ETV Bharat / sports

ISL 7: ঝিংগানৰ মতে কলকাতা ডাৰ্বি বিশ্বৰ ভিতৰতে বৃহত্

author img

By

Published : Nov 23, 2020, 2:25 PM IST

অহা শুক্ৰবাৰে ইণ্ডিয়ান ছুপাৰ লীগৰ পূৰ্বে এ টি কেমোহন বাগান আৰু এছ চি ইষ্ট বেংগলৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেল উপভোগ কৰিব ঝিংগানে।

ISL 7: ঝিংগানৰ মতে কলকাতা ডাৰ্বি বিশ্বৰ ভিতৰতে বৃহত্
ISL 7: ঝিংগানৰ মতে কলকাতা ডাৰ্বি বিশ্বৰ ভিতৰতে বৃহত্

স্পৰ্টছ ডেস্ক, ২৩ নৱেম্বৰ: সাম্প্ৰতিক সময়ত ভাৰতীয় ফুটবলৰ বৃহত্ ডাৰ্বিৰ ভিতৰত কলকাতা অন্যতম বুলি প্ৰশংসা কৰি সন্দেশ ঝিংগানে কয় যে আজিলৈকে কলকাতা ডাৰ্বি ষ্টেডিয়ামত বহি উপভোগ কৰাৰ সুযোগ তেওঁ লাভ কৰা নাই। অহা শুক্ৰবাৰে ইণ্ডিয়ান ছুপাৰ লীগৰ পূৰ্বে এ টি কে মোহন বাগান আৰু এছ চি ইষ্ট বেংগলৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেল উপভোগ কৰিব ঝিংগান। কেৰালা ব্লাষ্টাৰ্ছৰ সৈতে ৬টা ছিজন কটোৱাৰ পিছত চলিত বৰ্ষৰ আৰম্ভণিতে কোচিস্থিত এক সংগঠনৰ সৈতে জড়িত হোৱাৰ সিদ্ধান্ত লয়। তেওঁৰ লক্ষ্য আছিল এ টি কে মোহন বাগান যাৰ সৈতে তেওঁ ৫ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে।

ঝিংগানৰ মতে, কলকাতা ডাৰ্বি বিশ্বৰ ভিতৰতে বৃহত্ ডাৰ্বি। তেওঁ কয় যে, 'ফুটবল খেলুৱৈ হিচাপে আমি এনেকুৱা ডাঙৰ খেলত অংশ ল'ব বিচাৰো। লগতে মই এই খেলক লৈ উত্সাহিত হৈ আছো। মই খেলৰ জটিল সময়বোৰৰ কথা বেছি গম্ভীৰতাৰে চিন্তা কৰি নাথাকো, সেয়া কলকাতা ডাৰ্বিয়েই হওক নতুনা আন কোনো খেলেই হওক। মোৰ বাবে সকলো সমান।' সেয়েহে, আবেগক বেছি প্ৰশ্চয় নিদিয়ে বুলিও ঝিংগানে প্ৰকাশ কৰে। তেওঁ কয় যে, 'কলকাতা ডাৰ্বিৰ ইতিহাস আছে আৰু ইয়াৰ এক অংশ হ'বলৈ পাই মই সুখী।' এ টি কে মোহন বাগানে যোৱা সপ্তাহত ১-০ গলৰ ব্যৱধানত কেৰালা ব্লাষ্টাৰ্ছক পৰাস্ত কৰিছিল।

লগতে পঢ়ক:এটিপি ফাইনেলছত স্বোৱাৰ্টজমেনক পৰাস্ত কৰি ছেমিত মেডভেডেভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.