ETV Bharat / sports

Virat Kohli breaks Tendulkar's record: বিৰাটৰ অভিলেখক অসাধাৰণ আখ্যা প্ৰাক্তন ভাৰতীয় অধিনায়ক গাংগুলীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 9:54 PM IST

তাৰকা বেটছমেন তথা ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ৱাংখেড়ে ষ্টেডিয়ামত চলি থকা আই চি চি ক্ৰিকেট বিশ্বকাপৰ নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন ছেমি ফাইনেলত ৫০ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে । তেণ্ডুলকাৰৰ এদিনীয়া ৪৯ টা এদিনীয় শতকৰ অভিলেখ ভংগ কৰে কোহলীয়ে । কোহলীৰ এই অসাধাৰণ কৃতিত্বৰ সাক্ষী হৈছিল বিচিচিআইৰ সচিব জয় শ্বাহৰ লগতে খোদ তেণ্ডুলকাৰো । ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কোহলীৰ এই অভিলেখৰ বাবে প্ৰশংসা কৰে ।

Sourav Ganguly hails Virat Kohli
Virat Kohli breaks Tendulkar's record

স্প’ৰ্টছ ডেস্ক, 15 নৱেম্বৰ: বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি এদিনীয়াত ৫০টা শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হোৱাৰ পিছত ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা তেণ্ডুলকাৰৰ একালৰ সতীৰ্থ অপেনাৰ সৌৰভ গাংগুলীয়ে কোহলীৰ প্ৰশংসা কৰে ।

বুধবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ আই চি চি বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত এদিনীয়া ক্ৰিকেটত নিজৰ আদৰ্শ শচীনৰ ৪৯ টা শতকৰ মাইলৰ খুঁটি অতিক্ৰম কৰিলে কোহলীয়ে । ১১৩টা বলত কোহলীয়ে ১১৭ ৰান সংগ্ৰহ কৰি বিশ্বকাপৰ প্ৰথমটো ছেমি ফাইনেলত ৰানৰ পাহাৰ গঢ়ে ।

বুধবাৰে সাংবাদিকৰ আগত গাংগুলীয়ে কয়, "এয়া অসাধাৰণ ! পঞ্চাশটা শতক, ই অসাধাৰণ । এই অভিলেখ ভংগ কৰাটো আনৰ বাবে কঠিন হ'ব । তথাপিও কোহলীয়ে খেল এৰি যোৱা নাই । এই কথা মনত ৰখা উচিত ।"

১৫ বছৰ পূৰ্বে ভাৰতৰ হৈ অভিষেক ঘটা বিৰাট কোহলীয়ে । সেইসময়ত ভাৰতীয় দলৰ সদস্যসকলে নৱাগত খেলুৱৈজনক তেণ্ডুলকাৰৰ সন্মুখত প্ৰণাম কৰিবলৈ বাধ্য কৰি প্ৰেংক কৰিছিল । বুধবাৰে ইনিংছ বিৰতিৰ সময়ত মাষ্টাৰ ব্লাষ্টাৰে নিজেই এই কথা উল্লেখ কৰিছিল ।

"সেইদিনা তেওঁলোকে সকলোৱে বিৰাট কোহলীক শচীনক প্ৰণাম কৰিবলৈ কৈছিল । তেওঁলোকে কৈছিল তেওঁৰ ভৰি চুই থাকিব লাগে, আপোনাৰ ক্ৰিকেট জীৱন জিলিকি উঠিব । আজি সেই ল'ৰাটোৱে মোৰ এদিনীয়া কৃতিত্বক অতিক্ৰম কৰিলে । সঁচাকৈয়ে বিশ্বাস কৰিব নোৱাৰা ।" তেণ্ডুলকাৰে কয় ।

এদিনীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০ সংখ্যক শতক সংগ্ৰহ কৰাৰ পিছত অতি সোনকালেই তেণ্ডুলকাৰক প্ৰশংসা কৰি কোহলীয়ে এই সন্মান ঘূৰাই আনে । ভাৰতৰ প্ৰদৰ্শন সন্দৰ্ভত গাংগুলীয়ে কয়, ‘‘ভাৰতে ভাল খেলি আছে । শ্ৰেয়াসে (আইয়েৰ)ও শতক অৰ্জন কৰে । ছেমি ফাইনেলত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰি ভাৰতে বিশ্ব খিতাপৰ এখোজ ওচৰ চাপিব ৷’’

ছেমি ফাইনেলখন ২২ গজৰ ষ্ট্ৰিপত অনুষ্ঠিত হৈছে য’ত ভাৰতে লীগ মেচত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিছিল । ৱাংখেড়েত পিটচ বিতৰ্কৰ বিষয়ে সোধাত গাংগুলীয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকে ।

“এই বিষয়ে মই নাজানো । গতিকে মই মন্তব্য কৰা উচিত নহয় । কিন্তু পিটচ যথেষ্ট ভাল । দুয়োটা দলে একেখন খেলপথাৰতে খেলি আছে ।’’ বংগৰ প্ৰাক্তন চাউথপ’গৰাকীয়ে এইদৰে কয় ।

ভাৰতৰ আধিপত্যশীল প্ৰদৰ্শনকো প্ৰশংসা কৰে বিচিচিআইৰ প্ৰাক্তন সভাপতিগৰাকীয়ে । “মহান প্ৰতিভাৱান দল । সকলোৱে ভাল খেলি আছে । ৰোহিত শৰ্মা, বিৰাট কোহলী, শুভমন গিল, আৰু শ্ৰেয়াস আয়াৰ সকলোৱে উজ্জ্বল খেল প্ৰদৰ্শন কৰিছে । বলাৰ, বেটছমেন, স্পিনাৰ সকলোৱে ভাল খেলি আছে ।’’ গাংগুলীয়ে লগতে কয় ।

১৯ নৱেম্বৰত ট্ৰফী লাভ কৰিবনে ৰোহিত শৰ্মাই ? গাংগুলী আছিল ক’ব খোজা নাছিল । "নাজানো, চাওঁ ।" ২০০৩ চনৰ দলতকৈ এই দলটো ভাল নেকি বুলি সোধাত তুলনা কৰিবলৈ ইচ্ছুক নহয় বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: Virat Kohli reaches 50 ODI hundred: তেণ্ডুলকাৰৰ পৰা সামন্থালৈকে বিভিন্নজনৰ প্ৰশংসা বিৰাট কোহলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.