ETV Bharat / sports

শ্বেন ৱাৰ্ণক শ্ৰেষ্ঠ স্পীনাৰ বুলি ক’ব নোখোজে সুনীল গাভাস্কাৰে

author img

By

Published : Mar 7, 2022, 5:32 PM IST

Sunil Gavaskar on Shane Warne
শ্বেন ৱাৰ্ণক শ্ৰেষ্ঠ স্পীনাৰ বুলি ক’ব নোখোজে সুনীল গাভাস্কাৰে

মাত্ৰ কেইদিনমান পূৰ্বে মৃত্যুক আঁকোৱালি লোৱা অষ্ট্ৰেলিয়ান স্পীনাৰ শ্বেন ৱাৰ্ণ সন্দৰ্ভত মন্তব্য কৰিছে সুনীল গাভাস্কাৰে (Sunil Gavaskar on Shane Warne)৷ ৱাৰ্ণক শ্ৰেষ্ঠ স্পীনাৰ বুলি ক’ব নোখোজে গাভাস্কাৰে ৷ ইয়াৰ কাৰণো দৰ্শালে কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷

নিউজ ডেস্ক, 7 মাৰ্চ : কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে সদ্যপ্ৰয়াত অষ্ট্ৰেলিয়ান স্পীনাৰ শ্বেন ৱাৰ্ণ সম্পৰ্কে কৰিছে এক বিশেষ মন্তব্য (Sunil Gavaskar on Shane Warne)৷ তেওঁ কয় যে, ৱাৰ্ণে তেওঁৰ ক্ৰীড়া জীৱনত যাদুকৰী বল কৰিছিল আৰু তেওঁ এক কঠিন কলাও আয়ত্ব কৰি লৈছিল ৷ কিন্তু অষ্ট্ৰেলিয়াৰ এই কিংবদন্তি বলাৰজনক মহান স্পীনাৰ আখ্যা দিব নোৱাৰি বুলি উল্লেখ কৰে গাভাস্কাৰে কয়, ভাৰতত তেওঁ প্ৰদৰ্শন অতি সাধাৰণ আছে ৷

1992 ক্ৰিকেটত অভিষেক ঘটা ৱাৰ্ণে লেগ-স্পীনৰ দ্বাৰা 145 খন টেষ্ট মেচত 708 টা উইকেট দখল কৰিছিল (Records of Shane Warne) ৷ এদিনীয়া খেলত 194 খন মেচত তেওঁ দখল কৰিছিল 293 টা উইকেট ৷ কিন্তু যেতিয়া গাভাস্কাৰক সোধা হৈছিল যে, অষ্ট্ৰেলিয়ান বলাৰগৰাকী তেওঁ দেখা সৰ্বশ্ৰেষ্ঠ স্পিনাৰ নেকি, তেতিয়া ভাৰতৰ প্ৰাক্তন অধিনায়কজনে ভাৰতৰ স্পিনাৰ আৰু শ্ৰীলংকাৰ প্ৰাক্তন বলাৰ মুথিয়া মুৰলীধৰণক ৱাৰ্ণতকৈ অধিক মূল্যাংকন কৰিছিল (Gavaskar praise Muttiah Muralitharan)৷

তেওঁ কৈছিল যে, ‘‘নহয় মই তেনেকৈ নাভাৱো ৷ মোৰ বাবে শ্বেন ৱাৰ্ণতকৈ ভাৰতীয় স্পীনাৰ আৰু মুথিয়া মুৰলীধৰণহে শ্ৰেষ্ঠ ৷ কাৰণ ভাৰতৰ সৈতে গঢ়া শ্বেন ৱাৰ্নৰ অভিলেখ অতি সাধাৰণ ৷ ভাৰতত তেওঁ এবাৰেই নাগপুৰত পাঁচটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷

গাভাস্কাৰে আৰু কয় যে, ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে বিশেষকৈ যিসকল স্পীন বলৰ ভাল খেলুৱৈ তেওঁলোকৰ বিৰুদ্ধে বৰ বিশেষ সফলতা লাভ কৰা নাছিল ৷ মুথিয়া মুৰলীধৰণে বিশেষ সফলতা লাভ কৰিছিল ভাৰতৰ বিৰুদ্ধে ৷ ক্ৰীকেট ইতিহাসত মুথিয়া মুৰলীধৰণে 800 উইকেট দখল কৰাৰ বিপৰীতে 708 টা উইকেট দখল কৰিছে ৱাৰ্ণে ৷ উল্লেখ্য যে, 52 বছৰ বয়সত যোৱা শুকুৰবাৰে থাইলেণ্ডৰ কহ চামুইত মৃত্যুক আঁকোৱালি লয় শ্বেন ৱাৰ্ণে ৷ হৃদক্ৰিয়া বন্ধ হৈ ৱাৰ্ণৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : বলিউডতো পৰিকল্পনা কৰা হৈছিল শ্বেণ ৱাৰ্ণৰ বায়পিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.