ETV Bharat / sports

শোচনীয় পৰাজয়ৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ এঅ'ইন মৰ্গেনৰ

author img

By

Published : Oct 22, 2020, 1:23 PM IST

শোচনীয় পৰাজয়ৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ ইঅইন মৰ্গেনৰ
শোচনীয় পৰাজয়ৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ ইঅইন মৰ্গেনৰ

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথমে বেটিং কৰা উচিত আছিল:এঅ'ইন মৰ্গেন। বুধবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত কলকাতা নাইট ৰাইডাৰ্ছ পৰাস্ত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এঅ'ইন মৰ্গেনে।

স্পৰ্টছ ডেস্ক, ২২ অক্টোবৰ: বুধবাৰে আই পি এলত শোচনীয় পৰাজয়ৰ পিছতে খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে কৰা ভুলৰ কথা স্বীকাৰ কৰিলে অধিনায়ক এঅ'ইন মৰ্গেনে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাস্ত হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ। টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল কলকাতা নাইট ৰাইডাৰ্ছে। ২০টা অ'ভাৰত ৮৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল দলটোৱে। মেন অৱ দ্য মেচ মহম্মদ চিৰাজৰ বিধ্বংসী বলিং স্পেলৰ সন্মুখত থৰকাছুটি হেৰাইছিল কলকাতা নাইট ৰাইডাৰ্ছৰ সুদক্ষ বেটছমেনৰো। অধিনায়াক মৰ্গেনে ৩৪টা বলত এটা ছিক্সাৰ, ৩টা বাউণ্ডেৰীৰে সৰ্বাধিক ৩০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

শোচনীয় পৰাজয়ৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ ইঅইন মৰ্গেনৰ
শোচনীয় পৰাজয়ৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ ইঅইন মৰ্গেনৰ

৮টা উইকেট লাভেৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বিজয়ী হয়। পৰাজয়ৰ পিছতে নিজৰ ভুল উপলব্ধি কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কগৰাকীয়ে কয় যে, 'পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথমে বেটিং কৰা উচিত আছিল। খেলৰ প্ৰথম সময়চোৱাতে ৪-৫ টা উইকেট হেৰুওৱাৰ পিছত আমি বিচৰা ধৰণে খেলখনত জয়ী হোৱাটো কঠিন আছিল। টুৰ্ণামেণ্টৰ পৰিস্থিতিলৈ চাই প্ৰতিটো দলৰ বিৰুদ্ধে সৰ্বশ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰাতো আৱশ্যক হ'ব।'

লগতে পঢ়ক:ৰাইচুৰ ফেক্টৰীত ৰাসায়নিক গেছ নিৰ্গমনত প্ৰাণ হেৰুৱালে এজনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.