ETV Bharat / sports

Riyan Parag on Criticism : ভাল হওক বা বেয়া, সময় পাৰ হৈ যায়; সমালোচকলৈ বাৰ্তা ৰিয়ান পৰাগৰ

author img

By

Published : May 6, 2023, 5:19 PM IST

Riyan Parag on Criticism
Riyan Parag on Criticism

চলিত আইপিএলত দুৰ্বল ফৰ্ম অব্যাহত আছে ৰাজস্থান ৰয়েলছৰ বেটাৰ ৰিয়ান পৰাগৰ । যাৰ বাবে সমালোচকৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী । শুকুৰবাৰে গুজৰাটৰ বিপক্ষে শোচনীয়ভাৱে পৰাজয়বৰণ কৰা ৰাজস্থানৰ মেচখনতো পুনৰ ব্যৰ্থ হয় ৰিয়ান । ইয়াৰ পিছতে তেওঁৰ সমালোচক অনুৰাগীসকলৰ বাবে এক বাৰ্তা দিছে ৰিয়ান পৰাগে (Riyan Parag shares message to criticism) ।

স্পৰ্টছ ডেস্ক, ৬ মে' : নিজৰ বেয়া দিন অব্যাহত আছে ৰিয়ান পৰাগৰ । চলিত আইপিএলত ৰাজস্থান ৰয়েলছৰ বেটাৰ ৰিয়ান পৰাগৰ শোচনীয় প্ৰদৰ্শনে আশাহত কৰিছে তেওঁৰ সমৰ্থকসকলক (Rajasthan Royals batter Riyan Parag) । নিজৰ প্ৰদৰ্শন আৰু বেটিং ব্যৰ্থতাৰ বাবে সমালোকৰো আক্ৰমণৰ সন্মুখীন হৈছে ৰিয়ান পৰাগ । এইবাৰ তেওঁৰ দুৰ্বল প্ৰদৰ্শন সন্দৰ্ভত এক বাৰ্তা আগবঢ়াইছে প্ৰতিভাৱান ক্ৰিকেটাৰজনে (Riyan Parag shares message to criticism) । উল্লেখ্য যে ৰিয়ান পৰাগে প্ৰয়োজনত নিজৰ দলক পুনৰ এবাৰ বেটেৰে প্ৰভাৱিত কৰাত ব্যৰ্থ হয় । শুকুৰবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে তেওঁৰ ইনিংছ পুনৰবাৰ মাত্ৰ ৪(৬) ৰাণতে সীমাবদ্ধ থাকে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (Indian Premier League, IPL 2023) 2023-ত তেওঁৰ নিম্ন স্ক'ৰিং প্ৰদৰ্শনৰ বাবে ৰিয়ান ইতিমধ্যে সমালোচনাৰ সন্মুখীন হৈছে ।

উল্লেখ্য, শুকুৰবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে তেওঁৰ প্ৰদৰ্শনৰ বাবে পুনৰ এবাৰ আক্ৰমণৰ সন্মুখীন হয় (Riyan Parag on Criticism) । আনহাতে, ৰিয়ানে অনুৰাগীসকলৰ পৰা সন্মুখীন হোৱা শেহতীয়া সমালোচনাৰ উত্তৰত এক আবেগিক বাৰ্তা শ্বেয়াৰ কৰিছে । ৰিয়ানে তেওঁৰ টুইটত লিখিছে, "ৱাক্ত আচ্চা হো য়া বুৰা, গুজৰ হি জাতা হে ।" অৰ্থাৎ ভাল হওক বা বেয়া, সময় পাৰ হৈ যায় ।

উল্লেখ্য যে ৰিয়ান পৰাগ হৈছে বিভিন্ন সময়ত ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰৰ মেৰুদণ্ড হিচাপে কাম কৰি অহা খেলুৱৈসকলৰ মাজৰ এজন । কিন্তু শেহতীয়াভাৱে তেওঁৰ বেটিঙৰ দুৰ্বল ফৰ্মৰ অন্ত পৰা নাই । ৰিয়ানে ২০১৯ চনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাজস্থানৰ হৈ এংকৰৰ ভূমিকা পালন কৰিছিল । দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰিয়ানে । কিন্তু এইবাৰ তেওঁ তেনে কৰাত এতিয়ালৈকে ব্যৰ্থ হৈছে (Riyan Parag criticized for his form) ।

উল্লেখ্য, শুকুৰবাৰৰ মেচখনত বেটিং কৰাৰ সিদ্ধান্ত লৈ আৰম্ভণিতে বেকফুটলৈ গুচি যায় ৰাজস্থান । কিয়নো আৰম্ভণিতেই প্ৰাৰম্ভিক উইকেট হেৰুৱাই এক প্ৰকাৰ শ'লঠেকত পৰে আৰআৰ । ইনিংছৰ দ্বিতীয় অ'ভাৰত গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বলত আউট হয় ৰাজস্থানৰ মূল ভৰসা জছ বাটলাৰ । জছ বাটলাৰে ছয়টা বলত মাত্ৰ আঠ ৰাণ সংগ্ৰহ কৰে । ইতিমধ্যে প্ৰাৰম্ভিক উইকেট হেৰুৱাই বেকফুটলৈ যোৱা ৰাজস্থানে কম সময়ৰ ভিতৰতে হেৰুৱায় ফৰ্মৰ তুংগত থকা যশস্বী জয়ছোৱালক । দুৰ্ভাগ্যজনকভাৱে জয়ছোৱাল ৰাণ আউট হোৱাৰ পিছত আৰআৰে আন এক মোক্ষম আঘাত পায় । জয়ছোৱালে ১১ টা বলত ১৪ ৰাণ সংগ্ৰহ কৰে (GT beats RR in IPL 2023) ।

পাৱাৰ প্লে'ৰ শেষত আৰআৰে দুটা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই 50 ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছতে যোছোৱা লিটিলে ছেমছনৰ উইকেট দখল কৰে । ৰাজস্থানৰ অধিনায়কজনে ২০ টা বলত ৩০ ৰাণ সংগ্ৰহ কৰে । অষ্টম অ'ভাৰত ৰছিদ খানে ৬ টা বলত ২ ৰাণ কৰি বেটিং কৰি থকা আৰ অশ্বিনৰ উইকেট দখল কৰে । একেদৰে দেৱদত্ত পাডিক্কালে পুনৰ এবাৰ নিৰাশ কৰে ৰাজস্থানৰ সমৰ্থকক । তেওঁ নুৰ আহমদৰ বলত ক্ৰিজ এৰে ।

আনহাতে, চতুৰ্দশ অ'ভাৰত নুৰে পুনৰ ৰাজস্থানৰ শিবিৰত আঘাত হানি সুন্দৰ ফৰ্মত থকা ধ্ৰুৱ জুৰেলক পেভিলিয়নৰ ৰাস্তা দেখুৱায় । তেওঁ ৮ টা বলত ৯ ৰাণ কৰি আউট হয় । ৰাজস্থানৰ বেটাৰসকলৰ ক্ৰিজ আৰু পেভিলিয়নৰ সমদল চলি থকাৰ সময়তে ছিমৰন হেটমেয়াৰ ১৫ নম্বৰ অ'ভাৰত ৰছিদ খানৰ স্পিনৰ যাদুৰ চিকাৰ হয় । তেওঁ ১৩ টা বলত মাত্ৰ ৭ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে তাৰ মাজতে আৰআৰে 15 অ'ভাৰত 100 ৰাণৰ সীমা অতিক্ৰম কৰে । ইয়াৰ পিছত জিটিৰ বিধ্বংসী বলিং আক্ৰমণত যোগ দিয়ে মহম্মদ ছামীয়ে । ছামীয়ে ট্ৰেণ্ট ব'ল্টক ১১ টা বলত ১৫ ৰাণত পেভিলিয়নৰ ৰাস্তা দেখুৱায় ।

অভিনৱ মনোহৰৰ দ্বাৰা ৰাণ আউট হোৱাৰ পিছত আডাম জাম্পা ডাগআউটলৈ উভতি যোৱাৰ পিছত আৰআৰে 17.5 অ'ভাৰতে সৰ্বনিম্ন স্ক'ৰত নিজৰ ইনিংছ সামৰিবলৈ বাধ্য হয় । উল্লেখ্য যে শুকুৰবাৰৰ মেচখনত জিটি বেটছমেনসকলে প্ৰথম বলটোৰ পৰাই তেওঁলোকৰ আক্ৰমণাত্মক অভিপ্ৰায় স্পষ্ট কৰি দিয়ে । ৰাজস্থানে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য মাত্ৰ ১০ অ'ভাৰৰ ভিতৰতে অনায়াসে অনুসৰণ কৰি পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হয় গুজৰাট টাইটানছ ।

লগতে পঢ়ক :GT vs RR match: ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 9 উইকেটত সহজ জয় গুজৰাট টাইটানছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.