ETV Bharat / sports

কিউমিন আঁতৰি যোৱাৰ লগতে প্ৰথম দুৰ্ঘটনাৰ সন্মুখীন IPL 2021ৰ দ্বিতীয় পৰ্ব

author img

By

Published : Jun 5, 2021, 1:19 PM IST

IPL 2021's resumption suffers first casualty as Cummins pulls out
কিউমিন আঁতৰি যোৱাৰ লগে লগে প্ৰথম দুৰ্ঘটনাৰ সন্মুখীন IPL 2021ৰ দ্বিতীয় পৰ্ব

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ তৰফৰ পৰা আই পি এল(IPL)ৰ দ্বিতীয় পৰ্বৰ বাবে তেওঁলোকৰ খেলুৱৈ সকলৰ উপস্থিতি সন্দৰ্ভত এইপৰ্যন্ত কোনো মন্তব্য কৰা হোৱা নাই ৷ কাৰণ ইতিমধ্যেই ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বোৰ্ডে স্পষ্ট কৰি দিছে যে তেওঁলোকে আই পি এল (IPL)ৰ সমান্তৰালভাৱে চলিবলগা আন্তঃৰাষ্ট্ৰীয় খেলসমূহ বাদ নিদিয়ে ৷

স্পৰ্টচ ডেস্ক, 5 জুন : ইণ্ডিয়ান প্ৰিমিয়াৰ লিগ (IPL) 2012 চেপ্তেম্বৰত ইউ এ ই(UAE)ত পুনৰ আৰম্ভ হোৱাৰ পূৰ্বে এটি জোকাৰণি পায় যেতিয়া কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ পৰা অষ্ট্ৰেলিয়াৰ দ্ৰুত বলাৰ পেট কিউমিনছ আঁতৰি যোৱাৰ লগতে ফ্ৰেঞ্চাইজীৰ বিদেশী খেলুৱৈ সকলৰ উপলব্ধতা সন্দৰ্ভতো আটাইতকৈ বেয়া আশংকাসমূহ সত্য প্ৰমাণিত হ’বলৈ ধৰিছিল ৷

কিউমিনছে কে কে আৰৰ জ্যেষ্ঠ খেলুৱৈ দীনেশ কাৰ্তিকক জনাইছিল যে, তেওঁ শৃংখলাৰ দ্বিতীয় পৰ্বত অন্তৰ্ভূক্ত হ’ব নোৱাৰিব ৷ ফ্ৰেঞ্চাইজীৰ নেতৃত্বকাৰী ইংলেণ্ড দলৰ অধিনায়ক এৱইন মৰ্গেনৰ অনুপস্থিতিয়েও বিপদত পেলাব পাৰে কে কে আৰ (KKR) ক ৷

‘পেট কিউমিনছে কৈছে যে তেওঁ নিজে উভতি নাহে ৷ কিন্তু এৱইন মৰ্গেনৰ ক্ষেত্ৰত কথাটো সুকীয়া ৷ আই পি এল(IPL)ৰ দ্বিতীয় পৰ্ব আৰম্ভ হ’বলৈ এতিয়াও তিনিমাহ বাকী আছে ৷ এই সময়ছোৱাত বহু কথাই সলনি হ’ব পাৰে ৷ কিন্তু যদি মোক দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হয় তেন্তে মই ইয়াৰ বাবে প্ৰস্তুত ৷’- এক সাক্ষাৎকাৰত এই সন্তব্য কৰে দীনেশ কাৰ্তিকে ৷

আনহাতে, ক্ৰিকেট অষ্ট্ৰেলিয়াৰ তৰফৰ পৰাও দ্বিতীয় পৰ্বৰ বাবে তেওঁলোকৰ খেলুৱৈ সকলৰ উপস্থিতি সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য কৰা হোৱা নাই ৷ কাৰণ ইতিমধ্যেই ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বোৰ্ডে স্পষ্ট কৰি দিছে যে তেওঁলোকে আই পি এল(IPL)ৰ সমান্তৰালভাৱে চলিবলগা আন্তঃৰাষ্ট্ৰীয় খেলসমূহ বাদ নিদিয়ে ৷

উল্লেখ্য যে, আই পি এল (IPL) 2021ৰ বাকী থকা খেলসমূহ চেপ্টেম্বৰৰ মাজভাগত ইংলেণ্ড ভ্ৰমণৰ সৈতে আৰম্ভ হ’ব আৰু ই অক্টোবৰত আৰম্ভ হ’বলগীয়া টি 20 বিশ্বকাপ (T20 World Cup) পৰ্যন্ত চলিব ৷

লগতে পঢ়ক-30 টা বসন্ত গৰকিলে ইংলেণ্ডৰ দুৰ্দান্ত অল ৰাউণ্ডাৰ বেন ষ্টোকচে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.