ETV Bharat / sports

India vs West Indies women’s T20: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে উন্নত বলিঙৰ লক্ষ্য ভাৰতৰ

author img

By

Published : Feb 15, 2023, 4:41 PM IST

ICC Womens T20 World Cup 2023
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে উন্নত বলিঙৰ লক্ষ্য ভাৰতৰ

আইচিচি মহিলা টি-২০ বিশ্বকাপত আজি সমুখ সমৰত অৱৰ্তীণ হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজ ৷ মহিলা বিশ্বকাপৰ প্ৰথমখন মেচত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ হাতত পৰাস্ত হৈছে ৱেষ্ট ইণ্ডিজ (ICC Women’s T20 World Cup 2023) ৷

স্পৰ্টছ ডেস্ক, ১৫ ফেব্ৰুৱাৰী: আইচিচি মহিলা টি-২০ বিশ্বকাপত আজি অৰ্থাৎ বুধবাৰে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব টীম ইণ্ডিয়া ৷ ভাৰতে মহিলা টি-২০ বিশ্বকাপত তেওঁলোকৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে উন্নত বলিং প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব ভাৰতীয় দলটোৱে (ICC Womens T20 World Cup 2023) । সহঃ অধিনায়ক স্মৃতি মান্ধানা অবিহনে ভাৰতীয় বেটছমেনসকলে পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত জয়লাভ কৰি তেওঁলোকৰ সৰ্বাধিক সফলতা লাভ কৰিবলৈ সক্ষম হয় (Indian women cricket team beat Pakistan) ।

আঙুলিৰ আঘাতৰ বাবে মান্ধানাই পাকিস্তানৰ বিৰুদ্ধে খেলখনত অৱৰ্তীণ হোৱাত ব্যৰ্থ হৈছিল ৷ ভাৰতৰ তাৰকা অ’পেনাৰগৰাকীয়ে আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলখনৰ জৰিয়তে পুনৰ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা আছে ৷ ৱেষ্ট ইণ্ডিজই ইতিমধ্যে ইংলেণ্ডৰ বিৰুদ্ধে ডাঙৰ পৰাজয়ৰ সন্মুখীন হৈছে । ভাৰতৰ বলিং প্ৰশিক্ষক ট্ৰয় কুলিয়েও এইখনৰ খেলৰ জৰিয়তে স্মৃতি মান্ধানাই পুনৰ টি-২০ বিশ্বকাপত প্ৰত্যাৱৰ্তন কৰিব বুলি আশা কৰিছে (India women vs West Indies preview) ।

লগতে পঢ়ক: ICC Womens T20 World Cup 2023 : খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ

উল্লেখ্য যে, ভাৰতে শেহতীয়াকৈ ত্ৰিদেশীয় শৃংখলাত ৱেষ্ট ইণ্ডিজক দুবাৰকৈ পৰাজিত কৰিছিল । ইফালে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পাচত ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ প্ৰথমটো জয়ৰ লক্ষ্যৰে ভাৰতৰ বিৰুদ্ধে আজি মৰণপণ যুঁজত অৱৰ্তীণ হ'ব ৷ তদুপৰি আৰু এটা পৰাজয়ে প্ৰাক্তন চেম্পিয়ন দলটোক ছেমি ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পথ প্ৰশস্ত কৰিব । পিঠিৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা অভিজ্ঞ ষ্টেফানি টেইলৰো ইতিমধ্যে উভতি আহিছে (India vs West Indies analysis) ।

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলত কোনে কোনে খেলিব:

ভাৰত: হৰমনপ্ৰীত কৌৰ(অধিনায়ক), স্মৃতি মান্ধানা, শেফালী বাৰ্মা, জষ্টিকা ভাটিয়া, ৰিচা ঘোষ, জেমিমা ৰড্ৰিগছ, হৰলীন দেওল, দীপ্তি শৰ্মা, দেৱীকা বৈদ্য, ৰাধা যাদৱ, ৰেণুকা ঠাকুৰ, অঞ্জলি সৰ্বানী, পূজা ৱাষ্টেকাৰ, ৰাজেশ্বৰী গায়কোৱাড, শিখা পাণ্ডে ।

দক্ষিণ আফ্ৰিকা: হেইলি মেথিউছ (অধিনায়ক), শ্বেমেইন কেম্পবেল (ভিচি), আলিয়া হ্য়ালিন, ছামিলিয়া কনেল, আফি ফ্লেচাৰ, শ্বাবিকা গজনাবি, চিনেল হেনৰী, তৃষাণ হোল্ডাৰ, জাইদা জেমছ, ডিজেনাবা জোছেফ, চেডিয়ান নেশ্যন, কৰিশ্মা ৰামহাৰক, শাকেৰা চেলমেন, ষ্টাফানি টেইলৰ, ৰাশাদা উইলিয়ামছ ।

ভাৰতীয় সময়মতে আজি সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰম্ভ হ'ব খেলখন ।

(পিটিআই)

লগতে পঢ়ক: ICC Womens T20 World Cup : মহিলা টি-20 বিশ্বকাপৰ গ্ৰুপ মেচত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.