ETV Bharat / sports

CWC 2023 : এগৰাকী বলাৰ হিচাপে যি কৰিব পাৰোঁ কৰি আছোঁ: কুলদীপ যাদৱ

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 7:46 PM IST

এগৰাকী বলাৰ হিচাপে যি কৰিব পাৰোঁ কৰি আছোঁ; কুলদীপ যাদৱ
CWC 2023

ভাৰতীয় স্পিনাৰ কুলদীপ যাদৱে নিউজীলেণ্ডৰ বিৰুদ্ধে ধৰ্মশালাৰ সৰু খেলপথাৰত সুন্দৰ বলিং কৰি ২টা উইকেট দখল কৰে । টীম ইণ্ডিয়াৰ বিজয় আৰু তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ পিছত তেওঁ এই সন্দৰ্ভত মন্তব্য কৰিছে ।

স্পৰ্টছ ডেস্ক, ২৩ অক্টোবৰ : ভাৰতৰ বাঁওহতীয়া ৰিষ্ট স্পিনাৰ কুলদীপ যাদৱে বিশ্বাস কৰে যে এগৰাকী বলাৰ হিচাপে তেওঁ আৰু কি কৰিব পাৰে তাৰ ওপৰত কাম কৰিব । ইয়াৰ দ্বাৰা ঘৰুৱা মাটিত চলি থকা বিশ্বকাপৰ সময়ত তেওঁৰ বলিঙত স্বাচ্ছন্দ্যবোধ কৰাত সহায় কৰিব । উল্লেখ্য যে এছিয়া কাপত ভাৰতৰ বিজয়ত 'প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট' বঁটা লাভ কৰাৰ পিছত কুলদীপে ভাৰতৰ বিশ্বকাপ দলত স্থানলাভ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

কুলদীপে বৰ্তমানলৈকে চলিত বিশ্বকাপত ভাৰতৰ পাঁচখন মেচত আঠটা উইকেট দখল কৰিছে । আনহাতে, নিউজীলেণ্ডৰ বিৰুদ্ধে তেওঁ পাঁচ অভাৰত ৪৮ ৰাণ খৰচ কৰাৰ পিছত তেওঁ পুনৰ স্বাভাৱিক ছন্দলৈ উভতি আহে আৰু দুটা উইকেট দখল কৰে । মেচখনত কুলদীপে নিৰ্ধাৰিত ১০ অভাৰত ৭৩ ৰাণৰ বিনিময়ত ২ উইকেটত তেওঁৰ স্পেল সম্পূৰ্ণ কৰে । বৰ্তমানলৈকে কুলদীপে আটাইকেইখন মেচতে সুন্দৰ প্ৰদৰ্শন কৰিছে । তেওঁ অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ বিৰুদ্ধেও সুন্দৰ বলিং প্ৰদৰ্শন কৰে ।

আইচিচি ৰিভিউ পডকাষ্টৰ নতুন খণ্ডত কুলদীপে কয়, "সঁচাকৈ ক'বলৈ গ'লে মই আন বিষয়ত বেছি চিন্তা কৰা নাই । মই আৰু বিফলতাক ভয় নকৰোঁ । মই মোৰ বিষয়বোৰৰ ওপৰত কাম কৰোঁ, মোৰ বলিং উন্নত কৰোঁ আৰু মোৰ হাতত থকা দক্ষতাৰ বিষয়ে ভাবিবলৈ চেষ্টা কৰোঁ ।"

উল্লেখ্য যে দেওবাৰে ধৰ্মশালাত অনুষ্ঠিত মেচখনত ভাৰতৰ সন্মুখত নিউজীলেণ্ডে ২৭৩ ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । আনহাতে, ভাৰতে ৬ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয় । মেচখনত বিৰাট কোহলীয়ে ৯৫ ৰাণৰ এক উজ্জ্বল ইনিংছ দলৰ বাবে উপহাৰ দিয়ে । বৰ্তমান পাঁচখন মেচত জয়ৰ জৰিয়তে ১০ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰতে ২৯ অক্টোবৰত লক্ষ্ণৌত বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ডৰ মুখামুখী হ'ব । ইয়াৰ পূৰ্বে ছয় দিনৰ বিশ্ৰাম লাভ কৰিছে টীম ইণ্ডিয়াই ।

লগতে পঢ়ক :CWC 2023 : বিৰাট কোহলীৰ ইনিংছক প্ৰশংসা ডাৰিল মিচেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.