ETV Bharat / sports

কোপা আমেৰিকা লীগত মেছিৰ আন এক দৰ্শনীয় খেল

author img

By

Published : Jun 29, 2021, 1:47 PM IST

Messi leads Argentina
কোপা আমেৰিকা লীগত মেছিৰ আন এক দৰ্শনীয় খেল

কোপা আমেৰিকা (Copa America) ফুটবল লীগত A গ্ৰুপত থকা আৰ্জেণ্টিনা দলে ৪-১ গলত পৰাস্ত কৰে ব'লিভিয়াক । বিশ্বৰ ফুটবল তাৰকা লিয়'নেল মেছি (Lionel Messi) য়ে দুটাকৈ গ’ল কৰি নিজৰ দলৰ বাবে বৰঙণি আগবঢ়ায় ।

স্পৰ্টছ ডেস্ক, ২৯ জুন: কোপা আমেৰিকা (Copa America) ফুটবল লীগত জয় যাত্ৰা অব্যাহত ৰাখিছে আৰ্জেণ্টিনা (Argentina) দলে । মঙলবাৰে লীগৰ A গ্ৰুপত থকা আৰ্জেণ্টিনা দলে ৪-১ গলত পৰাস্ত কৰে ব'লিভিয়াক । বিশ্বৰ ফুটবল তাৰকা লিয়'নেল মেছিয়ে (Lionel Messi) দুটাকৈ গ’ল কৰি নিজৰ দলৰ বাবে বৰঙণি আগবঢ়ায় । এই খেলখনত জয়ী হৈ সম্প্ৰতি আৰ্জেণ্টিনা (Argentina) তালিকাৰ শীৰ্ষত আছে ।

খেলৰ প্ৰথম অৰ্ধতে আৰ্জেণ্টিনাই তিনিটাকৈ গ’ল কৰি দলটোক শক্তিশালী কৰি থোৱা দেখা যায় । প্ৰথমাৰ্ধৰ ৬ মিনিটত মেছিৰ এক পাছৰ ফলত আলেজান্দ্ৰো গোমেজে প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত এটা পেনাল্টি শ্বটৰ সুযোগ লাভ কৰে আৰ্জেণ্টিনাই আৰু এই পেনাল্টি কোনো কাৰণতে অথলে যাবলৈ নিদিলে মেছিয়ে ।

মেছিৰ যাদুকৰি শ্বটে দলটোক দ্বিতীয় গলৰ জৰিয়তে শক্তিশালী ৰূপত থিয় কৰায় । এই গলৰ প্ৰায় ৯ মিনিটমান পিছত পুনৰ ব'লিভিয়াৰ ডিফেন্দাৰক চকুত ধুলি দি গল পোষ্টৰ ওচৰলৈ বলটো লৈ যাবলৈ সক্ষম হয় মেছি । কিন্তু বলিভিয়াৰ (Bolivia ) গল কীপাৰ কাৰ্লোছ লেম্পেৰ কিছু আগুৱাই থকাত কীপাৰৰ মুৰৰ ওপৰেৰে বলটো গ’ল পোষ্টৰ ভিতৰলৈ সুমুৱাই দিবলৈ সক্ষম হয় মেছি ।

ইফালে দ্বিতীয়াৰ্ধৰ কিছু সময় যোৱা পিছতে ব'লিভিয়া দলটোও আক্ৰমণাত্মক হৈ পৰে । কিয়নো ইতিমধ্যে তিনিটাকৈ গলত পিছ পৰি আছিল দলটো । এইবাৰ ৬০ মিনিটত চাভেদ্ৰাই এক আকৰ্ষণীয় শ্বটেৰে আৰ্জেণ্টিনাৰ গ’ল কীপাৰক পৰাস্ত কৰি প্ৰথমটো গল বলিভিয়াৰ হাতলৈ আনিবলৈ সক্ষম হয় । অৱশ্যে ইয়াৰ কিছু সময় পিছত পুনৰ আৰ্জেণ্টিনাৰ হৈ লাউটাৰো মাৰ্টিনেজে (Lautaro Martinez) দলটোৰ বাবে চতুৰ্থ আৰু নিজৰ বাবে প্ৰতিযোগিতাখনত প্ৰথমটো গল কৰিবলৈ সক্ষম হয় ।

খেলখনৰ পিছতে আৰ্জেণ্টিনাৰ মাৰ্টিনেজে কয় যে প্ৰতিযোগিতাখন আগবাঢ়ি যোৱাৰ লগে লগে দলটোৱেও সফলতা নিজৰ নামত কৰি গৈ আছে । পৰৱৰ্তী বিৰোধী দলসমূহকো তেওঁলোকে ভালদৰে জানে । এইখন এখন কঠিন প্ৰতিযোগিতা হ'ব কিন্তু তেওঁলোকে সৰ্বশ্ৰেষ্ঠ হিচাপে দলটোক স্থান দিবলৈ যথেষ্ট কষ্ট কৰিব বুলিও কয় খৈলুৱৈ গৰাকীয়ে ।

ইফালে কোপা আমেৰিকা (Copa America) ফিক্সাৰত উৰুগুৱেই এডিনচন কাভানিৰ জৰিয়তে প্ৰথমাৰ্ধৰ পেনাল্টিৰ সহযোগত পাৰাগুৱেক ১-০ গলত পৰাস্ত কৰে । ইয়াৰ পিছত উৰুগুৱে ৩ জুলাইত ব্ৰাচিলিয়াত কলম্বিয়াৰ বিৰুদ্ধে খেলিব । এই খেলখনো হ'ব ৰোমাঞ্চকৰ কিয়নো দুয়োটা দলে প্ৰতিযোগিতাৰ অন্তিম চাৰি নম্বৰ স্থানৰ বাবে মুখামুখি হ'ব । সমান্তৰালকৈ পেৰুৱে (Peru) গিয়ানিয়াত পাৰাগুৱেৰ মুখামুখি হ'ব আৰু ব্ৰাজিলে ২ জুলাইত আন এখন কোৱাৰ্টাৰ ফাইনেলত ৰিঅ' ডি জেনেৰিঅ'ত চিলিৰ (Chile) বিৰুদ্ধে মুখামুখি হ'ব ।

লগতে পঢ়ক:আৰ্ছাৰী বিশ্ব কাপত ভাৰতীয় খেলুৱৈৰ বিজয় ধাৰা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.