / sports

চেম্পিয়নছ লীগ : আজি ফাইনেলত পিএছজি বনাম বেয়ার্ন মিউনিখ

author img

By

Published : Aug 23, 2020, 3:32 PM IST

Psg vs Bayern Munich in champions league final
Psg vs Bayern Munich in champions league final

চেম্পিয়নছ লীগৰ ফাইনেলত পোন প্ৰথমবাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব পেৰিছ ছেণ্ট জাৰ্মেন ৷ আনহাতে বিৰোধী পক্ষত অৱতীৰ্ণ হ’ব পাঁচবাৰৰ চেম্পিয়ন বেয়ার্ন মিউনিখ ৷

স্পৰ্টছ ডেস্ক, 23 আগষ্ট : দেওবাৰে চেম্পিয়নছ লীগৰ ফাইনেলত মুখামুখি হ’ব পেৰিছ ছেণ্ট জাৰ্মেন বনাম বেয়ার্ন মিউনিখ ৷ পোন প্ৰথমবাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব পেৰিছ ছেণ্ট জাৰ্মেন দলটো ৷ অৱশ্যে দলটোৰ বাবে কঠিন প্ৰত্যাহ্বান হিচাপে থিয় দিব বিৰোধী পক্ষত থকা পাঁচবাৰৰ চেম্পিয়ন বেয়ার্ন মিউনিখ দলটোৱে ৷

Bayern Munich
বেয়ার্ন মিউনিখ

পূৰ্বতে এই ফাইনেল মেচখন মে’ মাহত ইস্তানবুলত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ভিড-19 ৰ ফলতেই শেহতীয়াকৈ লিস্বনত অনুষ্ঠিত কৰা হ’ব চূড়ান্ত মেচখন ৷ চূড়ান্ত মেচখনত খেলুৱৈ আৰু মেচ বিষয়া সকল লৈ অতি কম সংখ্যক লোকহে উপস্থিত থাকিব ৷ ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ পূৰ্বে সকলো লোকৰে ক’ভিড-19 ৰ পৰীক্ষা কৰা হ’ব ৷

চেম্পিয়নছ লীগ কাপ
চেম্পিয়নছ লীগ কাপ

উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে দৰ্শক বিহীন বাবে খালী ষ্টেডিমায়ত অনুষ্ঠিত হ’ব ইউৰোপীয় চেম্পিয়নছশ্বীপ ৷

Psg
পিএছজি

বেয়ার্ন মিউনিখ দলটোৱে লিয়োনক 3-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে পেৰিছ ছেন্ট জাৰ্মেনে লেইপজিগক 3-0 গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক-ক্ৰিকেটাৰ কুলদ্বীপ যাদৱৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.