ETV Bharat / international

নিৰ্বাচনত বৃহৎ জয়, তাৰ পূৰ্বে বিতৰ্কত ছাকিব আল হাছান

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 2:15 PM IST

Shakib Al Hasan: বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ১ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী ছাকিব আল হাছান । জয়ৰ পূৰ্বে সামাজিক মাধ্যমত বিতৰ্কৰ মাজত সোমাই পৰিল ছাকিব । অনুৰাগীক চৰ মাৰি সমালোচনাৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী ।

Shakib Al Hasan
বিতৰ্কত ছাকিব আল হাছান

ইণ্টাৰনেশ্যনেল ডেস্ক,৮ জানুৱাৰী : ক্ৰিকেটৰ খেলপথাৰত প্ৰায়ে বিতৰ্কত থাকে বাংলাদেশৰ প্ৰাক্তন অধিনায়ক ছাকিব আল হাছান । কেতিয়াবা যদি আম্পায়াৰৰ সৈতে তৰ্ক কৰে কেতিয়াবা আকৌ ষ্টাম্পত লথিয়াই বিতৰ্কৰ মাজত সোমাই পৰে বাংলাদেশৰ ক্ৰিকেটাৰগৰাকী । বছৰৰ আৰম্ভণিতে পুনৰ বিতৰ্কত সোমাই পৰিছে ক্ৰিকেটাৰগৰাকী । পিছে এইবাৰ খেলপথাৰত নহয় । শেহতীয়াভাৱে হৈ যোৱা সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ছাকিব আল হাছানে এগৰাকী অনুৰাগীক চৰ মাৰি বিতৰ্কৰ সৃষ্টি কৰিছে । ছাকিব আল হাছানে অনুৰাগীগৰাকীক আক্ৰমণ কৰা ভিডিঅ' সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ভিডিঅ'টোত দেখা গৈছে যে ছাকিব আল হাছানে ভিৰৰ মাজত সোমাই পৰিছিল । তেতিয়া এগৰাকী অনুৰাগীক ছাকিবৰ পিছফালে দেখা গৈছে, যিয়ে তেওঁক ঠেলি আছিল । তেতিয়াই ছাকিবে অসন্তুষ্টি প্ৰকাশ কৰি অনুৰাগীজনক চৰ মাৰি দিয়ে ।

জানিব পৰা মতে ঘটনাটো নিৰ্বাচনৰ দিনা এটা ভোটকেন্দ্ৰত সংঘটিত হৈছিল য'ত ছাকিবে ভোট দিবলৈ গৈছিল । ভিডিঅ'টো সম্পৰ্কে এতিয়ালৈ ছাকিবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । কিন্তু ভিডিঅ'টোত স্পষ্ট যে মানুহৰ ভিৰৰ বাবে অসুবিধাত পৰিছিল ছাকিব আল হাছান ।

দুদিন পূৰ্বেও এটা ভাইৰেল ভিডিঅ'ত ছাকিবক অনুৰাগীসকলৰ সৈতে ছেলফি তোলাৰ বাবে অপ্ৰস্তুত দেখা গৈছিল । মঞ্চত বহি থকা ছাকিবক অনুৰাগীসকলে ছেলফি তোলাৰ বাবে অনুৰোধ জনাইছিল । কিন্তু সেই সময়ত তেওঁৰ মুখত উৎসাহৰ অভাৱ দেখা গৈছিল ।

উল্লেখ্য যে ছাকিব আল হাছানে এইবাৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । আৱামী লীগ দলৰ হৈ মাগুৰা-১ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বৰ্তমান এদিনীয়া দলৰ অধিনায়ক বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ ছাকিব আল হাছানে ১,৮৫,৩৮৮ টা ভোটত জয়ী হোৱাৰ খবৰ পোৱা গৈছে । জয়ী হোৱাৰ পূৰ্বে অনুৰাগীক আক্ৰমণ কৰা ভাইৰেল ভিডিঅ'টোৰ পিচত তেওঁৰ কেনে প্ৰতিক্ৰিয়া হয় সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :পঞ্চমবাৰৰ বাবে শাসনৰ গাদীত শ্বেখ হাছিনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.