ETV Bharat / sports

PBKS vs MI match: পঞ্জাবৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ মুম্বাইৰ

author img

By

Published : May 3, 2023, 8:37 PM IST

Updated : May 4, 2023, 1:01 AM IST

PBKS vs MI match report
PBKS vs MI match

আই পি এলৰ বুধবাৰৰ মেচখনত মুখামুখি হয় পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ ৷ পঞ্জাবক 6 উইকেটত পাৰ্সত কৰে মুম্বাই দলে (PBKS vs MI match report) ৷

নিউজ ডেস্ক, 3 মে’: এখন তীব্ৰ উত্তেজনাপূৰ্ণ মেচ উপভোগ কৰিলে আই পি এলৰ অনুৰাগীসকলে ৷ পঞ্জাৱৰ বিৰুদ্ধে দৰ্শনীয় জয় মুম্বাই ইণ্ডিয়ানছৰ ৷ পঞ্জাবে জয়ৰ বাবে 215 ৰাণৰ লক্ষ্য বান্ধি দিছিল মুম্বাইক ৷ 18.5 অভাৰত 6 উইকেটত জয়লাভ কৰে মুম্বাই ইণ্ডিয়ানছে (Punjab Kings vs Mumbai Indians) ৷

215 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা মুম্বাই দলে প্ৰথম ভাৰতে হেৰুৱাই অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট ৷ কিন্তু ঈশান কিষাণ আৰু সূৰ্যকুমাৰ যাদৱ আছিল মুম্বাইৰ বিজয়ৰ মূল শক্তি ৷ 41 টা বলত ঈশানে 75 ৰাণ কৰাৰ বিপৰীতে 31 টা বলত 66 ৰাণ কৰি সূৰ্যকুমাৰ যাদৱ দলৰ জয়ৰ ক্ষেত্ৰত অতিগুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হয় ৷ কেমেৰণ গ্ৰীণ, টিম ডেভিড আৰু তিলক বাৰ্মাৰ প্ৰদৰ্শনো আছিল সন্তোষজনক ৷ 16.1 অভাৰত বেটিং কৰিবলৈ আহি বাৰ্মাই 10 টা বলত 26 ৰাণ কৰি দলক জয়ৰ সোৱাদ দিয়ে (PBKS vs MI match) ৷

ইয়াৰ পূৰ্বে বেটিং কৰি পঞ্জাৱ দলে নিৰ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই 214 ৰাণ সংগ্ৰহ কৰে ৷ 13 ৰাণতে প্ৰথমটো উইকেট হেৰুওৱাৰ পাচত ধাৱনৰ 30, শ্বৰ্টৰ 27, লিভিংষ্টনৰ অপৰাজিত 82 আৰু জিতেশ শৰ্মাৰ অপৰাজিত 49 ৰাণৰ সহায়ত পঞ্জাৱ 214 ৰাণত উপনীত হয় ৷ কিন্তু পৰাজয় বৰণ কৰিবলগীয়া হয় পঞ্জাৱে (PBKS vs MI match report) ৷

মুম্বাই ইণ্ডিয়ানছ (প্লেয়িং ইলেভেন): ৰোহিত শৰ্মা(c), ঈশান কিষাণ(w), কেমেৰুন গ্ৰীণ, তিলক বৰ্মা, টিম ডেভিদ, নেহাল ৱাধেৰা, জোফ্ৰা আৰ্চাৰ, পীয়ুষ চাওলা, কুমাৰ কাৰ্তিকেয়া, আকাশ মাধৱাল, আৰ্শাদ খান

মুম্বাই ইণ্ডিয়ানছৰ ইমপেক্ট চাবচ্টিটিউট: সূৰ্যকুমাৰ যাদৱ, ডেৱাল্ড ব্ৰেভিছ, বিষ্ণু বিনোদ, ৰমনদীপ সিং, ট্ৰিষ্টান ষ্টবচ

পাঞ্জাৱ কিংছ (প্লেয়িং ইলেভেন): প্ৰভচিমৰণ সিং, শিখৰ ধাৱান(C), মেথিউ শ্বৰ্ট, লিয়াম লিভিংষ্টোন, জিতেশ শৰ্মা(w), ছেম কুৰান, শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, ঋষি ধাৱান, ৰাহুল চাহাৰ, অৰ্শদীপ সিং

পাঞ্জাৱ কিংছৰ ইমপেক্ট চাবচ্টিটিউট: নাথান এলিছ, সিকন্দৰ ৰাজা, অথৰ্ব তাইদ, মোহিত ৰাথী, শিৱম সিং

লগতে পঢ়ক: IPL 2023 CSK vs LSG: লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে প্ৰথমে বলিঙৰ সিদ্ধান্ত চেন্নাই ছুপাৰ কিংছৰ

Last Updated :May 4, 2023, 1:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.