ETV Bharat / sports

টছত জয়ী অষ্ট্ৰেলিয়া, দুয়োটা দলৰে প্লেয়িং একাদশত নাই কোনো পৰিৱৰ্তন

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 3:31 PM IST

World Cup 2023 Final
টছত জয়ী অষ্ট্ৰেলিয়া, দুয়োটা দলৰে প্লেয়িং একাদশত নাই কোনো পৰৱৰ্তন

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ফাইনেল । টছত জয়ী হৈ অষ্ট্ৰেলিয়াই ফিল্ডিঙৰ সিদ্ধান্ত লৈছে । দুয়োটা দলেই প্লেয়িং একাদশত কোনো সাল-সলনি কৰা নাই ।

স্পৰ্টছ ডেস্ক,১৯ নৱেম্বৰ : আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলখন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । ভাৰতীয় দলটোৱে তৃতীয়টো বিশ্বকাপৰ খিতাপ জয়ৰ আশাত খেলপথাৰ নামিছে । একে সময়তে, অষ্ট্ৰেলিয়াই আন এটা ট্ৰফী লাভ কৰাৰ বাবে চেষ্টা চলাব । আজি ১৪০ কোটি দেশবাসীৰ প্ৰাৰ্থনা ভাৰতৰ সৈতে আছে । ইফালে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে । দুয়োটা দলে তেওঁলোকৰ প্লেয়িং-১১ত কোনো পৰিৱৰ্তন কৰা নাই ।

ফাইনেলত টছত জয়ী হোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে কয় যে তেওঁলোকে প্ৰথমে বলিং কৰিব বিচাৰে । কুঁৱলী এক কাৰক হ'ব পাৰে বুলি তেওঁ ধাৰণা কৰিছে । যাৰ বাবে পাছত ইয়াত বেটিং কৰাটো ভাল হ'ব বুলি তেওঁ অনুমান কৰিছে । প্ৰতিযোগিতাখনত আৰম্ভণি কঠিন আছিল কিন্তু তেতিয়াৰ পৰা কোনো ভুল হোৱা নাই বুলি তেওঁ উল্লেখ কৰে । দলটোৰে সদস্যসকলে ভাল খেলি আছে বুলি তেওঁ দাবী কৰে ।

  • Australia XI: David Warner, Travis Head, Mitch Marsh, Steve Smith, Marnus Labuschagne, Josh Inglis (wk), Glenn Maxwell, Mitch Starc, Pat Cummins (c), Josh Hazlewood, Adam Zampa #CWC23

    — cricket.com.au (@cricketcomau) November 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অষ্ট্ৰেলিয়াৰ প্লেয়িং ১১ : ট্ৰেভিছ হেড, ডেভিদ ৱাৰ্ণাৰ, মিচেল মাৰ্শ, ষ্টিভ স্মিথ, মাৰ্নাছ লাবুচাগনে, গ্লেন মেক্সৱেল, জছ ইংগলিছ (উইকেটকিপাৰ), মিচেল ষ্টাৰ্ক, পেট কামিন্স (অধিনায়ক), এডাম জাম্পা, জছ হেজলউড ।

একে সময়তে, টছত পৰাজিত হোৱাৰ পাছত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে টছত জয়ী হোৱাৰ পাছত তেওঁ প্ৰথমে বেটিং কৰিলেহেঁতেন । পিটচখন ভাল বুলি তেওঁ অনুমান কৰিছে । এয়া গুৰুত্বপূৰ্ণ খেল, সেয়েহে দলটোৱে বৰ্ডত ডাঙৰ স্ক'ৰ ৰাখিব বিচাৰিব । তেওঁ উল্লেখ কৰা মতে ষ্টেডিয়ামখনত যেতিয়াই ভাৰতে খেলে বৃহৎ সংখ্যক দৰ্শক দেখা যায় । এইখন গুৰুত্বপূৰ্ণ খেল সেয়েহে ভাল আৰু শান্তভাৱে খেলিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । ফাইনেলত দলটোৰ অধিনায়ক হোৱাটো তেওঁৰ সপোন সঁচা হোৱা বুলিও উল্লেখ কৰে । যোৱা ১০ খন খেলত ধাৰাবাহিকভাৱে যিধৰণে খেলিছে ভাৰতে এইখন খেলতো তেনেদৰেই খেলিব লাগিব বুলি উল্লেখ কৰে । ভাৰতে প্লেয়িং ১১ত কোনো পৰিৱৰ্তন কৰা নাই ।

ভাৰতৰ প্লেয়িং ১১ : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটকিপাৰ), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ ।

লগতে পঢ়ক :নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপ দখলৰ যুঁজত ভাৰত-অষ্ট্ৰেলিয়া : 90 ৰাণত 3 টা উইকেটৰ পতন ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.