ETV Bharat / sports

CWC 2023 : প্ৰথম ছেমিত বুধবাৰে ভাৰত বনাম নিউজীলেণ্ড; কোন কোন আম্পায়াৰ থাকিব ফিল্ডত ?

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 1:41 PM IST

প্ৰথম ছেমিত বুধবাৰে ভাৰত বনাম নিউজীলেণ্ড; কোন কোন আম্পায়াৰ থাকিব ফিল্ডত ?
CWC 2023

চলিত বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেল দুখন মুম্বাই আৰু কলকাতাত অনুষ্ঠিত হ'ব । ইতিমধ্যে এই ছেমি ফাইনেল দুখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মেচ ৰেফাৰীসকলৰ নাম ঘোষণা কৰিছে । ভাৰতে ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । আনহাতে, কলকাতাৰ ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাই পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখী হ'ব ।

স্পৰ্টছ ডেস্ক, ১৪ নৱেম্বৰ : চলিত আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । বুধবাৰে অনুষ্ঠিত হ'ব প্ৰথমখন ছেমি ফাইনেল । এই মেচখনত বিগত বিশ্বকাপৰ পোতক তোলাৰ উদ্দেশ্যে নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত । এই মেচখনত অভিজ্ঞ আম্পায়াৰ ৰড টাকাৰে তেওঁৰ শততম এদিনীয়া মেচত আম্পায়াৰিং কৰিব । উল্লেখ্য যে প্ৰথমখন ছেমি ফাইনেল ১৫ নৱেম্বৰত ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

মেচখনত অষ্ট্ৰেলিয়ান ৰড টাকাৰ আৰু ইংলেণ্ডৰ ৰিচাৰ্ড ইলিংৱৰ্থে আয়োজক দেশ আৰু বৰ্তমানৰ ৰানাৰ্ছ-আপ দল দুটাৰ মাজত অনুষ্ঠিত হ'বলগীয়া মুম্বাইৰ যুঁজত খেলপথাৰত আম্পায়াৰ হিচাপে থাকিব । উল্লেখ্য যে ইলিংৱৰ্থ বিগত বিশ্বকাপৰ ভাৰতে অৱতীৰ্ণ হোৱা ছেমি ফাইনেলখনতো অন-ফিল্ড আম্পায়াৰ হিচাপে আছিল । অ'ল্ড ট্ৰেফৰ্ডত বেয়া বতৰৰ বাবে দুদিন ধৰি অনুষ্ঠিত মেচখনত নিউজীলেণ্ডে ভাৰতক ১৮ ৰাণত পৰাস্ত কৰিছিল । আনহাতে, উক্ত মেচখনত ৰড টাকাৰ তৃতীয় আম্পায়াৰ আছিল ।

ৰড টাকাৰে ২০০৯ চনৰ জানুৱাৰীত তেওঁৰ প্ৰথমখন এদিনীয়াত আম্পায়াৰিঙৰ বাবে খেলপথাৰত থিয় হৈছিল । শততম মেচখনত তেওঁক তৃতীয় আম্পায়াৰ হিচাপে জোৱেল উইলচন, চতুৰ্থ আম্পায়াৰ হিচাপে এড্ৰিয়ান হোল্ডষ্টক আৰু মেচ ৰেফাৰী হিচাপে এণ্ডি পাইক্ৰফ্টে সহায় কৰিবলৈ সাজু হৈছে ।

আনহাতে, ৰিচাৰ্ড কেটেলবৰোৱে এইবাৰৰ টুৰ্ণামেণ্টখনৰ সময়ত এদিনীয়া মেচৰ আম্পায়াৰিঙৰ শতক অৰ্জন কৰিছে । কলকাতাত অনুষ্ঠিত হ'বলগীয়া অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয়খন ছেমি ফাইনেলত তেওঁ আম্পায়াৰিঙ কৰিব । ২১ অক্টোবৰত নেদাৰলেণ্ড-শ্ৰীলংকাৰ মাজৰ মেচখনত কেটলবৰোৱে এই মাইলৰ খুঁটি স্থাপন কৰিছিল । আনহাতে, একেৰাহে তৃতীয় বিশ্বকাপৰ বাবে তেওঁক ছেমি ফাইনেলত আম্পায়াৰ হিচাপে দেখা যাব ।

তেওঁক খেলপথাৰত ভাৰতৰ নীতিন মেননে সহযোগ কৰিব । নীতিন মেননে তেওঁৰ জীৱনৰ প্ৰথমখন বিশ্বকাপত খেলপথাৰত খেল পৰিচালনা কৰিব । আনহাতে ক্ৰিছ গাফানিয়ে তৃতীয় আম্পায়াৰ হিচাপে কাম কৰিব । মাইকেল গঘ (চতুৰ্থ আম্পায়াৰ) আৰু ভাৰতৰ প্ৰাক্তন পেচাৰ জৱাগল শ্ৰীনাথে (মেচ ৰেফাৰী) তেওঁলোকক সহায় কৰিব । এইবাৰ বিশ্বকাপৰ সময়ত অৰ্জন কৰা আন এক মাইলৰ খুঁটি হৈছে এহছান ৰাজাৰ ৫০ সংখ্য়ক এদিনীয়াত আম্পায়াৰিং । ৮ নৱেম্বৰত তেওঁ পুনেত অনুষ্ঠিত ইংলেণ্ড আৰু নেদাৰলেণ্ডৰ মাজৰ মেচখনত এই কৃতিত্ব অৰ্জন কৰে ।

ছেমি ফাইনেলৰ বাবে মেচ অফিচিয়েলসকল :

ভাৰত বনাম নিউজীলেণ্ড : বুধবাৰ, ১৫ নৱেম্বৰ, মুম্বাই

* অন-ফিল্ড আম্পায়াৰ : ৰিচাৰ্ড ইলিংৱৰ্থ আৰু ৰড টাকাৰ

* তৃতীয় আম্পায়াৰ : জোৱেল উইলছন

* চতুৰ্থ আম্পায়াৰ : এড্ৰিয়ান হোল্ডষ্টক

* মেচ ৰেফাৰী : এণ্ডি পাইক্ৰফ্ট

অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা : বৃহস্পতিবাৰ, ১৬ নৱেম্বৰ, কলকাতা

* অন-ফিল্ড আম্পায়াৰ : ৰিচাৰ্ড কেটেলবৰো আৰু নীতিন মেনন

* তৃতীয় আম্পায়াৰ : ক্ৰিছ গাফানি

* চতুৰ্থ আম্পায়াৰ : মাইকেল গঘ

* মেচ ৰেফাৰী : জৱাগল শ্ৰীনাথ

লগতে পঢ়ক :World Cup semifinal: ছেমি ফাইনেলৰ চাপৰ সৈতে সহজেই মোকাবিলা কৰিব পাৰিব ভাৰতে; ৰাহুল দ্ৰাবিড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.