ETV Bharat / sports

GT vs RR match: ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 9 উইকেটত সহজ জয় গুজৰাট টাইটানছৰ

author img

By

Published : May 5, 2023, 8:05 PM IST

Updated : May 6, 2023, 12:02 AM IST

আই পি এল 2023 ৰ 48 সংখ্যক মেচত মুখামুখি হৈছে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ ৷ ৰাজস্থানৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ গুজৰাটৰ (GT vs RR match report) ৷

GT vs RR match
GT vs RR match

নিউজ ডেস্ক, 5 মে’: শুকুৰবাৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ 48 সংখ্যক মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হয় গুজৰাট টাইটানছ ৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে সহজ জয় গুজৰাট টাইটানছৰ ৷ 13.5 অভাৰতে 1 টা উইকেট হেৰুৱাই ৰাজস্থানে বান্ধি দিয়া 119 ৰাণৰ লক্ষ্যত উপনীত হয় গুজৰাট দল ৷ 41 ৰাণ কৰি অপেনাৰ ঋদ্ধিমান সাহা নট আউট হৈ থকাৰ বিপৰীতে 15 টা বলত 39 ৰাণ কৰি অপৰাজিত হৈ ৰয় অধিনায়ক হাৰ্দিক পাণ্ডিয়া ৷ শুভমন গিলে 36 ৰাণৰ বৰঙণি যোগায় ৷

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে 17.5 অভাৰত 118 ৰাণত অল আউট হয় ৷ যশস্বী জয়ছোৱালে 14, ছেমচনে 30, পাড়িক্কলে 12 আৰু ব’ল্টে 15 ৰাণ কৰাৰ বাহিৰে বাকী সকল খেলুৱৈয়ে দহকৰ ঘৰত ৰাণ কৰিবলৈ সক্ষম নহয় ৷ ফলত 118 ৰাণত অল আউট হয় ৰাজস্থান ৷

স্বাভাৱিকতেই এইখন এখন হাই প্ৰফাইল খেল ৷ ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি গুজৰাট টাইটানছৰ বিৰুদ্ধে বেটিং কৰাৰ সিদ্ধান্ত লয় । সঞ্জু চেমছন নেতৃত্বাধীন আৰ আৰ বৰ্তমান আই পি এল ২০২৩ৰ পইণ্ট তালিকাত খেলা ৯ খন মেচত ১০ পইণ্ট লাভ কৰি চতুৰ্থ স্থানত আছে । পইণ্ট তালিকাত হাৰ্দিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে ৯খন খেলত ১২ পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে (IPL GT vs RR match) ।

"আমি প্ৰথমে বেটিং কৰিব বিচাৰিম। এই পিটচখন বুজিবলৈ অলপ কঠিন । কেইটামান অভাৰ বেটিং কৰি পিছত বুজি পাওঁ । আমি খেলা ক্ৰিকেটৰ মানদণ্ড সঁচাকৈয়ে ভাল । আমি প্ৰেপৰ সৈতে জয়ছোৱালৰ পৰা ভাল প্ৰদৰ্শন আশা কৰিছোঁ ।" ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছৰ সময়ত এইদৰে কয় (RR vs GT match live news)।

গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই কয় যে, দলটোৰ কোনো পৰিৱৰ্তন হোৱা নাই । "আমিও প্ৰথমে বেটিং কৰিব বিচাৰিছিলোঁ । যদি ঘৰুৱা অধিনায়কে কি বাছি ল'ব নাজানে, তেন্তে মই ভাবিলোঁ যে, হয়তো বলিং কৰি কি হয় চাব । তেওঁলোক এটা শক্তিশালী, ধাৰাবাহিক দল । আমি আমাৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন কৰিব লাগিব ।’’(IPL 2023 live updates)

ৰাজস্থান ৰয়েলছ (প্লেয়িং একাদশ): যশস্বী জয়ছৱাল, জোছ বাটলাৰ, সঞ্জু চেমছন(w/c), দেৱদত্ত পাড়িক্কাল, শ্বিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব’ল্ট, এডাম জাম্পা, সন্দীপ শৰ্মা আৰু যুজবেন্দ্ৰ চাহাল ।

ৰাজস্থান ৰয়েলছৰ অতিৰিক্ত প্লেয়াৰ : মুৰুগান অশ্বিন, জো ৰুট, ৰিয়ান পৰাগ, কুলদীপ যাদৱ আৰু কে এম আছিফ ।

গুজৰাট টাইটানছ (প্লেয়িং একাদশ): ঋদ্ধিমান সাহা(w), হাৰ্দিক পাণ্ডিয়া(গ), বিজয় শংকৰ, ডেভিদ মিলাৰ, অভিনৱ মনোহৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, মোহিত শৰ্মা, নূৰ আহমদ, মহম্মদ শ্বামী আৰু জোছুয়া লিটল।

গুজৰাট টাইটানছৰ অতিৰিক্ত খেলুৱৈ : শুভমান গিল, সাই সুধৰচন, শ্ৰীকৰ ভাৰত, শিৱম মাভি আৰু ৰবিশ্ৰীনিবাসন সাই কিশোৰ।

Last Updated :May 6, 2023, 12:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.