ETV Bharat / sports

আই পি এল 2020 : দহ উইকেটত জয় লাভ মুম্বাই ইণ্ডিয়ানছৰ

author img

By

Published : Oct 23, 2020, 10:58 PM IST

ipl 2020
দহ উইকেটত জয় লাভ মুম্বাই ইণ্ডিয়ানছ

আই পি এলৰ আজিৰ খেলত সহজ জয় মুম্বাইৰ ৷ দহ উইকেটত পৰাস্ত চেন্নাই ৷

স্প’ৰ্টছ ডেস্ক, 23 অক্টোবৰ : আই পি এলৰ আজিৰ খেলত সহজ জয় মুম্বাই ইণ্ডিয়ানচৰ ৷ সংযুক্ত আৰৱ এমিৰেটচৰ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দহ উইকেটত চেন্নাইক পৰাস্ত কৰে মুম্বাই দলটোৱে ৷

ipl 2020
দহ উইকেটত জয় লাভ মুম্বাই ইণ্ডিয়ানছ

প্ৰথমে বেট ধৰি চেন্নাই চুপাৰ কিংছ বিপৰ্যয়ৰ সন্মুখীন হয় ৷ তিনি ৰাণতে 4 টা উইকেট হেৰুওৱা চেন্নাই দলটোৱে চেম কুৰাণৰ অৰ্ধশতকৰ দ্বাৰা 115 ৰাণৰ লক্ষ্য বান্ধি দিয়ে মুম্বাইক ৷ মুম্বাইৰ হৈ ট্ৰেন্ট ব’ল্টে 4 চাৰিটা উইকেট দখল কৰে ৷

দ্বিতীয় ইনিংছত বেটিং কৰি মুম্বাই দলটোৱে কোনো উইকেট নেহেৰুৱাকৈ 12.2 অভাৰত জয় লাভ কৰিবলৈ সংক্ষম হয় ৷ মুম্বাইৰ হৈ কুইন্টন ডি ক’কে 46 আৰু ঈশান কৃষাণে 68 ৰাণ সংগ্ৰহ কৰে ৷ বৰ্তমান পইন্ট তালিকাৰ শীৰ্ষত আছে মুম্বাই ৷

লগতে পঢ়ক : অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.