ETV Bharat / sports

ICC World Cup 2023: ৱাংখেড়েত 2019 ৰ পোতক তুলিলে ভাৰতে; কিৱি বাহিনীক পৰাস্ত কৰি বিশ্বকাপ 2023ৰ ফাইনেলত টীম ইণ্ডিয়া

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 6:22 PM IST

Updated : Nov 15, 2023, 11:08 PM IST

ICC World Cup 2023
বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

নিউজীলেণ্ডক 70ৰাণত পৰাস্ত কৰি বিশ্বকাপ 2023 ৰ ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ ৷ মহম্মদ ছামীৰ বিস্ফোৰক বলিঙত 327 ৰাণতে অল আউট কিৱি বাহিনী ৷

স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলে বুধবাৰে ৱাংখেড়ে ষ্টেডিয়ামত এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 ৰ ছেমিফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰাই নহয়, চাৰি বছৰ পূৰ্বৰ পৰাজয়ৰ যেন পোতক তুলিলে ৷ 2019 বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডে পৰাস্ত কৰিছিল ভাৰতক ৷ বুধবাৰে ৰোহিত বাহিনীয়ে যেন তাৰেই যোগ্য প্ৰত্যুত্তৰ দিলে ৷

398 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দি কিৱি বাহিনীক 70 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে ৷ ৰোহিত-গিলৰ বিস্ফোৰক আৰম্ভণি, কোহলী-শ্ৰেয়াসৰ দৰ্শনীয় শতকৰ সহায়ত ভাৰতে নিউজীলেণ্ডক নিৰ্ধাৰিত 50 অভাৰত জয়ৰ বাবে 398 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷

ৰাণ অনুসৰণ কৰিবলৈ আহি নিউজীলেণ্ডৰ দুই অপেনাৰ ডেভন কনৱে’ আৰু ৰাচিন ৰবীন্দ্ৰন 39 ৰাণতে আউট হয় যদিও অধিনায়ক কেন উইলিয়ামচন আৰু মিচেলৰ যুটিয়ে ভাৰতীয় বলাৰক দিশহাৰা কৰি তোলে ৷ লাহে লাহে নিউজীলেণ্ডৰ স্ক’ৰ বাঢ়ি গ’ল আৰু খেলখন যেন ভাৰতৰ হাতৰ পৰা ওলাই গৈ থাকিল ৷ কিন্তু দুয়োগৰাকী বিস্ফোৰক বেটচমেনকে 220 ৰাণ হোৱাৰ সময়ত পেভিলিয়নৰ ৰাস্তা দেখুৱাই দিলে ভাৰতীয় দুৰ্দান্ত বলাৰ মহম্মদ ছামীয়ে ৷ কেনে 69 আৰু মিচেলে 134 ৰ বিস্ফোৰক ইনিংছ খেলে ৷

টম লাথামেও কোনো ৰাণ নকৰাকৈয়ে আউট হয় ৷ ফিলিপে বিস্ফোৰক ৰূপ দাৰণ কৰিলেও বেছি সময় টিকিবলৈ নাপালে বুমৰাহৰ বলত বাউণ্ডৰীত এটা সুন্দৰ কেচ ধৰি জাডেজাই ফিলিপক ওভটাই পঠিয়ায় ৷ ছান্টনাৰ, ফাৰ্গুচনো বিফল হয় দলক জয়ী কৰোৱাত ৷ 48.5 অভাৰত 327 ৰাণ কৰি অল আউট হয় কিৱি বাহিনী ৷

ভাৰতীয় বলাৰে আজি বেছি ৰান খৰচ কৰিলেও ৰোহিত শৰ্মাৰ ভৰসাৱান হৈ উঠিল ছামী ৷ ছামীয়ে 9.5 অভাৰত 58 টা খৰচ কৰি নিউজীলেণ্ডৰ 7 টাকৈ উইকেট দখল কৰে ৷ এই দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ছামীক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷ ছামীয়ে এই টুৰ্ণামেন্টত বৰ্তমানলৈকে 23 টা উইকেট দখল কৰিছে ৷

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ভাৰতে আৰম্ভণিৰ পৰাই অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বিস্ফোৰক আৰম্ভণিৰ সহায়ত বিশাল স্কৰৰ দিশে আগবাঢ়ি যায় ৷ অধিনায়ক ৰোহিত শৰ্মাই 29 টা বলত 47 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে শুভমন গীলে আঘাটৰ বাবে কেলপথাৰ ত্যাগ কৰিব লগীয়া হয় ৷ অৱশ্যে সূৰ্যকুমাৰ যাদৱৰ উইকেটৰ পতনৰ পাছত পুনৰ ক্ৰীজলৈ আহি শুভমন গীলে 66 টা বলত 80 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

ইফালে আজিৰ এই মেচতে তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে গঢ়ে এক অনবদ্য অভিলেখ ৷ আজিৰ মেচখনত শতক অৰ্জন কৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 50 টা শতক অৰ্জন কৰা খেলুৱৈত পৰিণত হয় কোহলী ৷ এই শতক অৰ্জনেৰে বিৰাট কোহলীয়ে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে ৷ বিৰাট কোহলীয়ে 113টা বলত 117 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে আৰু টীম চাউথীৰ বলত পেভিলিয়নমুখী হয় ৷ আনহাতে শ্ৰেয়াছ আয়াৰেও নিজৰ স্বাভাৱ সুলভ প্ৰদৰ্শনেৰে মাত্ৰ 70 টা বলতে 105 ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলে ৷ কে এল ৰাহুলে 20 টা বলত 39 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

নিউজীলেণ্ডৰ হৈ টীম চাউথীয়ে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ ট্ৰেন্ট বৌল্টে দখল কৰে 1 টা উইকেট ৷

লগতে পঢ়ক : World Cup 2023 : ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেলত পিটচ বিতৰ্ক

Last Updated :Nov 15, 2023, 11:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.