ETV Bharat / sports

ৰঞ্জী ট্ৰফীত ৰিয়ান পৰাগৰ উজ্জীৱিত প্ৰদৰ্শন; ছত্তীশগড়ৰ বিৰুদ্ধে ৮৬ টা বলত ১৫৫ ৰাণৰ ইনিংছ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 3:46 PM IST

ৰঞ্জী ট্ৰফীত ৰিয়ান পৰাগৰ উজ্জীৱিত প্ৰদৰ্শন
ৰঞ্জী ট্ৰফীত ৰিয়ান পৰাগৰ উজ্জীৱিত প্ৰদৰ্শন

Riyan Parag Ranji Century : ৰঞ্জী ট্ৰফীৰ মেচখনত অসমৰ অধিনায়ক ৰিয়ান পৰাগে মাৰমুখী ইনিংছ খেলি শতক অৰ্জন কৰে । মেচখনৰ তৃতীয় দিনৰ খেলৰ শেষলৈকে পৰাগে ৪০ টা বলত ৮২ ৰাণত অপৰাজিত আছিল । তাৰ পৰা খেল আৰম্ভ কৰি সোমবাৰে তেওঁ শতক সম্পূৰ্ণ কৰে ।

স্পৰ্টছ ডেস্ক, ৮ জানুৱাৰী : শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা অসম-ছত্তীশগড় ৰঞ্জী ট্ৰফীৰ মেচত এজনৰ পিছত আন এজন খেলুৱৈয়ে দৰ্শনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে । চেতেশ্বৰ পূজাৰাৰ চিত্তাকৰ্ষক দ্বিশতকৰ পিছত ৰিয়ান পৰাগেও এক সুন্দৰ শতক অৰ্জন কৰে আৰু নিজৰ দলটোক সন্মানজনক স্থিতিত উপনীত কৰায় । ৰিয়ান পৰাগে দ্বিতীয় ইনিংছত ৮৭ টা বলত ১৭৮.১৬ ষ্ট্ৰাইক ৰেটেৰে ১৫৫ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ ইনিংছটো 11 টা চাৰি আৰু 12 টা ছয়েৰে সজায় ।

  • One of the craziest innings in Ranji Trophy 🔥

    Riyan Parag played a captain's knock, scoring 155 runs off 86 balls with 11 fours and 12 sixes, after Chhattisgarh enforced the follow-on.

    📷: Jio Cinema pic.twitter.com/hUTRcCwXea

    — CricTracker (@Cricketracker) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

ৰঞ্জী মেচখনত প্ৰথমে বেটিং কৰি অসমৰ প্ৰথম ইনিংছত ১০ টা উইকেটৰ বিনিময়ত ১৫৯ ৰাণতে থমকি ৰয় । অসমৰ প্ৰথম ইনিংছৰ স্ক'ৰৰ প্ৰত্যুত্তৰত ছত্তীশগড়ে প্ৰথম ইনিংছত ৩২৭ ৰাণ সংগ্ৰহ কৰে । আনহাতে, দ্বিতীয় ইনিংছত অসমে অধিনায়ক ৰিয়ান পৰাগৰ শতকৰ সহায়ত ২৫৪ ৰাণ সংগ্ৰহ কৰি ছত্তীশগড়ক ৮৭ ৰাণৰ বিজয় লক্ষ্য প্ৰদান কৰে । বৰ্তমান ছত্তীশগড়ক জয়ৰ বাবে অন্তিম দিনটোত ৮৭ ৰাণৰ প্ৰয়োজন ।

উল্লেখ্য যে ২২ বছৰীয়া ৰিয়ান পৰাগে এইবাৰ ৰঞ্জী ট্ৰফী ছিজনৰ প্ৰথমখন মেচত ৫৬ বলৰ এক মাৰমুখী শতক অৰ্জন কৰে । ছত্তীশগড়ৰ অধিনায়ক অমনদীপ খাৰেয়ে অসম ফল'-অন কৰোৱাৰ পিছত ৰিয়ান পৰাগে দ্বিতীয় ইনিংছত দলক ফল'-অনৰ পৰা বচায় ।

এক কথাত ক'বলৈ গ'লে ৰিয়ানে অসম দলক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি বিপদৰ পৰা উদ্ধাৰ কৰে । আনহাতে, অসম দলৰ দ্বিতীয় সৰ্বাধিক স্ক'ৰ আহে ৰাহুল হাজৰিকাৰ বেটৰ পৰা (39) । অসম দলৰ বেটিং ক্ৰম তাচপাতৰ দৰে খহি পৰাৰ সময়ত ৰিয়ানৰ এই দৃঢ়তাপূৰ্ণ তথা মাৰমুখী ইনিংছটো আহে । যাৰ ফলত দলটোৱে দ্বিতীয় ইনিংছত ২৫৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ছত্তীশগড়ক পুনৰ বেটিং কৰিবলৈ বাধ্য কৰায় ।

লগতে পঢ়ক নিৰ্বাচনত বৃহৎ জয়, তাৰ পূৰ্বে বিতৰ্কত ছাকিব আল হাছান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.