ETV Bharat / sports

World Cup semifinal: ছেমি ফাইনেলৰ চাপৰ সৈতে সহজেই মোকাবিলা কৰিব পাৰিব ভাৰতে; ৰাহুল দ্ৰাবিড়

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 5:29 PM IST

Icc world cup 2023
World Cup semifinal

গ্ৰুপ পৰ্যায়ৰ সকলো খেলতে জয়লাভ কৰি ভাৰতীয় দলটোৱে 2023 চনৰ বিশ্বকাপত সবাতোকৈ সফল দল হৈ আছে । এতিয়া 15 নৱেম্বৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব ভাৰতে । ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আশাবাদী যে ভাৰতীয় দলে ছেমি ফাইনেলৰ চাপ সহজে চম্ভালিব পাৰিব ।

স্প’ৰ্টছ ডেস্ক, 13 নৱেম্বৰ: চলিত বিশ্বকাপৰ অন্তিমখন লীগ মেচত দেওবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ভাৰতীয় ক্ৰিকেট দলে ৷ বৰ্তমানলৈকে বিশ্বকাপৰ এই যাত্ৰাত বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন মেন ইন ব্লুৱে ৷ এতিয়া আৰম্ভ হ’ব বিশ্বকাপৰ নক্ আউট পৰ্যায় ৷ ছেমি ফাইনেলত নিউজীলেণ্ডৰ মুখামুখি হ’ব ভাৰত ৷

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয় যে বিশ্বকাপ ছেমি ফাইনেলত চাপৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় দল আশ্বস্ত হৈছে ৷ বিশ্বকাপ 2023 ত বৰ্তমানলৈকে সবাতোকৈ সফল দল হিচাপে পৰিগণিত হৈছে ভাৰত ৷ কিয়নো ভাৰতে বৰ্তমানলৈকে এখনো খেলত পৰাজিত হোৱা নাই ৷ কিন্তু এতিয়া অনুৰাগীৰ হৃদস্পন্দন বাঢ়ি গৈছে ৷ কাৰণ ছেমি ফাইনেলত ভাৰতৰ সমুখত আছে নিউজীলেণ্ড ৷ এই যুঁজ কঠিন হ’ব বুলি ধাৰণা কৰা হৈছে ৷

2019 ৰ বিশ্বকাপলৈ যদি উভতি চোৱা যায়, তেন্তে ভাৰতীয় খেলুৱৈৰ মনত চাপ বৃদ্ধি পোৱাতো স্বাভাৱিক বুলি ক’ব পাৰি ৷ কিয়নো 2019 ৰ বিশ্বকাপৰ ছেমি ফাইনেলতো ভাৰত মুখামুখি হৈছিল নিউজীলেণ্ড আৰু ভাৰতক পৰাজিত কৰি ইংলেণ্ডৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হৈছিল কিৱি বাহিনী ৷ এইবাৰ পুনৰ বিশ্বকাপৰ ছেমিফানেলত মুখামুখি হ’ব ভাৰত-নিউজীলেণ্ড ৷ আগৰ খেল কেইখনত সুন্দৰ প্ৰদৰ্শন কৰিলেও কিন্তু টীম ইণ্ডিয়াৰ ওপৰত এতিয়া চাপ থাকিব ৷ কাৰণ এইখন হ’ব নক্ আউট মেচ ৷ অৱশ্যে দলটোৰ মুখ্য প্ৰশিক্ষক দ্ৰাবিড় আশাবাদী যে দলটোৱে ছেমি ফাইনেলত চাপ নিয়ন্ত্ৰণত ৰাখি সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব ৷

দ্ৰাবিড়ে কয়, ‘‘আমি জানো যে এইখন এখন অতি গুৰুত্বপূৰ্ণ নক্ আউট মেচ ৷ আমি এই কথা স্বীকাৰ কৰিব লাগিব যে খেলখনত কিছু চাপ থাকিব ৷ কিন্তু মই অনুভৱ কৰোঁ যে যিদৰে আমি বৰ্তমানলৈকে খেল প্ৰদৰ্শন কৰিছোঁ, সেয়াই আমাক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিব আৰু দলৰ দৃষ্টিকোণ তথা প্ৰস্তুতিৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই ৷’’

দ্ৰাবিড়ে শ্ৰেয়স আয়াৰৰ উন্নত প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰে ৷ তেওঁ কয় যে আয়াৰ মিডল অৰ্ডাৰৰ মেৰুদণ্ড আৰু আমি সকলোৱে জানো যে যোৱা ১০ বছৰ ধৰি চতুৰ্থ স্থানত এজন ভাল বেটছমেন বিচাৰি পোৱাটো আমাৰ বাবে কিমান কঠিন হৈ পৰিছিল ।

লগতে পঢ়ক: ICC Cricket World Cup 2023 : 'ৰোহিত বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ব্যতিক্ৰমী বেটছমেন'-ৱাছিম আক্ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.