ETV Bharat / sports

Virat Kohli 50th ODI ton: এদিনীয়াত 50 টা শতকেৰে বিৰাট কোহলীৰ ‘বিৰাট’ অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:02 PM IST

ৱাংখেড়ে ষ্টেডিয়ামত খেলা বিশ্বকাপ 2023 ৰ প্ৰথমখন ছেমি ফাইনেল তথা 15 নৱেম্বৰ তাৰিখটো ক্ৰিকেট ইতিহাসত চিৰস্মৰণীয় হৈ ৰ’ব ৷ কিয়নো এইখন খেলতে এগৰাকী কিংবদন্তিৰ অভিলেখ ভংগ কৰি তেওঁৰেই অনুজ এগৰাকী খেলুৱৈয়ে ৰচিলে ঐতিহাসিক অভিলেখ ৷ বিৰাট কোহলীৰ বিৰাট ইনিংছটোৰ সবিশেষ...

Virat Kohli 50th ODI ton
Virat Kohli 50th ODI ton

স্প’ৰ্টছ ডেস্ক, 15 নৱেম্বৰ: এটা শতকলৈ বাট চাই ৰৈছিল তেওঁ, মাত্ৰ এটা শতক লাগে ক্ৰিকেটৰ ভগৱানক অতিক্ৰম কৰি অভিলেখ তথা ইতিহাস ৰচিবলৈ ৷ সেই সুযোগটো তেওঁ পালে ৷ সুযোগৰ সদ্যহাৰেৰে ক্ৰিকেট জগতৰ অভিলেখৰ ইতিহাস সলনি কৰি নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল এই খেলুৱৈগৰাকী ৷ ক্ৰিকেটৰ ভগৱান সেইসময়ত উপস্থিত আছিল ষ্টেডিয়ামৰ দৰ্শকৰ মাজত, যেতিয়া দুই ৰাণ লৈ এই অনবদ্য অভিলেখ সৃষ্টি কৰিলে বেটছমেনগৰাকীয়ে ৷ আমি কৈছোঁ বিৰাট কোহলীৰ বিৰাট অভিলেখৰ কথা ৷ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক 50 টা শতক অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হ’ল বিৰাট ৷

বুধবাৰে ৱাংখেড়ে ষ্টেডিয়ামৰ বতৰ ফৰকাল আছিল ৷ ভাৰতীয় ক্ৰিকেটাৰৰো মন সবল হৈ আছিল ৷ কাৰণ তেওঁলোকে তৃতীয়বাৰলৈ বিশ্বজয়ৰ সপোন লৈ অৱতীৰ্ণ হৈছিল নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ 2023ৰ প্ৰথমখন ছেমিফাইনেলত ৷ নিজৰ মনোভাৱৰ কথা প্ৰথম অভাৰতে দুটাকৈ বাউণ্ডেৰী কোবাই পৰিস্কাৰ কৰি দিছিল অধিনায়ক ৰোহিত শৰ্মাই ৷ শুভমন গিলেও জনাই দিছিল যে আজি ভাৰতীয় বেটছমেন থমকি নৰয় ৷ স্ক’ৰ দুৰ্দান্ত গতিত আগবাঢ়িল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে 47 ৰাণ কৰি আউট হয় ৰোহিত শৰ্মা ৷

ৰোহিত পেভিলিয়নমুখী হোৱাৰ পিচতেই ক্ৰীজলৈ নামি আহিল সেইগৰাকী বেটচমেন, যি অপেক্ষা কৰি ৰৈছিল এটা শতক অৰ্জন কৰিবলৈ, এটা অভিলেখ গঢ়িবলৈ ৷ গিলে মাৰমুখী বেটিং আৰম্ভ কৰিলে ৷ কোহলীয়ে প্ৰথমে ডিফেন্স খেলি লাহে লাহে আৰম্ভ কৰিলে নিজৰ প্ৰদৰ্শন ৷ গিলৰ অৰ্ধশতক হোৱাৰ পিচতে ৰাণৰ গতি বাঢ়ি আহিল ৷ কিন্তু আঘাতৰ বাবে ক্ৰীজ এৰিবলৈ বাধ্য হ’ল গিল ৷ এতিয়া ৰাণ বৃদ্ধিৰ গধুৰ দায়িত্ব কোহলী আৰু শ্ৰেয়াস আয়াৰৰ ওপৰত পৰিল ৷ দুয়ো বিস্ফোৰক বেটিঙেৰে দিশহাৰা কৰিলে কিৱি বলাৰক ৷

  • The first time I met you in the Indian dressing room, you were pranked by other teammates into touching my feet. I couldn’t stop laughing that day. But soon, you touched my heart with your passion and skill. I am so happy that that young boy has grown into a ‘Virat’ player.

    I… pic.twitter.com/KcdoPwgzkX

    — Sachin Tendulkar (@sachin_rt) November 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কোহলীৰ 98 ৰাণ হোৱাৰ লগে লগেই দৰ্শকৰ মাজত উৎকণ্ঠা বৃদ্ধি পালে ৷ ষ্টেডিয়ামত বহি থকা কোহলীৰ অভিনেত্ৰী পত্নী অনুস্কা শৰ্মাও উৎকণ্ঠিত হৈ পৰিল স্বামীৰ ঐতিহাসিক অভিলেখৰ সাক্ষী হ’বলৈ ৷ 41.4 অভাৰত লকী ফাৰ্গুচেনৰ বলত দুই ৰাণ লৈ কোহলীয়ে গঢ়িলে সেই অভিলেখ, যাৰ বাবে তেওঁ অপেক্ষাৰত আছিল ৷ এদিনীয় ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ 49 টা শতকৰ অভিলেখ ভংগ কৰি কোহলীয়ে 50 টা শতকেৰে হৈ পৰিল সৰ্বাধিক শতক সংগ্ৰহকাৰী খেলুৱৈ ৷ উৎফুল্লিত হৈ পৰিল কোহলী-তেওঁৰ সতীৰ্থ, দৰ্শক সকলো ৷ ক্ৰিকেটৰ ভগৱানেও ষ্টেডিয়ামৰ পৰাই অভিনন্দন তথা আশীৰ্বাদ দিলে কোহলীক ৷

বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত কিংবদন্তি শচীন তেণ্ডুলকাৰৰ 49 টা শতক অতিক্ৰম কৰি মাত্ৰ 279 ইনিংছত এই কৃতিত্ব অৰ্জন কৰে । বিৰাট কোহলীয়ে লগতে বিশ্বকাপৰ একক সংস্কৰণত তেণ্ডুলকাৰৰ 673 ৰানৰ সীমাও অতিক্ৰম কৰে । এদিনীয়া বিশ্বকাপৰ একক সংস্কৰণত এতিয়া সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে কোহলী ।

খেলখনত কোহলীয়ে বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙক অতিক্ৰম কৰি এদিনীয়া ক্ৰিকেটৰ ইতিহাসত তৃতীয় স্থানত ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰা (14,234) আৰু শচীন তেণ্ডুলকাৰ (18,426) এই তালিকাত আগবাঢ়ি আছে ।

তেণ্ডুলকাৰে কোহলীক এই ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে শলাগ লোৱাৰ বিপৰীতে কোহলীৰ পত্নী তথা বলীউডৰ সুপৰিচিত অভিনেত্ৰী অনুষ্কা শৰ্মায়ো স্বামীৰ এই অসাধাৰণ কৃতিত্বক শলাগ লয় । নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনেও অভাৰব্ৰেকৰ সময়ত তেওঁক সাৱটি ধৰিছিল । 46.3 অভাৰত টিম চাউদীৰ বলত কেচ আউট হয় বিৰাট কোহলী ৷

টচত জয়ী হৈ বেটিং কৰিবলৈ বাছি লোৱা ভাৰতে বিৰাট কোহলী আৰু শ্ৰেয়াস আয়াৰৰ শতক তথা ৰোহিত, গিল আৰু ৰাহুলৰ অনবদ্য বৰঙণিৰ সহায়ত নিউজীলেণ্ডক 398 ৰাণৰ এক কঠিন লক্ষ্য বান্ধি দিয়ে ৷ শ্ৰেয়াস আয়াৰে 70 টা বলত 4 টা বাউণ্ডেৰী আৰু 8 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 105 ৰাণ সংগ্ৰহ কৰে ৷ গিলে 66 টা বলত 80 ৰাণ কৰি আঘাতৰ বাবে খেলপথাৰৰ পৰা বাহিৰলৈ যায় ৷

লগতে পঢ়ক: ICC World Cup 2023 : ৱাংখেড়েত ভাৰতৰ বেটিং বিক্ৰম, কোহলী-আয়াৰৰ বিস্ফোৰক শতক: নিউজীলেণ্ডৰ সন্মুখত 398 ৰাণৰ বিশাল লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.