ETV Bharat / sports

World Cup 2023 : ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেলত পিটচ বিতৰ্ক

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 2:54 PM IST

ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেলত পিটচ বিতৰ্ক
World Cup 2023

ডেইলী মেইলৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত ছেমি ফাইনেলখন যিখন পিটচত খেলিবলগা আছিল, উক্ত পিটচখন দল মেনেজমেণ্টৰ অনুৰোধত অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে । লগতে এইটোও দাবী কৰা হৈছে যে পৃষ্ঠৰ ঘাঁহবোৰ শ্বেভ কৰা হৈছে । মীনাক্ষী ৰাৱৰ এক প্ৰতিবেদন ।

স্পৰ্টছ ডেস্ক, ১৫ নৱেম্বৰ : চলিত বিশ্বকাপৰ ভাৰত-নিউজীলেণ্ডৰ মাজৰ ছেমি ফাইনেল মেচখনৰ প্ৰাকমুহূৰ্তত পিটচ বিতৰ্কৰ সৃষ্টি হৈছে । অভিযোগ উঠিছে যে ভাৰতীয় দল মেনেজমেণ্টৰ নিৰ্দেশত পিটচখন সলনি কৰা হৈছে ।

অৱশ্যে আইচিচিৰ এনে কোনো নিয়ম নাই যে নকআউট মেচ এখন নতুন পিটচত খেলিব লাগিব । "আশাকৰা হৈছে যে যিবোৰ স্থানক এখন মেচ আয়োজনৰ দায়িত্ব প্ৰদান কৰা হৈছে, তেওঁলোকে উক্ত মেচখনৰ বাবে যিমান সম্ভৱ সৰ্বশ্ৰেষ্ঠ পিটচ আৰু আউটফিল্ড প্ৰদান কৰিব ।" আইচিচিৰ নিয়মাৱলীত এই কথা লিখা আছে ।

আনহাতে, ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি, প্ৰথমতে ৱাংখেড়ে ষ্টেডিয়ামৰ মাজৰ ৭ নং পিটচত খেলিবলগা ছেমি ফাইনেলখন দল মেনেজমেণ্টৰ অনুৰোধত ৬ নং পিটচলৈ স্থানান্তৰিত কৰা হৈছে । প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে মঙলবাৰে সন্ধিয়া পিটচখন বহু সময় ধৰি পৰ্যবেক্ষণ কৰে । প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে দীপাৱলীৰ দিনা ভাৰতে বাংগালুৰুত ডাচ্চ বাহিনীৰ বিৰুদ্ধে খেলা অন্তিমখন লীগ মেচৰ ঠিক পিছতে ঘাঁহ কাটিবলৈ অনুৰোধ কৰে ।

যদিও ভাৰতে ৩০২ ৰাণৰ ব্যৱধানত জয়ী হোৱা ভাৰত-শ্ৰীলংকাকে ধৰি দুখন লীগ পৰ্যায়ৰ মেচ ৬ নম্বৰ পিটচত খেলা হৈছিল, পিটচ নম্বৰ ৭ হৈছে এক নতুন পিটছ যাৰ ওপৰত এতিয়ালৈকে কোনো বিশ্বকাপ মেচ খেলা হোৱা নাই । আইচিচি বিশ্বকাপৰ বাবে প্লেয়িং মেনুৱেল অনুসৰি, যিকোনো মেচৰ পূৰ্বে প্ৰাসঙ্গিক গ্ৰাউণ্ড কৰ্তৃপক্ষ 'পিটচ বাছনি আৰু প্ৰস্তুতিৰ বাবে দায়বদ্ধ' ।

ৱাংখেড়ে হৈছে মুম্বাই ক্ৰিকেট এছোচিয়েচনৰ অধীনস্থ ষ্টেডিয়াম । আইচিচিৰ এজন স্বতন্ত্ৰ পিটচ পৰামৰ্শদাতাও আছে । তেওঁ হৈছে এণ্ডি এটকিনছন । তেওঁ স্থানীয় গ্ৰাউণ্ড ষ্টাফৰ সৈতে কাম কৰে । ডেইলী মেইলে এটকিনছনৰ ইমেইলৰ উদ্ধৃতি দি কৈছে যে তেৱোঁ পলমকৈ হোৱা এই পৰিৱৰ্তনত অসন্তুষ্টি প্ৰকাশ কৰিছিল ।

"এই কাৰ্যবোৰৰ ফলস্বৰূপে দল পৰিচালনা আৰু/বা আয়োজক ৰাষ্ট্ৰৰ ক্ৰিকেট পৰিষদৰ অনুৰোধত বিশেষভাৱে বাছনি কৰা আৰু তেওঁলোকৰ চৰ্তাৱলী অনুসৰি প্ৰস্তুত কৰা পিটচ থকা এইটো প্ৰথম আইচিচি বিশ্বকাপ ফাইনেল হ'ব নেকি সেয়া অনুমান কৰিব লাগিব ।" এটকিনছনৰ মেইলটোত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে নকআউট মেচ এখন ব্যৱহৃত পিটছত খেলাটো এইটোৱে প্ৰথমবাৰৰ বাবে নহ'ব । ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল, এডিলেড অ'ভেল আৰু ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত দুয়োখন ব্যৱহৃত পিটচত খেলা হৈছিল । অৱশ্যে নিউজীলেণ্ড দলৰ ফালৰ পৰা পিটচক কেন্দ্ৰ কৰি কোনো সমস্যাৰ বিষয়ে একো উল্লেখ কৰা নাই । কেন উইলিয়ামছন আৰু তেওঁৰ দল মেনেজমেণ্টে পিটচখন আবেলি পৰীক্ষা কৰিছিল । আনহাতে, দ্ৰাবিড়ে লাইটৰ পোহৰত পৰীক্ষা কৰিছিল ।

লগতে পঢ়ক :World Cup 2023: ৰোহিত শৰ্মা আৰু কেন উইলিয়ামছনৰ ক্ৰিকেট দক্ষতাৰ এক অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.