ETV Bharat / sports

IPL 2023 RCB vs SRH: কোহলীৰ শতকেৰে বেংগালুৰুৰ জয়; আই পি এলৰ যাত্ৰা সমাপ্ত হায়দৰাবাদৰ

author img

By

Published : May 19, 2023, 12:49 AM IST

বৃহস্পতিবাৰে আই পি এলৰ এখন খেলত ছান ৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (IPL 2023 RCB vs SRH)।

IPL 2023 RCB vs SRH
IPL 2023 RCB vs SRH

নিউজ ডেস্ক, 18 মে: ঘৰুৱা ভূমিত পৰাজয়েৰে নিজৰ আই পি এল 2023 ৰ যাত্ৰা সামৰিলে ছান ৰাইজাৰ্ছ হায়দৰাবাদে । 14 পইন্টেৰে তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । আই পি এলৰ দৰ্শকে বৃহস্পতিবাৰে এখন আকৰ্ষণীয় খেল উপভোগ কৰা দেখা গল । যত দুয়োটা দলৰে দুগৰাকী বেটচমেনে শতক অৰ্জন কৰে (RCB beats SRH in IPL 2023)।

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত খেলখনত টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে । প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই ছান ৰাইজাৰ্ছ হায়দৰাবাদে 186 ৰাণ সংগ্ৰহ কৰে । ক্লাছেনে 51 টা বলত 8 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 104 ৰাণ সংগ্ৰহ কৰে (IPL RCB vs SRH match report)।

ইয়াৰ প্ৰত্যুত্তৰত অপেনাৰ কোহলীৰ শতক আৰু অধিনায়ক ফাফ ডু প্লেছিছৰ অৰ্ধশতকৰ সহায়ত 19.2 অভাৰত বিজয় সাব্যস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে । কোহলীয়ে 63 টা বলত 12 টা বাউণ্ডেৰী আৰু 4 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 100 ৰাণ সংগ্ৰহ কৰে । ডু প্লেছিছে 47 টা বলত 7 টা বাউণ্ডেৰী আৰু 2 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 71 ৰাণ সংগ্ৰহ কৰে (SRH Vs RCB match result) ।

হায়দৰবাদৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ কৰি মুঠ 14 পইন্টেৰে তালিকাৰ চতুৰ্থ স্থানত থাকে বেংগালুৰু । পৰৱৰ্তী খেলখনত গুজৰাট টাইটানছৰ মুখামুখি হব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB wins against SRH)।

ছান ৰাইজাৰ্ছ হায়দৰাবাদ প্লেয়িং একাদশ: অভিষেক শৰ্মা, ৰাহুল ত্ৰিপাঠী, আইডেন মাৰ্কৰাম (C), হাইনৰিচ ক্লাচেন (Wk), হেৰী ব্ৰুক, গ্লেন ফিলিপছ, আব্দুল ছামাদ, কাৰ্তিক ত্যাগী, মায়ংক ডাগাৰ, ভুৱনেশ্বৰ কুমাৰ, নীতিশ ৰেড্ডী

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু প্লেয়িং একাদশ: বিৰাট কোহলী, ফাফ ডু প্লেছিছ (C), গ্লেন মেক্সৱেল, মহিপাল লমৰ’ৰ, অনুজ ৰাৱাট (Wk), শ্বাহবাজ আহমেদ, মাইকেল ব্ৰেচৱেল, ৱেইন পাৰ্নেল, হৰ্শাল পেটেল, কৰ্ণ শৰ্মা, মহম্মদ চিৰাজ

লগতে পঢ়ক : IPL 2023 : দিল্লী কেপিটেলছৰ হাতত 15 ৰাণত পৰাস্ত পঞ্জাৱ কিংছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.