ETV Bharat / sports

SRH vs PBKS Live Score: SRH ৰ হাতত 8 উইকেটত পৰাস্ত PKBS

author img

By

Published : Apr 9, 2023, 9:01 PM IST

Updated : Apr 9, 2023, 11:08 PM IST

SRH vs PBKS Live Score
SRH vs PBKS Live

IPL 2023 ৰ এখন খেলত SRH ৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন PBKS ৰ ৷ SRH ৰ শক্তিশালী বলিঙে PBKS ৰ বেটছমেনক দিশহাৰা কৰে (SRH vs PBKS Live Score) ৷ SRH ৰ হাতত 8 উইকেটত পৰাস্ত হয় PKBS ৷

নিউজ ডেস্ক, 9 এপ্ৰিল: আই পি এলৰ আন এখন খেলত পঞ্জাব কিংছক 8 উইকেটত পৰাস্ত কৰে ছান ৰাইজাৰ্ছ হায়দৰাবাদে ৷ টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত SRH ৰ ৷ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হয় খেলখন ৷ SRH ৰ ৰাহুল ত্ৰিপাঠীৰ অপৰাজিত 74 ৰাণ আৰু এডিয়েন মাৰ্ক্ৰামৰ 37 ৰাণৰ সহায়ত দলটোৱে জয় লাভ কৰে (Punjab Kings vs SunRisers Hyderabad) ৷

প্ৰথমে বেটিং কৰা পঞ্জাৱ দল বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়৷ 78 ৰাণতে দৱটোৱে হেৰুৱাইছে 8 টাকৈ উইকেট হেৰুওৱাৰ পাচত শিখৰ ধৱনৰ অনবদ্য 99 ৰাণৰ সহায়ত 144 ৰাণৰ টাৰ্গেট দিয়ে PKBS দলে ৷ খেলৰ প্ৰথম অভাৰত ভূৱনেশ্বৰ কুমাৰৰ প্ৰথমটো বলতে ব’ল্ড হয় প্ৰভসীমৰণ সিং ৷ 1.2 অভাৰত মেথিউ শ্বৰ্টো পেভিলিয়ন মুখী হয় ৷ শিখৰ ধৱনে দলৰ স্ক’ৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰি আছে যদিও বাকীসকল খেলুৱৈসকলৰ বেটিং প্ৰদৰ্শন যথেষ্ট হতাশজনক দেখা গৈছে ৷ জিতেশ শৰ্মা, শিকন্দৰ, শ্বাহৰুখ, হৰপ্ৰীট, ৰাহুল চহৰৰ প্ৰদৰ্শন অতিকৈ শোচনীয় ৷ ছেম কুৰাণো 22 ৰাণ কৰি পেভিলিয়নলৈ ওভতে (IPL 2023 SRH Vs PBKS match) ৷

PBKS ৰ আজিৰ খেলত দুৰ্বল প্ৰদৰ্শনৰ বিপৰীতে SRH ৰ বলাৰৰ ফৰ্ম ঘূৰি অহা দেখা গৈছে ৷ ভূৱনেশ্বৰ কুমাৰে 1 টা, জান্সেনে 2 টা, মায়ংক মাৰ্কাণ্ডেয়ে 4 টা আৰু উমৰাণ মালিকে 2 টাকৈ উইকেট দখল কৰে ৷ SRH ৰ বলাৰে আজি PBKS ৰ শিবিৰত মোক্ষম আঘাত হনা পৰিলক্ষিত হয় ৷

খেলুৱৈ সকল-

SRH: মায়ংক আগৰৱাল, হেৰী ব্ৰুক, ৰাহুল ত্ৰিপাঠী, আইডেন মাৰ্ক্ৰাম (C), হাইনৰিচ ক্লাচেন (Wk), ৱাশ্বিংটন সুন্দৰ, মাৰ্কো জান্সেন, ভুৱনেশ্বৰ কুমাৰ, মায়ংক মাৰ্কাণ্ডে, উমৰাণ মালিক, টি নটৰাজন

PBKS: শিখৰ ধৱন (C), প্ৰভসীমৰণ সিং, মেথিউ শ্বৰ্ট, জিতেশ শৰ্মা (Wk), শ্বাহৰুখ খান, ছেম কুৰাণ, নাথন এলিছ, মোহিত ৰাথী, হৰপ্ৰীত ব্ৰাৰ, ৰাহুল চহৰ, অৰ্শদীপ সিং

লগতে পঢ়ক: GT vs KKR live score : ছিক্সাৰৰ ধুমুহা নমাই KKR ক জয়ৰ সোৱাদ দিলে ৰিংকু সিঙে; অথলে গ’ল ৰছিদ খানৰ হেইট্ৰিক

Last Updated :Apr 9, 2023, 11:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.