ETV Bharat / sports

IPL KKR vs SRH: ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 5 ৰাণত জয়ী কলকাতা নাইট ৰাইডাৰ্ছ

author img

By

Published : May 4, 2023, 8:15 PM IST

Updated : May 5, 2023, 12:31 AM IST

IPL KKR vs SRH
KKR opt to bat against SRH

আই পি এলৰ বৃহস্পতিবাৰৰ খেলখনত ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 5 ৰাণত জয়লাভ কৰে কলকাতা নাইট ৰাইডাৰ্ছে (KKR opt to bat against SRH) ৷

নিউজ ডেস্ক, 4 ডিচেম্বৰ: আই পি এলৰ বৃহস্পতিবাৰৰ খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে 5 ৰাণত পৰাস্ত কৰে ছান ৰাইজাৰ্ছ হায়দৰাবাদক ৷ প্ৰথমে বেটিং কৰি কলকাতা নাইট ৰাইডাৰ্ছে 172 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ছান ৰাইজাৰ্ছ হায়দৰাবাদক ৷ কিন্তু 20 অভাৰত 8 উইকেট হেৰুৱাই 166 ৰাণ কৰিবলৈ সক্ষম হয় হায়দৰাবাদে (KKR beats SRH) ৷

172 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰি আৰম্ভ কৰা হায়দৰাবাদে 54 ৰাণতে হেৰুৱাই 4 টাকৈ উইকেট ৷ অধিনায়ক মাৰ্ক্ৰামে 41, হেইনৰিচে 36, ছামাদে 21 ৰাণ কৰে যদিও জয়ী হ’বলৈ সক্ষম নহয় দলটো ৷

ইয়াৰ পূৰ্বে বেটিং কৰি কলকাতা নাইট ৰাইডাৰ্ছ দলে অধিনায়ক নীতিশ ৰাণা আৰু ৰিংকু সিঙৰ সুন্দৰ বেটিঙৰ সহায়ত 9 টা উকেট হেৰুৱাই 171 ৰাণ সংগ্ৰহ কৰে ৷ আন্দ্ৰে ৰাছেলে 24 ৰাণৰ বৰঙণি যোগায় ৷ বৰ্তমান কলকাতা পইন্ট তালিকাৰ অষ্টম স্থানত থকাৰ বিপৰীতে নৱম স্থানত আছে হায়দৰাবাদ (IPL 2023 SRH vs KKR) ৷

নীতিশ ৰাণা: আমি প্ৰথমে বেটিং কৰিম । ক্ৰীজখন ভাল যেন লাগিছে ৷ আশাকৰোঁ আমি ভাল স্ক’ৰ পোষ্ট কৰিম আৰু তাৰ পিচত তেওঁলোকক বাধা দিম ৷ আমি বেছি আগলৈ চিন্তা কৰা নাই, মাত্ৰ গেম-বাই-গেম ল’ব লাগিব ৷ কেইবাখনো খেলত আমাৰ খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছে, কিন্তু এতিয়া তেওঁলোক ঘূৰি আহিছে । আমি ইমপেক্ট নিয়মৰ বাবে অতিৰিক্ত বেটছমেনক খেলিবলৈ দিছোঁ ৷ সেই ১০-১৫ অতিৰিক্ত ৰান পোৱাৰ প্ৰয়োজন । দলত দুটা পৰিৱৰ্তন আছে ৷ ডেভিড উইজৰ ঠাইত পুনৰ জেছন ৰয়ক আৰু জগদীশনৰ ঠাইত বৈভৱ অৰোৰাক অন্তৰ্ভুক্ত কৰা হৈছে (SRH vs KKR match updates) ৷

আইডেন মাৰ্ক্ৰাম: আমিও প্ৰথমে বেটিং কৰিলেহেঁতেন, আমি এটা শক্তিশালী ৰাণৰ লক্ষ্য দিয়াৰ চেষ্টা কৰিম । আমি ধাৰাবাহিকভাৱে ভাল ক্ৰিকেট প্ৰদৰ্শন কৰিব লাগিব আৰু এই খেলখন এটা সুযোগ, ইতিবাচক ফলাফলৰ বাবে আগ্ৰহী । বেটিং উন্নত হোৱাৰ প্ৰয়োজন, বলিং অসাধাৰণ হৈছে ৷ কিন্তু আমি বেটিঙত ভাল প্ৰদৰ্শন কৰিব পৰা নাই । কাৰ্তিক ত্যাগীক দলত অন্তৰ্ভুক্ত কৰা হৈছে । আঘাতৰ বাবে তেওঁ আঁতৰি আছিল (IPL 2023 live updates) ৷

কলকাতা নাইট ৰাইডাৰ্ছ : ৰহমানুল্লাহ গুৰবাজ (w), জেছন ৰয়, ভেংকটেশ আয়েৰ, নীতিশ ৰানা (c), আন্দ্ৰে ৰাছেল, ৰিংকু সিং, সুনীল নাৰিনে, শ্বাৰদুল ঠাকুৰ, বৈভৱ অৰোৰা, হৰ্ষিত ৰানা, বৰুণ চক্ৰবৰ্তী ।

কলকাতা নাইট ৰাইডাৰ্ছৰ অতিৰিক্ত খেলুৱৈ : সুয়াশ শৰ্মা, অনুকুল ৰয়, এন জগদীশন, লকি ফাৰ্গুচন, কুলৱন্ত খেজৰোলিয়া ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ: মায়ংক আগৰৱাল, অভিষেক শৰ্মা, আইডেন মাৰ্ক্ৰাম (C), হাইনৰিচ ক্লাচেন (w), হেৰী ব্ৰুক, আব্দুল ছামাদ, মাৰ্কো জান্সেন, মায়ংক মাৰ্কাণ্ডে, ভুৱনেশ্বৰ কুমাৰ, কাৰ্তিক ত্যাগী, টি নটৰাজন ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অতিৰিক্ত খেলুৱৈ : ৰাহুল ত্ৰিপাঠী, বিভ্ৰান্ত শৰ্মা, গ্লেন ফিলিপছ, নীতিশ ৰেড্ডী, সনবীৰ সিং

লগতে পঢ়ক: PBKS vs MI match: পঞ্জাবৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ মুম্বাইৰ

Last Updated :May 5, 2023, 12:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.